Republic day: গণৰাজ্য দিৱসত অসমৰ কোন মন্ত্ৰীয়ে ক’ত পতাকা উৰুৱাব?
দেশবাসীয়ে গৌৰৱেৰে ৭৭ সংখ্যক গণৰাজ্য দিৱস পালন কৰিব। ইফালে, অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী, স্বায়ত্তশাসিত পৰিষদ সমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে কোন জিলাত পতাকা উৰুৱাব সেয়া ইতিমধ্যে ধাৰ্য কৰা হৈছে।
২৬ জানুৱাৰীত দেশবাসীয়ে গৌৰৱেৰে ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব। গণৰাজ্য দিৱস উপলক্ষে পতাকা উৰুৱাবলৈ কেবিনেট মন্ত্ৰীসকলক ভাগে ভাগে দায়িত্ব দিয়া হৈছে। বহুকেইগৰাকী কেবিনেট মন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰিব গণৰাজ্যৰ দিৱসৰ পতাকা উত্তোলন।
অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী, স্বায়ত্তশাসিত পৰিষদ সমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে কোন জিলাত পতাকা উৰুৱাব সেয়া ইতিমধ্যে ধাৰ্য কৰা হৈছে । মুখ্যমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত আয়োজন কৰা গণৰাজ্য দিৱসৰ অনুষ্ঠানত পতাকা উৰুৱাব ।
ঠিক সেইদৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজালীত, অতুল বৰাই যোৰহাট, কেশৱ মহন্তই তিনিচুকীয়া, উৰ্খাও গৌৰা ব্ৰহ্মই চিৰাং, চন্দ্ৰমোহৰ পাটোৱাৰীয়ে কামৰূপ, ৰণোজ পেগুৱে ধেমাজি, অশোক সিংহলে শোণিতপুৰ, যোগেন মহনে মাহমৰা, অজন্তা নেওগে গোলাঘাট, পীযুষ হাজৰিকাই জাগীৰোড, বিমল বৰাই টিংখাং, নন্দিতা গাৰ্লোচাই নগাওঁ, জয়ন্তমল্ল বৰুৱাই নলবাৰীত, প্ৰশান্ত ফুকনে নৰ্থ লখিমপুৰ, কৌশিক ৰায়ে শিলচৰ, কৃষ্ণেন্দু পালে শ্ৰীভূমি, ৰূপেশ গোৱালাই ডুমডুমাত, চৰণ বড়ো বঙাইগাওঁত, তুলিৰাম ৰংহাং ডিফুত, হাগ্ৰামা মহিলাৰী কোকৰাঝাৰ, ৰিহন দৈমাৰী ওডালগুৰি, দেৱলাল গাৰ্লোচা হাফলং, টংকেশ্বৰ ৰাভা দুধনৈ আৰু নোমল মমিনে শিৱসাগৰত পতাকা উৰুৱাব।