Bhupen Hazarika: ভূপেন হাজৰিকাঃ অসমীয়াৰ গৌৰৱ আৰু স্বাভিমান! জন্মৰ পৰা মৃত্যুলৈ এক দীঘলীয়া জীৱন গাঁথা…
Bhupen Hazarika: অসমীয়াৰ হিয়াৰ আমঠু ড০ ভূপেন হাজৰিকা। অসমীয়াৰ গৌৰৱ এইগৰাকী মহান ব্যক্তিয়ে শিল্প তথা সাহিত্য জগতলৈ অতুলনীয় অৱদান আগবঢ়াই গৈছে। যাৰ বাবে মৃত্যুৰ পাছতো অমৰ হৈ ৰৈছে সুধাকণ্ঠ।

অসমৰ গৌৰৱ বুলি ক’লে হয়তো সকলোৰে মনত এটা নাম আহে, সেই নামটো অসমীয়াৰ হিয়াৰ আমঠু ‘ড০ ভূপেন হাজৰিকা’। কেৱল অসমৰে নহয়, সমগ্ৰ দেশৰ গৌৰৱ তেওঁ। মৃত্যুৰ ইমান বছৰ পাছতো তেওঁ যেন আজিও আমাৰ মাজত জীয়াই আছে। হাজৰিকাৰ প্ৰতিটো গান, প্ৰতিটো সুৰত আজিও আছে অসমীয়াৰ গৌৰৱ, মানুহৰ জীয়া কাহিনী। তেওঁৰ প্ৰতিটো গীততেই যেন পোৱা যায় অসম তথা অসমীয়াৰ প্ৰতি ভালপোৱা, মানুহৰ প্ৰতি অগাধ প্ৰেম।
কেৱল অসমীয়াতে যে তেওঁৰ আধিপত্য আছিল তেনে নহয়। বাংলা, হিন্দী, ইংৰাজী আদি ভাষাতো তেওঁৰ সংগীতে শ্ৰোতাৰ হৃদয় জিনিছিল। এইগৰাকী মহান ব্যক্তি তথা অসম পুত্ৰই সেইবাবে অসমীয়া জাতিটোক গৌৰৱান্বিত কৰি ৰাখিছে আৰু ভৱিষ্যতেও কৰি যাব। তেওঁ আছিল একেধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, ছবি পৰিচালক আদি। তেওঁ গানেৰেই অসমীয়াক সকিয়াই দিছিল ভৱিষ্যতৰ বাবে, গানেৰেই কৰিছিল প্ৰতিবাদ। এইগৰাকী মহান ব্যক্তিৰ বিষয়ে জনাটো প্ৰতিগৰাকী অসমীয়াৰ এক কৰ্তব্যৰ দৰে হৈ পৰে। গতিকে ড০ ভূপেন হাজৰিকা সম্পৰ্কে তলত সবিশেষ উল্লেখ কৰা হ’ল-
জন্ম আৰু শৈশৱ
ড০ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন গাঁৱৰ এটা সম্ভ্ৰান্ত কৈৱৰ্ত্ত পৰিয়ালত। তেওঁৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ। নীলকান্ত হাজৰিকাৰ ঘৰ নাজিৰাত আছিল যদিও চাকৰিসূত্ৰে বিভিন্ন ঠাইত ঘূৰি ফুৰিবলগীয়া হৈছিল। পৰিয়ালৰ ১০ টা সন্তানৰ ভিতৰত ভূপেন হাজৰিকা আছিল ডাঙৰ। মাক দেউতাকে ভূপেন হাজৰিকাৰ নামটো ভূপেন্দ্ৰ হাজৰিকা বুলি ৰাখিছিল। কিন্তু ঘৰত সকলোৱে তেওঁ ‘ডাঙৰ মাইনা’ বুলি মাতিছিল।
কোৱা হয়, সৰুতে ঘৰৰ পৰাই তেওঁ সংগীতৰ সান্নিধ্য লাভ কৰিছিল। হাজৰিকাই ধুবুৰী, গুৱাহাটী, তেজপুৰত স্কুলীয়া শিক্ষা লাভ কৰিছিল। হাজৰিকাই ১৯৪২ চনত কটন মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমেডিয়েট (কলা বিভাগ), ১৯৪৪ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ লগতে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰিছিল।
