শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Assam Top9: আজিৰ দিনটোত ক’ত কি ঘটিল? পলকতে পঢ়ক শীৰ্ষ খবৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ সহযোগী মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈৰ। তেওঁ দাবী কৰে যে ৰাজ্যত চলি থকা ছিণ্ডিকেট নেটৱৰ্কৰ নেতৃত্ব দিছে পীযুষ হাজৰিকাই। ইয়াৰ লগতে আজিৰ দিনটোত দেশ আৰু ৰাজ্যত কি কি ঘটিল চাও আহক...

Assam Top9: আজিৰ দিনটোত ক’ত কি ঘটিল? পলকতে পঢ়ক শীৰ্ষ খবৰ
barasha-misra
Barasha Misra | Published: 23 Dec 2025 21:02 PM

আজি ২৩ ডিচেম্বৰ, ২০২৫, মঙলবাৰ। আজিৰ দিনটোৰ কেইটামান বিশেষ ঘটনা আৰু গুৰুত্বপূৰ্ণ তথ্য তলত উল্লেখ কৰা হ’ল:

১. কাৰ্বি আংলঙত পুনৰ অস্থিৰতা। আজি পুৱালৈকে পৰিস্থিতি নিয়ন্ত্ৰণত আছিল যদিও বিয়লি ভাগত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হয়। একাংশ লোকে জিৰো পইণ্টত অ-জনজাতীয় লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নি সংযোগ কৰে। জিলাখনত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা আৰোপ কৰি ৰখা হৈছে।

২. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ সহযোগী মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈৰ। তেওঁ দাবী কৰে যে ৰাজ্যত চলি থকা ছিণ্ডিকেট নেটৱৰ্কৰ নেতৃত্ব দিছে পীযুষ হাজৰিকাই। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই ছিণ্ডিকেট চক্ৰৰ অধ্যক্ষ বুলি অভিযোগ কৰে বৰদলৈয়ে।

৩. বাংলাদেশত সংঘটিত হিংসাত্মক পৰিস্থিতি তথা হিন্দু হত্যাৰ সমৰ্থনত ভিডিঅ’ প্ৰস্তুত কৰি অসমত গ্ৰেপ্তাৰ দুজন যুৱক। যোৱা নিশা ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহম্মদ শ্বেখ আখতাৰ আলী নামৰ এজন যুৱকক। ইফালে আজি হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইজাজুৰ ৰহমান লস্কৰ নামৰ আন এজন যুৱকক।

৪. বেলতলাত চি এম ভিজিলেঞ্চৰ অভিযান। সুশীল কুমাৰ তামুলী নামৰ এজন অভিযন্তাৰ বাসগৃহত অভিযান দুৰ্নীতি নিবাৰক শাখাৰ। পুৱা ৬.৩০ মান বজাতেই তামুলীৰ বাসগৃহত উপস্থিত হয় চিএম ভিজিলেঞ্চৰ দল। অৱশ্যে সেই সময়ত প্ৰাতঃভ্ৰমণৰ বাবে ওলাই যোৱা অভিযন্তাগৰাকীয়ে অভিযানৰ সম্ভেদ পাই পলায়ন কৰে। গুৱাহাটীৰ বিভিন্ন স্থানত সম্পত্তিৰ পাহাৰ গঢ়িছিল এইগৰাকী অভিযন্তাই।

৫. জনজীৱন অভিযানত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কংগ্ৰেছৰ। ইয়াৰ বিৰুদ্ধে তদন্তৰ দাবী তুলি মঙলবাৰে সৰুপথাৰ আৰু মৰিগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে। ইয়াৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো কংগ্ৰেছ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। সমান্তৰালভাৱে ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক অনুষ্ঠানো অব্যাহত ৰাখিছে দলটোৱে।

৬. বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্য়াচাৰ তথা দীপু চন্দ্ৰ দাস নামৰ যুৱকজনৰ মৃত্যুৰ বিৰুদ্ধে ভাৰতত প্ৰতিবাদ। কেবাটাও হিন্দু সংগঠনে প্ৰতিবাদেৰে কঁপাই তোলে ৰাজধানী দিল্লী। এই প্ৰতিবাদৰ মাজতে আৰক্ষীৰ সৈতে খণ্ডযুদ্ধও হয় প্ৰতিবাদকাৰীৰ। বাংলাদেশ চৰকাৰক হিন্দুৰ সুৰক্ষাৰ বিষয়ত জবাবদিহি কৰাৰ দাবী জনায় সংগঠনসমূহে।

৭. উন্নাওৰ কিশোৰী হত্যাৰ গোচৰত জামিন লাভ কৰিলে প্ৰাক্তন বিজেপি বিধায়ক কুলদ্বীপ সিং চেংগাৰে। দিল্লী উচ্চ ন্য়ায়ালয়ে চৰ্তসাপেক্ষে জামিন প্ৰদান কৰে চেংগাৰক। তাৰোপৰি নিম্ন আদালতে চেংগাৰক এই গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ বাবে দিয়া ৰায়কো স্থগিত ৰাখে উচ্চ ন্য়ায়ালয়ে। অহা ১৫ জানুৱাৰীত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।

৮. লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণক কটাক্ষ বিজেপিৰ। শেহতীয়াকৈ বাৰ্লিনত এক অনুষ্ঠানত অংশ লৈ ভাষণ প্ৰদান কৰিছিল ৰাহুলে। নিজৰ বক্তব্যত বিজেপি চৰকাৰে ভাৰতীয় গণতন্ত্ৰক আক্ৰমণ কৰাৰ অভিযোগ তুলিছিল ৰাহুল গান্ধীয়ে। তাৰ পাছতেই ৰাহুলক সমালোচনা কৰে বিজেপি নেতা-সদস্যই। ৰাহুলে ভাৰতক বদনাম কৰিবলৈ বিদেশলৈ যায় বুলি কয় বিজেপিৰ নেতা প্ৰদীপ ভাণ্ডাৰীয়ে।

৯. বাংলাদেশীক লৈ পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সংবাদ মাধ্য়মৰ আগত তেওঁ কয় যে অসমত বৰ্তমান ৪০ শতাংশ বাংলাদেশী মূলৰ লোক আছে। আৰু যদি ১০ শতাংশ বাঢ়ে তেন্তে অসমৰ বাবে সংকট। উল্লেখ্য যে প্ৰতিখন সভাতে বা সংবাদ মাধ্যমৰ আগত বাংলাদেশী মুছলমান সন্দৰ্ভত মন্তব্য কৰি আহিছে মুখ্যমন্ত্ৰীয়ে।