শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সেনা-আৰক্ষীৰ অভিযান অব্যাহত, তিনিচুকীয়াত পুনৰ আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পণ

মঙলবাৰে তিনিচুকীয়াত পুনৰ আলফা স্বাধীনৰ এজন কেডাৰৰ আত্মসমৰ্পণ। খবৰ অনুসৰি, ২০২২ চনত আলফা স্বাধীনত যোগদান কৰিছিল কেডাৰজনে।

সেনা-আৰক্ষীৰ অভিযান অব্যাহত, তিনিচুকীয়াত পুনৰ আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পণ
manas-borah
Manas Borah | Published: 28 Oct 2025 17:40 PM

আলফা স্বাধীনৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে আজি মঙলবাৰে তিনিচুকীয়াত পুনৰ আলফা স্বাধীনৰ এজন কেডাৰৰ আত্মসমৰ্পণ। আলফা স্বাধীনৰ কেডাৰজন নাম সমীৰণ চেতিয়া উৰফে প্ৰবীণ অসম বুলি জানিব পৰা গৈছে ৷ খবৰ অনুসৰি, ২০২২ চনত আলফা স্বাধীনত যোগদান কৰিছিল সমীৰণ চেতিয়া উৰফে প্ৰবীণ অসমে।

জানিব পৰা মতে, বৰ্তমান নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা (স্বা)ৰ এজন অতি সক্ৰিয় কেডাৰ আছিল সমীৰণ চেতিয়া। ২৮ অক্টোবৰ, মঙলবাৰে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে চেতিয়াই। আৰক্ষীৰ সূত্ৰ অনুসৰি, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাইছিল তিনিচুকীয়া আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে। এই অভিযান কালতে আত্মসমৰ্পণ কৰে সমীৰণ চেতিয়াই।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে, তিনিচুকীয়া জিলাৰ জাগুনৰ বাসিন্দা চেতিয়াই ২০২২ চনত আলফা (স্বা)ত যোগদান কৰিছিল। সংগঠনত যোগদান কৰাৰ পূৰ্বে তেওঁ NSCN ৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে। নিৰাপত্তাৰক্ষী বিষয়াসকলে কয় যে, এই আত্মসমৰ্পণ উজনি অসমত চলি থকা বিদ্ৰোহ বিৰোধী প্ৰচেষ্টাত আন এক সফলতাৰ চিন স্বৰূপ।

উল্লেখ্য যে, ইয়াৰ এদিন পূৰ্বে অৰুণাচল আৰক্ষী আৰু অসম ৰাইফলছৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল আলফা স্বাধীনৰ অন্যতম দুৰ্ধৰ্ষ কেডাৰ থাওচেন অসম ওৰফে অনুপম দহোতীয়া। থাওচেন অসমৰ পৰা MQ চিৰিৰ্জৰ এটা বন্দুক, ১৫১ জাই সজীৱ গুলি, এটা RPG, এটা বটল গ্ৰেনেড জব্দ কৰে আৰক্ষীয়ে। আলফা স্বাধীনৰ এই কেডাৰজন কাকপথাৰৰ সেনা চাউনিৰ আক্ৰমণত জড়িত আছিল বুলি সন্দেহ কৰা হৈছিল।

লগতে পঢ়ক: অৰুণাচলৰ নামচাইৰ পৰা আলফা স্বাধীনৰ কেডাৰ থাওচেন অসমক গ্ৰেপ্তাৰ