বৃন্দাবনী বস্ত্ৰ ওভটাই অনাৰ লগত কেনেদৰে জড়িত জিন্দাল পৰিয়াল? জনালে মুখ্যমন্ত্ৰীয়ে
এই বিষয়টোত JSW গ্ৰুপৰ জিন্দাল পৰিয়াল কিদৰে জড়িত হৈ পৰিছে তাক লৈয়ো মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কি ক'লে তেওঁ?
বৃন্দাবনী বস্ত্ৰ অসমলৈ ওভটাই অনাৰ বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। একে সময়তে এই বিষয়টোত JSW গ্ৰুপৰ জিন্দাল পৰিয়াল কিদৰে জড়িত হৈ পৰিছে তাক লৈয়ো মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, যোৱা ১০০ বছৰ ধৰি বিট্ৰিছ সংগ্ৰাহালয়ত আছে পৱিত্ৰ বিন্দাবনী বস্ত্ৰ। ইয়াৰ এটা অংশ পেৰিছ সংগ্ৰাহালয়ত আছে। সৰু সৰু আংশও আন কেইবাটাও সংগ্ৰাহালয়ত আছে।
উল্লেখ্য যে, লণ্ডনৰ পৰা ঘূৰি আহিয়ে এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয়, “এই বস্ত্ৰখনি অসমলৈ ওভটাই অনাৰ বাবে ২০১৪ চনৰ পৰা মই কাম কৰি আছিলোঁ। কিন্তু ব্ৰিটিছ চৰকাৰ বা সংগ্ৰাহালয় কৰ্তৃপক্ষই দুটা কাৰণত দিব বিচৰা নাছিল। ইয়াৰ এটা কাৰণ হৈছে এই বস্ত্ৰখনি সংৰক্ষণ কৰিব পৰাকৈ অসমত সেই ধৰণৰ সংগ্ৰাহালয় নাই।”
“সংগ্ৰাহালয়টোত বস্ত্ৰখনি সংৰক্ষণ কৰিব পৰা সকলো সুবিধা থাকিব লাগিব। এই বস্ত্ৰখনি সংৰক্ষণ কৰি ৰাখিবলৈ সপ্তাহত বহু টকা খৰচ কৰে ব্ৰিটিছ চৰকাৰে। কাৰণ ৬০০ বছৰীয়া বস্ত্ৰখনি জীয়াই ৰাখিবলৈ সময়ে সময়ে যত্ন লোৱাৰ প্ৰয়োজন হয়।” সাংবাদিকৰ আগত এই কথা কয় মুখ্যমন্ত্ৰী শৰ্মাই।
বস্ত্ৰখনি ঘূৰাই অনাৰ লগত কেনেদৰে জড়িত হৈছে জিন্দাল পৰিয়াল?
তেওঁ কয় যে, JSW গ্ৰুপৰ সজ্জন জিন্দাল, সংগীতা জিন্দালৰ মাতৃ সাৱিত্ৰী জিন্দাল তিনিচুকীয়াৰ হয়। তেওঁ বৰ্তমান হাৰিয়ানাৰ নিৰ্দলীয় বিধায়িকা। সজ্জন জিন্দাল,সংগীতা জিন্দালৰ অসমত কোনো ব্যৱসায় নাই। কিন্তু অসমৰ লগত তেওঁলোকৰ এটা সম্পৰ্ক আছে।
“তেওঁলোকে সিদ্ধান্ত লয় যে, অসম চৰকাৰে মাটি দিলে কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ টকাৰে এটা সংগ্ৰাহালয় নিৰ্মাণ কৰিব। যিটো সংগ্ৰাহালয়ত বিন্দাবনী বস্ত্ৰ আনিব পৰা যাব আৰু তাৰ পাছত সমগ্ৰ বিশ্বতে থকা আপুৰুগীয়া সম্পদবোৰ আনিব পৰা যাব।” লগতে তেওঁলোকে বিদেশত থকা সামগ্ৰী অনাৰ বাবে ভাল সংগ্ৰাহালয় দিব বিচাৰিছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।
অসম চৰকাৰে তেওঁলোকক ৩ বিঘা মাটি দিছে আৰু তেওঁলোকে সংগ্ৰাহালয়টো নিৰ্মাণ কৰি মালিকীস্বত্ব অসম চৰকাৰক আকৌ ঘূৰাই দিব। সেইটো অসম চৰকাৰৰ সংগ্ৰাহালয় হ’ব। তাৰ পাছতে বিন্দাবনী বস্ত্ৰখনি অনা হ’ব। উল্লেখ্য যে, ২০২৭ চনৰ প্ৰথমতেই এই বস্ত্ৰখনি অসমলৈ আনিব পৰা যাব বুলি এক প্ৰকাৰে আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।