শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বৰদিনৰ প্ৰস্তুতিত বাধা দিয়া হিন্দু পৰিষদ, বজৰং দলৰ নেতাক আটক; গৌৰৱ গগৈয়ে তুলিলে গুৰুতৰ অভিযোগ

আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে অসমত চৰকাৰ গঠন কৰিলে হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ বা শিখ- যি ধৰ্মৰেই নহওক, উপাসনাস্থলী বা ধৰ্মীয় উৎসৱ উদযাপনৰ আচাৰ-অনুষ্ঠানত অপমান কৰি আঘাত হানিব খোজা যিকোনো ব্যক্তি বা সংগঠনৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা থকা এখন কঠোৰ আইন প্ৰণয়ন কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে গৌৰৱ গগৈয়ে।

বৰদিনৰ প্ৰস্তুতিত বাধা দিয়া হিন্দু পৰিষদ, বজৰং দলৰ নেতাক আটক; গৌৰৱ গগৈয়ে তুলিলে গুৰুতৰ অভিযোগ
নলবাৰী কাণ্ডক লৈ গৌৰৱ গগৈৰ ডাঙৰ অভিযোগ
monjit-dutta
Monjit Dutta | Updated On: 25 Dec 2025 23:11 PM

বিশ্বজুৰি আজি অত্যন্ত উলহ-মালহেৰে উদযান কৰা হৈছে পবিত্ৰ বৰদিন উৎসৱ। সমগ্ৰ বিশ্বৰ খ্ৰ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত আজি বৰদিন উপলক্ষে দেখা গৈছে অনন্য উছাহ। অসমতো আজি দেখা গৈছে বৰদিনৰ এই আনন্দ। ৰাজ্যত বসবাস কৰা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ধৰ্মীয় নীতি-নিয়ম পালন কৰাৰ লগতে বৰদিনৰ আনন্দ উপভোগ কৰা দেখা গৈছে। ইফালে বৰদিনৰ এই আনন্দৰ মাজতে ৰাজত শেহতীয়াকৈ দেখা গৈছিল এক চাঞ্চল্যকৰ ঘটনা।

নলবাৰীত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বৰদিনৰ বাবে চলোৱা প্ৰস্তুতিত বিশ্ব হিন্দু পৰিষদ,বজৰংগ দলৰ একাংশ সদস্যই বাধা আৰোপ কৰাৰ অভিযোগ উত্থাপন হৈছিল। বৰদিনৰ হ’ৰ্ডিং ভঙাৰ লগতে খ্ৰীষ্টমাছৰ বাবে ওলোমাই থোৱা লাইটৰ মালা চিঙি দলিয়াই দিয়া বুলি অভিযোগ উঠিছিল ৷

কেৱল সিমানেই নহয়, অভিযুক্তই যীশুখ্ৰীষ্টৰ মূৰ্তি জ্বলাই দিয়াৰ দৰেও অভিযোগ উঠিছিল বিশ্ব হিন্দু পৰিষদ,বজৰংগ দলৰ সদস্যসকলৰ বিৰুদ্ধে। এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এইদৰে বৰদিনৰ সামগ্ৰী লণ্ড ভণ্ড কৰি বৰদিন পালন কৰিব নিদিও বুলি ফটোৱা জাৰি কৰা অভিযুক্তসকলক আটক কৰিছে আৰক্ষীয়ে।

ৰাজ্যজুৰি এই ঘটনাৰ নিন্দাৰ পিছতে নলবাৰীৰ বিশ্ব হিন্দু পৰিষদৰ নেতাক অৱশেষত আৰক্ষীয়ে আটক কৰে। ধৃত লোককেইজনক বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ সম্পাদক ভাস্কৰ ডেকা,উপ-সভাপতি মানস পাটগিৰি, সহঃ সম্পাদক বিজু দত্ত আৰু বজৰং দলৰ নলবাৰী জিলাৰ সংযোজক নয়নমনি তালুকদাৰক আটক কৰিছে।

ইফালে এই চাঞ্চল্যকৰ কাণ্ডক তীক্ষ্ণ সমালোচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। বিজেপি চৰকাৰখনে সৰ্বত্ৰে বিয়পাই অহা ঘৃণাৰ ৰাজনীতিৰ বাবেই এতিয়া ৰাজ্যখনত এনে পৰিস্থিতিৰ উদ্ভৱ হ’বলৈ পাইছে বুলি গৌৰৱ গগৈয়ে অভিযোগ কৰে। তেওঁ লগতে অসমবাসীক দুষ্টচক্ৰৰ এনে প্ৰৰোচনাত ভোল নাযাবলৈও আহ্বান জনায়।

এই ঘটনাক তেওঁ লগতে সাংবিধানিক পৰিকাঠামোৰ ওপৰতে পোনপটীয়া আক্ৰমণ আখ্যা দিয়ে। গৌৰৱ গগৈৰ অভিযোগ, সমাজখনক ভাগ ভাগ কৰিবলৈ শাসকীয় দলে যি চেষ্টা চলাই আহিছে এয়া তাৰেই নামান্তৰ। তেওঁ লগতে জলজীৱন মিছনৰ কেলেংকাৰীৰ বিপক্ষে কংগ্ৰেছে কৰা প্ৰতিবাদৰ বিষয়টো অন্য দিশে ঢাল খুৱাবলৈ এনে কাণ্ড কৰা হৈছে বুলি দাবী কৰে।

কেৱল সেয়াই নহয়, আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে অসমত চৰকাৰ গঠন কৰিলে হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ বা শিখ- যি ধৰ্মৰেই নহওক, উপাসনাস্থলী বা ধৰ্মীয় উৎসৱ উদযাপনৰ আচাৰ-অনুষ্ঠানত অপমান কৰি আঘাত হানিব খোজা যিকোনো ব্যক্তি বা সংগঠনৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা থকা এখন কঠোৰ আইন প্ৰণয়ন কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে গৌৰৱ গগৈয়ে।