শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মূলসুঁতিলৈ আলফাৰ আন এগৰাকী শীৰ্ষ কেডাৰ, আত্মসমৰ্পণ অৰুণোদয় অসমৰ; মুখ্যমন্ত্ৰীয়ে কৰিলে বিশেষ মন্তব্য

আলফা (স্বাধীন)ৰ এগৰাকী অন্যতম শীৰ্ষ কেডাৰ হিচাপে চৰ্চিত হৈ আহিছিল অৰুণোদয় অসমৰ নাম। আজি মূলসুঁতিলৈ উভতা অৰুণোদয় অসম ৭৭৯ কেম্পৰ মেজৰ জেনেৰেলৰ দায়িত্বত আছিল বুলি তথ্যত প্ৰকাশ।

মূলসুঁতিলৈ আলফাৰ আন এগৰাকী শীৰ্ষ কেডাৰ, আত্মসমৰ্পণ অৰুণোদয় অসমৰ; মুখ্যমন্ত্ৰীয়ে কৰিলে বিশেষ মন্তব্য
অৰুণোদয় অসমৰ আত্মসমৰ্পণ
monjit-dutta
Monjit Dutta | Updated On: 23 Nov 2025 14:59 PM

মূলসুঁতিলৈ উভতিছে আলফা (স্বাধীন)ৰ আন এগৰাকী শীৰ্ষ নেতা। দীৰ্ঘদিন ধৰি সশস্ত্ৰ বিদ্ৰোহৰ সৈতে জড়িত থকাৰ পিছত আজি অস্ত্ৰ এৰি শান্তিৰ পথলৈ ঘূৰি আহিছে আলফা (স্বাধীন)ৰ শীৰ্ষ কেডাৰ অৰুণোদয় অসম। আজি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত অৰুণোদয় দহোটীয়া ওৰফে অৰুণোদয় অসমে আত্মসমৰ্পণ কৰে। এই শীৰ্ষ কেডাৰগৰাকীৰ লগতে তেওঁৰ ব্যক্তিগত সহায়ক ফ্ৰান্সিছ অসমেও আত্মসমৰ্পণ কৰে।

আলফা (স্বাধীন)ৰ এগৰাকী অন্যতম শীৰ্ষ কেডাৰ হিচাপে চৰ্চিত হৈ আহিছিল অৰুণোদয় অসমৰ নাম। আজি মূলসুঁতিলৈ উভতা অৰুণোদয় অসম ৭৭৯ কেম্পৰ মেজৰ জেনেৰেলৰ দায়িত্বত আছিল বুলি তথ্যত প্ৰকাশ।

ব্যক্তিগত সহায়ত তথা আলফা কেডাৰ ফ্ৰান্সিছ অসমৰ সৈতে অৰুণাচল প্ৰদেশৰ চাংলা জিলাৰ পানছাউ পাছত আত্মসমৰ্পণ কৰে অৰুণোদয় অসমে। ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত অসম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰে আলফা কেডাৰ দুগৰাকীয়ে।

আত্মসমৰ্পণৰ সময়ত দুয়ো আলফা কেডাৰে কিছু অস্ত্ৰ-শস্ত্ৰও সেনাৰ ওচৰত দাখিল কৰে বুলি তথ্য প্ৰকাশ পাইছে। আজি পুৱা প্ৰায় ৮ বজাত আলফা কেডাৰ দুগৰাকীয়ে আত্মসমৰ্পণ কৰে বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে।

ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনৰ নেতা অৰুণোদয় দহোটীয়াৰ আত্মসমৰ্পণৰ কথা স্বীকাৰ কৰিছে। তেওঁ জানিবলৈ দিয়া মতে, আত্মসমৰ্পণকাৰী আলফা স্বাধীনৰ নেতাগৰাকীক দিল্লীলৈ নিয়া নহয়। ইয়াৰ পৰিৱৰ্তে তেওঁক তিনিচুকীয়াতে ৰখা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।

ইয়াৰ পিছত তিনিচুকীয়াৰ পৰা অৰুণোদয় দহোটীয়াক গুৱাহাটীলৈ অনা হ’ব পাৰে বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। ইফালে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অবিহনে সংগঠনটোৰ সৈতে শান্তি আলোচনা সম্ভৱ নহয় বুলি তেওঁ লগতে উল্লেখ কৰে।