‘যুৱ শক্তি, নাৰী শক্তি, দেশ ভক্তি’ৰ সমিলমিলেৰে নতুন ভাৰতঃ সৰ্বানন্দ সোণোৱাল

আজি অসম বিশ্ববিদ্যালয়ৰ বাৰ্ষিক মহোৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি ছাত্ৰ সমাজক দীৰ্ঘস্থায়িত্ব আৰু মানৱতাৰ মূল্যবোধৰ ওপৰত ভিত্তি কৰি এখন ভৱিষ্যৎ সমাজ গঢ়ি তুলিবলৈ আহ্বান জনায়।

‘যুৱ শক্তি, নাৰী শক্তি, দেশ ভক্তি’ৰ সমিলমিলেৰে নতুন ভাৰতঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Published: 

27 Sep 2024 19:30 PM

আজি অসম বিশ্ববিদ্যালয়ৰ বাৰ্ষিক মহোৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি ছাত্ৰ সমাজক দীৰ্ঘস্থায়িত্ব আৰু মানৱতাৰ মূল্যবোধৰ ওপৰত ভিত্তি কৰি এখন ভৱিষ্যৎ সমাজ গঢ়ি তুলিবলৈ আহ্বান জনায়। নিজ ভাষণত তেওঁ এক নতুন ভাৰত গঠনৰ দিশত আগবাঢ়ি যোৱাৰ সময়ত ‘যুৱ শক্তি’, ‘নাৰি শক্তি’ আৰু ‘দেশ ভক্তি’ৰ শক্তিশালী সমিলমিলৰ আহ্বান জনায়।

ভাৰতৰ সামুদ্ৰিক খণ্ডকে ধৰি একাধিক খণ্ডত মুকলি হৈ থকা সুযোগসমূহ আকৰ্ষণ কৰিবলৈ পেছাদাৰী দক্ষতাৰে নিজকে সক্ষম কৰি তুলিবলৈও ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত উপস্থিত থাকি আনন্দিত হোৱা বুলি উল্লেখ কৰি তেওঁ লগতে যুৱক-যুৱতীসকলৰ শক্তি, উদ্যম আৰু দৃঢ়তাই দেশৰ আকৰ্ষণীয় অৰ্থনৈতিক বিকাশত সহায় কৰিছে বুলি মন্তব্য কৰে।

নিজ ভাষণত সৰ্বানন্দ সোণোৱালে কয়, “ভাৰতৰ বিকাশ অব্যাহত থকাৰ লগতে মানৱ শক্তি আৰু আৰ্থিক দুয়োটা দিশতে আমাৰ হাতত যথেষ্ট সুযোগ আছে। বিশ্বই ভাৰতৰ ফালে বহু প্ৰতিশ্ৰুতি দৃষ্টিৰে চাই আছে। কিন্তু এই সুযোগ গ্ৰহণ কৰিবলৈ হ’লে আমি আমাৰ দক্ষতা বৃদ্ধি কৰিব লাগিব, প্ৰশিক্ষণ ল’ব লাগিব।“ তেওঁ লগতে উত্তৰ-পূবত জলপথৰ এক বিশাল আৰু গতিশীল ব্যৱস্থা আছে বুলি মন্তব্য কৰে।

তেওঁ লগতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে এই জলপথসমূহ পুনৰুজ্জীৱিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে তথা অভ্যন্তৰীণ জলপথৰ আন্তঃগাঁথনি অধিক কাৰ্যক্ষম কৰি আহিছে বুলি উল্লেখ কৰে। এনে পদক্ষেপে ভৱিষ্যতে অৰ্থনৈতিক সমৃদ্ধিৰ এক নতুন দ্বাৰ মুকলি কৰিব বুলি সৰ্বানন্দ সোণোৱালে লগতে আশা প্ৰকাশ কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা আখ্যা দি প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ আধাৰশিলা স্থাপন কৰা দেশৰ ত্ৰয়োদশ বৃহৎ বন্দৰ মহাৰাষ্ট্ৰৰ বাধৱন বন্দৰৰ কথাও নিজ ভাষণত উল্লেখ কৰে। এই বন্দৰটোৰ নিৰ্মাণ তথা উন্নয়নৰ সময়ত বিপুল সংখ্যক যোগ্য আৰু প্ৰশিক্ষিত জনশক্তিৰ প্ৰয়োজন হ’ব বুলি আঙুলিয়াই দিয়ে সৰ্বানন্দ সোণোৱালে।

এই সুযোগতে তেওঁ ছাত্ৰ সমাজক সামুদ্ৰিক খণ্ডত একাধিক কেৰিয়াৰ বিকল্প বিবেচনা কৰিবলৈ আহ্বান জনায়। ইয়াৰ দ্বাৰা ছাত্ৰ সমাজে কেৱল এটা ভাল চাকৰিৰ সুযোগ লাভ কৰা নহয়, নতুন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ আৰু দেশৰ সম্পদ সৃষ্টিৰ দিশত অৰিহণা যোগাবলৈও সুযোগ লাভ কৰিব বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত সোণোৱালৰ লগতে শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যয়ো অংশগ্ৰহণ কৰে।

ফাইব্ৰইড কি ? গৰ্ভাৱস্থাত এই সমস্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এই ৫ টা গুৰুতৰ ৰোগ হ'ব পাৰে...
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...