বেয়া দিন আহিলে তুলসী গছে কি কি সংকেত দিয়ে?

18 Jan 2026

TV9 ASSAM

হিন্দু ধৰ্মত তুলসী গছৰ বিশেষ মহত্ব আছে। বহুতে তুলসী গছক পূজা কৰে। স্বাস্থ্যৰ দিশটোৰ লগত হিন্দু ধৰ্মত ধৰ্মীয় কোনৰ পৰাও তুলসীক এক বিশেষ স্থান দিয়া হয়।

তুলসী গছ

প্ৰায় সকলোৰে ঘৰত তুলসী গছ থাকে। মান্যতা অনুসৰি, যেতিয়া ঘৰলৈ বেয়া দিন আহে বা দৰিদ্ৰতাৰ আগমন হ'ব পাৰে তেতিয়া তুলসী গছে কিছুমান সংকেত দিয়ে।

সংকেত

ঠাণ্ডাত তুলসী গছ শুকোৱা সাধাৰণ কথা। কিন্তু কোনো কাৰণ নোহোৱাকৈ যদি তুলসী গছ শুকাই যায় তেন্তে আৰ্থিক সমস্যাৰ ই ইংগিত হ'ব পাৰে।

শুকাই যোৱা

তুলসী গছ ক'লা পৰি যোৱাও অশুভ সংকেত। যদি ঘৰত থকা তুলসী গছ কাৰণ নোহোৱাকৈ ক'লা পৰি যায় তেন্তে ই দৰিদ্ৰতা আগমনৰ সংকেত হ'ব পাৰে।

ক'লা পৰা

 যদি তুলসী গছৰ পাত বাৰে বাৰে সৰি লঙঠা হৈ যায় তেন্তে ই বেয়া। ইয়াৰ ফলত ঘৰত নকৰাত্মক শক্তি বৃদ্ধি পায়। ই দৰিদ্ৰতা আগমনৰ এক সংকেত প্ৰদান কৰে।

পাত সৰা

যদি তুলসী গছ এডাল নিজে নিজে উভালি যায় তেন্তে ই বেয়া। ইয়াৰ অৰ্থ আপোনাৰ কোনো কাম অসম্পূৰ্ণ হ'ব পাৰে। লগতে আৰ্থিক সমস্যা আহিব পাৰে।

উভালি যোৱা

যদি আপোনাৰ ঘৰত থকা তুলসী গছো এনে হয় তেন্তে ইয়াক নদী বা পুখুৰীত বিসৰ্জন দিব। পাছত ঘৰত নতুনকৈ তুলসী গছ ৰোপন কৰি ভালদৰে যত্ন ল'ব।

কি কৰিব

পঢ়িবলৈ ক্লিক কৰক 

অমিতা  কাৰ বাবে বেয়া