বিষ্ণু-জ্যোতিৰ সান্নিধ্য
সপ্তম শ্ৰেণীত পঢ়ি থাকোতে হাজৰিকাই বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালাৰ সান্নিধ্য লাভ কৰিছিল। কোৱা হয়, এবাৰ বিষ্ণু প্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁলোকৰ ঘৰলৈ আহি হাজৰিকাক কলকাতালৈ লৈ যোৱা প্ৰস্তাৱ আগবঢ়াইছিল। দেউতাকৰ সন্মতি লাভ কৰাৰ পাছতে তেওঁ কলকাতালৈ গৈছিল। ইয়াৰ পাছত ভূপেন হাজৰিকাক জয়মতী কুঁৱৰী আৰু শোণিত কুঁৱৰীৰ নাৰী-কণ্ঠৰ গীতবোৰ গাবলৈ দিয়া হৈছিল। কাৰণ তেওঁৰ মাতটো সৰু আছিল।
তাৰ পাছত বিষ্ণ-জ্যোতিয়ে হাজৰিকাৰ দ্বাৰা ‘কাষতে কলচী লৈ’, ‘উলাহেৰে নাচি বাগি হ’লি বিয়াকুল’, ‘বিশ্ববিজয়ী ন-জোৱান’ আদি গীত ৰেকৰ্ড কৰাইছিল।
কৰ্মজীৱন
হাজৰিকাই বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। গুৱাহাটী অনাতৰ কেন্দ্ৰৰ লগতো তেওঁ জড়িত আছিল।। আনকি ১৯৬৭ চনৰ পৰা ১৯৭২ চনলৈ তেওঁ অসম বিধান সভাৰ সদস্য আছিল। নাওবৈছা সমষ্টিৰ পৰা বিধায়ক আছিল তেওঁ। ইয়াৰ লগতে তেওঁ বিভিন্ন দিশত কাম কৰিছিল।
পল ৰ’বচনে কৰিছিল প্ৰভাৱিত
আমেৰিকাত থকাৰ সময়ত হাজৰিকাই পল ৰ’বচনক লুকাই লুকাই লগ কৰিব গৈছিল। যাৰ বাবে বহুতে তেওঁক কমিউনিষ্ট বুলি ধৰি লৈছিল। এই কাণ্ডৰ বাবে আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিজয়লক্ষ্মী পণ্ডিতে হাজৰিকাক সকীয়নি বাণীও দিছিল। কিন্তু এই পল ৰ’বচনে হাজৰিকাক বহু প্ৰভাৱিত কৰিছিল। সেয়ে তেওঁ কৈছিল- “তেওঁৰ গীতে বিদ্যুৎ প্ৰবাহৰ দৰে ছুই গ’ল। বিজুলী সঞ্চাৰেৰে সহস্ৰ ৰাইজ যেন উদ্বুদ্ধ হ’ল বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ। তেওঁ গোৱা গীতে আমাক এক নতুন সংগীত জগতৰ বতৰা দিলে। … তেওঁক দেখি বিষ্ণু ককাইদেউক লগ পোৱা যেন লাগিছিল। একলব্যৰ দৰে দূৰৈৰপৰা তেওঁৰ ধুমুহা-সদৃশ ব্যক্তিত্বক সন্মান জনাই লাহে লাহে ওচৰ চাপিছিলোঁ।”
হাজৰিকাৰ ‘আমি একেখন নাৱৰে যাত্ৰী’ গীতটি পল ৰ’বচনৰ ‘We are in the same boat brother’ গীতটোৰ অনুবাদ। ইয়াৰ লগতে পল ৰ’বচনৰ ‘Old man river‘ গীতটিৰ অনুবাদ ‘বিস্তীৰ্ণ পাৰৰে’।
দাম্পত্য জীৱন
