শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিনৰ মৃত্যুত শোক প্ৰকাশ আলফা স্বাধীনৰ

অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰিছে আলফা স্বাধীনে। এক বিবৃতি প্ৰকাশ কৰি তেওঁলোকে কয়, জুবিন গাৰ্গ; নামেই যাৰ পৰিচয়। অসমৰ সংগীত জগতৰ এটি অনন্য নাম জুবিন গাৰ্গ।

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিনৰ মৃত্যুত শোক প্ৰকাশ আলফা স্বাধীনৰ
জুবিন গাৰ্গ
manas-borah
Manas Borah | Updated On: 19 Sep 2025 17:38 PM

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিনৰ মৃত্যুত শোকস্তব্ধ ৰাজ্য। শোক প্ৰকাশ কৰিছে আলফা (স্বাধীন)য়ে। জুবিন গাৰ্গৰ মৃত্যু খবৰ পোৱাৰ পাছতে এক বিবৃতি জৰিয়তে শোক প্ৰকাশ কৰিছে আলফা (স্বাধীন)য়ে। বিবৃতিত কয় যে,”জুবিন গাৰ্গ; নামেই যাৰ পৰিচয়। অসমৰ সংগীত জগতৰ এটি অনন্য নাম জুবিন গাৰ্গ। কেৱল অসমৰ সাংস্কৃতিক ক্ষেত্রখনতেই নহয়, বাংলা, নেপালী আৰু ভাৰতীয় সংগীতৰ সমান্তৰালকৈ পাশ্চাত্য সংগীত প্রেমীসকলকো সুৰেৰে মুহাচ্ছন্ন কৰি ৰাখিব পৰা কণ্ঠৰ অধিকাৰী জুবিন গাৰ্গ কেৱল এটি নাম নহয়; এক সত্ত্বা, এক আৱেগ।

“ছিংগাপুৰত স্কুবা ডাইভিং কৰি থকাৰ অৱস্থাত আজি শুকুৰবাৰে. ইংৰাজী ১৯ চেপ্তেম্বৰ ২০২৫ তাৰিখে এক দুর্ঘটনাত পতিত হৈ আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কণ্ঠশিল্পী গৰাকীয়ে অকাল মৃত্যুক আকোঁৱালি লয়। তেখেতৰ আকস্মিক বিয়োগত “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।” এইদৰে বিবৃতি জৰিয়তে শোক প্ৰকাশ কৰিছে আলফা স্বাধীনে।

উল্লেখ্য যে, নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে ছিংগাপুৰলৈ গৈছিল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। খবৰ অনুসৰি, ইয়াৰ মাজতে তেওঁ স্কুবা ডাইভিং কৰিবলৈ গৈছিল জুবিন। সেই সময়তে তেওঁ অসুস্থ হৈ অচেতন হৈ পৰে। ইয়াৰ পাছত জুবিন গাৰ্গক তাৎক্ষণিভাৱে হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে।

হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত ৰাজ্যবাসী শোকস্তব্ধ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰি কয়, “কি কম ! ক’বলৈ একো শব্দই বিচাৰি পোৱা নাই। এয়া জাতিটোৰ এক অপূৰণীয় ক্ষতি, আমি এক অমূল্য সম্পদ হেৰুৱালোঁ। ”

ইফালে জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ অনা সন্দৰ্ভত খবৰ প্ৰকাশ পাইছে যে, ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ে প্ৰত্যক্ষভাৱে ছিংগাপুৰৰ চৰকাৰৰ সৈতে যোগাযোগ কৰিছে। পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি দেওবাৰে জুবিনৰ নশ্বৰ দেহ অসম পোৱাৰ সম্ভাৱনা আছে। আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ সময়ৰ প্ৰয়োজন হ’ব। একে সময়তে জুবিনৰ দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেই সন্দৰ্ভত তদন্ত হ’ব বুলিও খবৰ প্ৰকাশ পাইছে।