শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কাজিৰঙাত উদ্ধাৰ ৬টাকৈ বনৰীয়া ম’হৰ মৃতদেহ…

এক ডাঙৰ ঘটনা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ কেইবাটাও ম'হৰ মৃতদেহ। ইতিমধ্যে বন বিষয়াই ম'হকেইটাৰ মৃতেদহ উদ্ধাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

কাজিৰঙাত উদ্ধাৰ ৬টাকৈ বনৰীয়া ম’হৰ মৃতদেহ…
কাজিৰঙা
barasha-sarma
Barasha Sarma | Published: 01 Aug 2025 13:31 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মৰ্মান্তিক ঘটনা। কাজিৰঙা বনাঞ্চলত বজ্ৰপাতত ৬ টা বনৰীয়া ম’হৰ মৃত্যু হোৱাৰ তথ্য আহি পৰিছে ৷ এই ঘটনা সংঘৰ্টিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাজিৰঙা বনাঞ্চলৰ ম’না বিলত ৷ আজি পুৱাৰ ভাগত উদ্যানখনত কৰ্মৰত পহৰাদাৰী বনকৰ্মীৰ দলে কাজিৰঙা বনাঞ্চলৰ ম’না বিলৰ পানীত একেলগে ৬ টাকৈ ম’হ মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ৷

লগে লগে সেই স্থানৰ পৰা ম’হ কেইটা উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰা হয়। ঘটনাৰ পাছত আজি পুৱাতেই পুব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশৰ নেতৃত্বত যোৱা চাৰিজনীয়া পশু চিকিৎসকৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। তাৰ পাছতে মৃত ম’হকেইটাৰ মৰোনোত্তৰ পৰীক্ষা কৰে ৷ ঘটনাস্থলীত কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক ডা৹ ভাস্কৰ চৌধুৰী, ডা৹ মোহিত নিউল, বন বিভাগৰ পশু চিকিৎসক ডা৹ সৌৰভ বৰগোঁহাই, কঁহৰাৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডা৹ বিশ্বজিত বৰুৱা আৰু বিভাগীয় পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়ক অভিজিত ছেত্ৰীয়ে বনকৰ্মীৰ সহযোগত মৃত ম’হ কেইটাৰ মৰোনোত্তৰ পৰীক্ষা কৰে ৷

ঘটনাস্থলীৰ স্থান, পৰিবেশ অধ্যয়ন আৰু মৰোনোত্তৰ পৰীক্ষাৰ শেষত চিকিৎসকৰ দল আৰু ডি এফ অ’ অৰুণ বিঘ্নেশে বজ্ৰপাতৰ ফলতেই ম’হ কেইটাৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে ৷ অৱশ্যে ঘটনাৰ কাৰণ নিশ্চিত কৰাৰ বাবেই মৃত ম’হ কেইটাৰ শৰীৰৰ নমুনা সংগ্ৰহ কৰিছে পশু চিকিৎসকৰ দলটোয়ে ৷ পৰৱৰ্তী সময়ত এই সংগৃহীত নমুনা পৰীক্ষাৰ বাবে গৱেষণাগাৰলৈ প্ৰেৰণ কৰিব বুলি ডি এফ অ’ অৰুণ বিঘ্নেশে জনাইছে ৷ গতিকে পৰৱৰ্তী সময়ত জানিব পৰা যাব যে কেনেকৈ মৃত্যু হ’ল ম’হ কেইটাৰ।

 

 

অন্য খবৰ পঢ়কঃ প্ৰথমে পত্নীৰ কৰিলে ধৰ্মান্তৰকৰণ! দুবাৰকৈ বিয়া পতা ছফিকুৰৰ জালত পুনৰ হিন্দু যুৱতী…