হাজৰিকাই ১৯৫০ চনত প্ৰিয়ম্বদা পেটেলক বিয়া কৰাইছিল। তেওঁলোকৰ এটি সন্তান আছিল তেজ হাজৰিকা। কিন্তু ১৯৬৩ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। ইয়াৰ পাছতে হাজৰিকাৰ নাম মৃত্যুৰ সময়লৈকে কল্পনা লাজমীৰ সৈতে সাঙোৰ খাইছিল। জীৱনৰ শেষ সময়চোৱাত কল্পনা লাজমীয়েই ভূপেন হাজৰিকাৰ যতন লৈছিল।
লাজমীয়ে ২০১৮ চনৰ ৩০ অক্টোবৰত সুনন্দা শ্যামল মিত্ৰৰ সহযোগত লিখি উলিয়াইছিল ‘ভূপেন হাজৰিকা: এজ আই নিউ হিম’ (Bhupen Hazarika: As I Knew Him) । য’ত উল্লেখ আছে যে, কেনেকৈ লাজমীয়ে মাত্ৰ ১৭ বছৰ বয়সত হাজৰিকাক লগ পাইছিল। সেই সময়ত হাজৰিকাৰ বয়স আছিল ৪৫ বছৰ।
অৱদান
শিল্প তথা সাহিত্য জগতলৈ হাজৰিকাৰ অৱদানৰ কথা লিখি শেষ কৰা টান। হাজৰিকাই সৰুতে লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা আদিৰ সান্নিধ্য লাভ কৰিছিল। ১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী ছবিত গীত গাই নেপথ্য গায়ক হিচাপে জনপ্ৰিয়তা লাভ কৰিছিল। তাৰ পাছৰ পৰা মৃত্যুৰ সময়লৈকে হাজৰিকাৰ যাত্ৰা নিৰন্তৰ আছিল। ভূপেন হাজৰিকাই নিজে ৰচনা কৰা আৰু কণ্ঠদান কৰা গীতসমূহক ভূপেন্দ্ৰ সংগীত বুলি কোৱা হয়। ইয়াৰোপৰি তেওঁক দিয়া হৈছিল ‘সুধাকণ্ঠ’ উপাধি।
হাজৰিকাই ছবি পৰিচালনাও কৰিছিল। তেওঁ পৰিচালনা কৰা প্ৰথমখন ছবি আছিল এৰা বাটৰ সুৰ। ইয়াৰ লগতে আন ছবিসমূহ হৈছে শকুন্তলা (১৯৬১), প্ৰতিধ্বনি (১৯৬৪), লটিঘটি (১৯৬৬), চিকমিক বিজুলী (১৯৬৯), ছিৰাজ (১৯৮৮), চামেলী মেম চাহাব আদি।
হাজৰিকাই অসমীয়াৰ উপৰি হিন্দী, বাংলা, ইংৰাজী আদি ভাষাত গীত গাইছিল। তেওঁ ৰচনা কৰি যোৱা গীতবোৰে আজিও যেন মানুহক অনুপ্ৰাণিত কৰে।
তেওঁ শিল্প তথা সাহিত্য জগতলৈ আগবঢ়াই যোৱা অৱদানৰ বাবে ৰাষ্ট্ৰপতি পদক, ৰজত কমল বঁটা, পদ্মশ্ৰী, দাদা চাহেব ফাল্কে বঁটা, পদ্মভূষণ, লতামংগেশকাৰ বঁটা,অসম সাহিত্য সভাৰ সাহিত্যচাৰ্য সন্মান, অসম ৰত্ন আদি বিভিন্ন বঁটা লাভ কৰিছিল। ইয়াৰ লগতে ২০১৯ চনত তেওঁ মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰিছিল।
ভূপেন হাজৰিকাই বহু গীত ৰচনা কৰি বা কণ্ঠদান গৈছে। তাৰ ভিতৰত- মানুহে মানুহৰ বাবে, বুক হম হম কৰে, অসম আমাৰ ৰূপহী, মহাবাহু ব্ৰহ্মপুত্ৰ, মই এটি যাযাবৰ, আকাশী গংগা, ৰ’দ পুৱাব কাৰণে আদি। এনেকৈ দেশ তথা শিল্প-সাহিত্য জগতলৈ অতুলনীয় অৱদান আগবঢ়াই হাজৰিকাই ২০১১ চনৰ ৫ নৱেম্বৰত মৃত্যুৱ সাৱতি লৈছিল।
অন্য খবৰ পঢ়কঃ Teacher’s day 2025 speech: ছাত্ৰ-ছাত্ৰীৰ বাবে ‘শিক্ষক দিৱস’ৰ চমু ভাষণ আৰু ৰচনা…