প্ৰাক্তন প্ৰেমিকৰ বাবেই…ভাইৰেল অৰ্চিতা ফুকনৰ সকলো ৰহস্য ফাদিল!
Archita Phukan: অৰ্চিতা ফুকন সন্দৰ্ভত পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য। জানিব পৰা মতে, কোনো নীলা ছবিৰ নায়িকা নহয় অৰ্চিতা ফুকন। ডিব্ৰুগড়ৰ এগৰাকী বিৱাহিতা মহিলা অৰ্চিতা ফুকন। আমেৰিকাত নহয়, অসমতে থাকে অৰ্চিতা।

বৰ্তমান সামাজিক মাধ্যমত খলকনি তুলিছে অসমৰ অৰ্চিতা ফুকনে। বিগত কেইবাদিনো ধৰি ভাইৰেল হৈ আছিল অৰ্চিতা। এৰাতিৰ ভিতৰতে ট্ৰেণ্ডিঙত আহিছিল এইগৰাকী যুৱতী। তেওঁ বৰ্তমান আমেৰিকা নিবাসী বুলিও চৰ্চা লাভ কৰিছিল। কিন্তু কোন এইগৰাকী অৰ্চিতা ফুকন? সঁচাকৈ বাস্তৱত অৰ্চিতা আছেনে? আৰু বহুতো প্ৰশ্ন উত্থাপন হৈছিল সকলোৰে মনত।
এইগৰাকী অৰ্চিতা ফুকনক বিচাৰি উলিয়াবলৈ আচৰিত ধৰণৰ কীৱৰ্ড ব্যৱহাৰ কৰিছে ব্যৱহাৰকাৰীয়ে। “অৰ্চিতা ভিডিঅ’ ভাইৰেল অৰিজিনেল”, “বেবী ডল আৰ্চি ভাইৰেল ভিডিঅ’”, “আৰ্চিতা ভিডিঅ’ ভাইৰেল লিংক,” আৰু বহুতো কীৱৰ্ডেৰে উপচি পৰিছিল চাৰ্চ ইঞ্জিন প্লেটফৰ্মসমূহ। হঠাতে ভাইৰেল হোৱা এগৰাকী অসমীয়া নামৰ জীয়ৰীৰ বিষয়ে জানিবলৈ অধিক আগ্ৰহী হৈ পৰিছিল নেটিজেন। তাৰ পিছতে প্ৰকাশ পাইছিল যে অৰ্চিতা ফুকন AIৰ জৰিয়তে উদ্ভাৱন কৰা এটা চৰিত্ৰহে মাথোঁ। তাৰ পিছতে আকৌ আৰম্ভ হৈছিল নতুন চৰ্চা।
ইয়াৰ মাজতে অৰ্চিতা ফুকন সন্দৰ্ভত পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য। জানিব পৰা মতে, কোনোধৰণৰ নীলা ছবিত কাম কৰা নাই অৰ্চিতা ফুকনে। ডিব্ৰুগড়ৰ এগৰাকী বিৱাহিতা মহিলা অৰ্চিতা ফুকন। আমেৰিকাত নহয়, অসমতে থাকে অৰ্চিতা। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ দৰে আমেৰিকালৈ গৈ কোনো লোকক সাক্ষাতো কৰা নাই অৰ্চিতাই। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি চাইবাৰ অপৰাধৰ বলি হৈছে ডিব্ৰুগড়ৰ অৰ্চিতা। এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত হৈ পৰিছে এজন যুৱক।
AIৰ জৰিয়তে যুৱকজনে অৰ্চিতাৰ ফটো মৰ্ফ কৰাৰ বিস্ফোৰক অভিযোগ। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোসমূহ AIৰ জৰিয়তে প্ৰস্তুত কৰা হৈছিল। য’ত মাত্ৰ অৰ্চিতাৰ মুখমণ্ডলৰ সামান্য অংশহে মিল আছিল, বাকী দেহৰ অংশ সম্পূৰ্ণৰূপে মর্ফ কৰি সৃষ্টি কৰা হৈছিল। এতিয়া তিনিচুকীয়াৰ প্ৰতিম বৰা নামৰ যুৱকজনে অৰ্চিতা ফুকনক লগত এই কু-কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।
ইয়াৰ পিছতে পোহৰলৈ আহিছে অৰ্চিতা ফুকনৰ ফেক প্ৰফাইৰ তথ্য। ইতিমধ্যে ফেক প্ৰফাইল বনোৱা যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। প্ৰকাশ পোৱা তথ্য অনুসৰি অৰ্চিতাৰ ওপৰত প্ৰতিশোধ ল’বলৈ প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাই কৰিছিল এই জঘন্য কাণ্ড। অৰ্চিতা ফুকনে দাখিল কৰা এজাহাৰৰ ভিত্তিত লম্পট প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ আশংকা প্ৰকাশ কৰা হৈছে।
লগতে পঢ়ক: কঠোৰ ন্যায়ালয়! নাবালিকাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান