শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কোন অৰ্চিতা ফুকন ? নেট নাগৰিকে গুগলত বিচাৰি ফুৰিছে অৰ্চিতাৰ চৰ্চিত তথ্য

গুগল,ফেচবুক, ইনষ্টাগ্ৰাম ক’তো বাকী নাই। এইগৰাকী অৰ্চিতা ফুকনক বিচাৰি উলিয়াবলৈ আচৰিত ধৰণৰ কীৱৰ্ড ব্যৱহাৰ কৰিছে ব্যৱহাৰকাৰীয়ে। কোন এইগৰাকী অৰ্চিতা ফুকন?

কোন অৰ্চিতা ফুকন ? নেট নাগৰিকে গুগলত বিচাৰি ফুৰিছে অৰ্চিতাৰ চৰ্চিত তথ্য
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 04 Jul 2025 20:34 PM

সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে অৰ্চিতা ফুকন নামৰ এগৰাকী যুৱতীয়ে। হাজাৰ হাজাৰ সামাজিক মাধ্যম ব্য়ৱহাৰকাৰীয়ে বিচাৰিছে অৰ্চিতা ফুকনক। গুগল,ফেচবুক, ইনষ্টাগ্ৰাম ক’তো বাকী নাই। তদুপৰি এইগৰাকী অৰ্চিতা ফুকনক বিচাৰি উলিয়াবলৈ আচৰিত ধৰণৰ কীৱৰ্ড ব্যৱহাৰ কৰিছে ব্যৱহাৰকাৰীয়ে। বিশেষকৈ ইনষ্টাগ্ৰামত অৰ্চিতা ফুকনক সৰ্বাধিক চাৰ্চ কৰিছে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীয়ে। কোন এইগৰাকী অৰ্চিতা ফুকন?

এটা কথা স্পষ্ট হৈছে যে, হঠাতে ভাইৰেল হোৱা এগৰাকী অসমীয়া নামৰ জীয়ৰীৰ বিষয়ে জানিবলৈ অধিক আগ্ৰহী নেটিজেন। এৰাতিৰ ভিতৰতে ভাইৰেল হৈ পৰা অৰ্চিতা ফুকনক সৰ্বাধিক নেটিজেনে কি বুলি চাৰ্চ কৰিছে জানেনে? জানিলে আচৰিত হ’ব! চাৰ্চ ইঞ্জিন প্লেটফৰ্মসমূহ “অৰ্চিতা ভিডিঅ’ ভাইৰেল অৰিজিনেল”, “বেবী ডল আৰ্চি ভাইৰেল ভিডিঅ’”, “আৰ্চিতা ভিডিঅ’ ভাইৰেল লিংক,” আৰু বহুতো কীৱৰ্ডেৰে উপচি পৰিছে।

অৰ্চিতা ফুকন কিহৰ বাবে এৰাতিৰ ভিতৰতে এই ট্ৰেণ্ডিঙত আহিল সেয়া এতিয়াও নিশ্চিত নহয়। নেটিজেনসকলে অৰ্চিতা ফুকনৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী । “অৰ্চিতা ফুকন ৱিকিপিডিয়া”, “অৰ্চিতা ফুকন কৌন হেয়,” আৰু “অৰ্চিতা ফুকন বায়গ্ৰাফি” আদি কীৱৰ্ডে ট্ৰেণ্ড লাভ কৰিছে।

গুগল ট্ৰেণ্ডছৰ তথ্য অনুসৰি, অসমৰ বেছি সংখ্যক লোকেই এইগৰাকী অৰ্চিতাক সৰ্বাধিক চাৰ্চ কৰিছে। এই অঞ্চলৰ গুগল ট্ৰেণ্ডছৰ শীৰ্ষত আছে অৰ্চিতা ফুকন। কোৱা হৈছে যে, অৰ্চিতাৰ ভাইৰেল ভিডিঅ’ চাৰ্চ কৰা লোকৰ সংখ্যা সৰ্বাধিক।

বৰ্তমান এগৰাকী অৰ্চিতা ফুকন ছ’চিয়েল মিডিয়াৰ ইনফ্লুয়েন্সাৰ হিচাপে পৰিচিত। আচলতে তেওঁক অসমৰ জিয়ৰী বুলি কোৱা হৈছে যদিও তেওঁৰ নিশ্চিত পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। তদুপৰি তেওঁ বৰ্তমান আমেৰিকা নিবাসী বুলি চৰ্চা লাভ কৰিছে।