শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Assam Prohibits Polygamy: বহুবিবাহ প্ৰতিৰোধ বিধেয়ক কি? ইয়াৰ অধীনত কি কি শাস্তি হ’ব পাৰে, জানক সকলো…

Assam Prohibition Of Polygamy Bill 2025: অৱশেষত অসম বিধানসভাত গৃহীত বহুবিবাহ প্ৰতিৰোধ বিধেয়ক ২০২৫। ইয়াৰ পাছতে এই বিধেয়ক অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে। এই বিধেয়ক আইনত পৰিণতি হলে অপৰাধীক বিভিন্ন শাস্তি বিহা হ'ব।

Assam Prohibits Polygamy: বহুবিবাহ প্ৰতিৰোধ বিধেয়ক কি? ইয়াৰ অধীনত কি কি শাস্তি হ’ব পাৰে, জানক সকলো…
বহুবিবাহ প্ৰতিৰোধ বিধেয়কImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Updated On: 28 Nov 2025 07:48 AM

এক ঐতিহাসিক ক্ষণ! অৱশেষত ২৭ নৱেম্বৰত অসম বিধানসভাত গৃহীত হয় বহুবিবাহ প্ৰতিৰোধ বিধেয়ক ২০২৫ (Assam Prohibition Of Polygamy Bill 2025) । অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিছিল বহুবিবাহ প্ৰতিৰোধ বিধেয়ক ২০২৫। দীৰ্ঘসময় ধৰি চলা তৰ্ক-বিতৰ্কৰ অন্তত বৃহস্পতিবাৰে এই বিধেয়ক পাৰিত হয়। ইয়াৰ পাছতে এতিয়া এই বিধেয়কখন অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে।

বহুবিবাহ প্ৰতিৰোধ বিধেয়ক কি?

নাৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বহুবিবাহ প্ৰতিৰোধ বিধেয়ক এক শক্তিশালী পদক্ষেপ। এই বিধেয়ক আইনত পৰিণত হ’লে কোনো ব্যক্তিয়ে প্ৰথম বিবাহক আইনগতভাৱে ভংগ নকৰাকৈ দ্বিতীয় বিবাহ কৰাব নোৱাৰিব। অৰ্থাৎ এজন ব্যক্তিৰ এগৰাকীতকৈ বেছি পত্নী থাকিব নোৱাৰিব। এনে কৰিলে কঠোৰ শাস্তি বিহা হ’ব। অৱশ্যে বিটিচি আৰু আন কিছুমানৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহ’ব।

ইয়াৰ অধীনত কি কি শাস্তি হ’ব পাৰে

  • জামিন বিহীন আৰু গ্ৰেপ্তাৰযোগ্য অপৰাধ বুলি ইয়াক ধৰা হ’ব।
  • গাঁও প্ৰধানৰ ক্ষেত্ৰত ৩ বছৰ কাৰাবাস।
  • মৌলানাৰ ক্ষেত্ৰত ৫ বছৰ পৰ্যন্ত কাৰাবাস।
  • অপৰাধীৰ ক্ষেত্ৰত ৩ বছৰ পৰ্যন্ত কাৰাবাস আৰু জৰিমণা।
  • ইয়াৰোপৰি পূৰ্বৰ বিবাহ লুকুৱাই ৰাখিলে ১০ বছৰ কাৰাদণ্ড।
  • অবৈধ বিবাহত মহিলাৰ বাবে ক্ষতিপূৰণ আৰু আইনী সুৰক্ষা।
  • বেআইনী বিবাহৰ ক্ষেত্ৰত ৭ বছৰ কাৰাদণ্ড।

বিধেয়কখন সন্দৰ্ভত মন্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “মই নিবিচাৰো মোৰ ছোৱালীয়ে ২১ বছৰ বয়সত বিশ্ববিদ্যালয়ত পঢ়িব আৰু আন কোনো ছোৱালীয়ে ১৫ বছৰত মাতৃ হ’ব। অসমত বহু বিবাহ প্ৰায় বন্ধ হৈছে। বিৰোধিয়ে কৈছে আমি এই বিধেয়ক ৰাজনীতিৰ বাবে আনিছো। কিন্তু এয়া ৰাজনীতি নিপীড়িত, নিষ্পেষিত ৰাইজৰ বাবে। বহু বিবাহৰ পৰা হিন্দুও মুক্ত নহয়। হিন্দুৰ বহুবিবাহ বন্ধ কৰাৰ দায়িত্ব আমাৰ”।

তেওঁ আৰু কয়, ঠবহু বিবাহ হিন্দু, খ্ৰীষ্টান, মুছলমান সকলোৰে মাজত বন্ধ হ’ব। ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহৰ কথা আমি বুজিব লাগিব। যিকেইটা বিভাগ ৰাজ্য চৰকাৰৰ হাতত আছে তাৰ বাদে সেই অঞ্চলত কোনো আইন প্ৰনয়ন কৰিব নোৱাৰে। আইন আনিব লাগিব, BTR প্ৰশাসনৰ অনুমতি লাগিব।জনজাতীয় লোকসকলৰ সংবেদনশীলতা আমি বুজি পাব লাগিব। কাৰ্বি আংলং, ডিমা হাছাওত বহু বিবাহ নাই বুলিব পাৰি”।

 

অন্য খবৰ পঢ়কঃ বিৰোধিৰ অনুপস্থিতিত বিধানসভাত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল, নেলী কাণ্ডৰ CBI তদন্তৰ দাবী AIUDF ৰ…