৭-৯ নৱেম্বৰত অসমত বিশেষ অনুষ্ঠান, আহিব দুগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰী…
অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । উজান বজাৰৰ নিৰ্মীয়মাণ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট পৰিদৰ্শন কৰি মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদমেলতো এই কথা জনাই মুখ্যমন্ত্ৰীয়ে।
৭, ৮ আৰু ৯ নৱেম্বৰত অসমত হ’ব ৩টা বিশেষ অনুষ্ঠান । অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । উজান বজাৰৰ নিৰ্মীয়মাণ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট পৰিদৰ্শন কৰি মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদমেলতো এই কথা জনাই মুখ্যমন্ত্ৰীয়ে। ৭ নৱেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।
৭ নৱেম্বৰৰ পুৱাই জাগীৰোডৰ চেমিকনডাক্টৰ প্ৰকল্পলৈ যাব বিত্তমন্ত্ৰী। চেমিকনডাক্টৰৰ ৩০০ ষ্টাৰ্টআপৰ লগত আলোচনা কৰিব সীতাৰমণে। তাৰ পিছত বিয়লি উদ্বোধন কৰিব উজানবজাৰ ৰিভাৰ ফ্ৰণ্ট আৰু জাহাজ টাৰ্মিনেল। ৮ নৱেম্বৰত গহপুৰত শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। লগতে পৰিদৰ্শন কৰিব ভোলাগুৰি চাহ বাগিছা।
ইফালে ৯ নৱেম্বৰত অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। অংশ ল’ব এক এয়াৰ শ্ব’ত। সেইদিনা ফাঁচিবজাৰ লাচিত ঘাটৰ পৰা আকাশমাৰ্গেৰে পৰিভ্ৰমণ কৰি এয়াৰ শ্ব’ কৰিব ডেৰশ খন ভাৰতীয় বায়ুসেনাৰ বিমানে।
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে কয় যে, ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব পুৰণি জিলা আয়ুক্ত কাৰ্যালয়ৰ দ্বিতীয় অংশ ৰ পুনঃনিৰ্মাণৰ কাম। গুৱাহাটী হাই কৰ্টৰ ন্যায়াধীশৰ বাংলোত হ’ব টেক্সটাইল মিউজিয়াম। য’ত অসমৰ জনগোষ্ঠীয় সাজ-পোছাক বয়নৰ ব্যৱস্থা পৰিদৰ্শন কৰিব পৰা যাব।