23 Nov 2025
TV9 ASSAM
ঘিউৰ বহু উপকাৰী গুণ আছে। বহুতে ঘিউ খাই ভাল পায়। কিন্তু আপুনি জানেনে, মুখতো ঘিউ ব্যৱহাৰ কৰিব পাৰি। মুখত ঘিউ লগালে কি কি লাভ হয় সবিশেষ জানক।
ঘিউ লগালে ছালখন ভিতৰলৈ মইশ্বৰাইজ হৈ থাকে। ইয়াৰ ফলত ছালখন কোমল হৈ পৰে। ঠাণ্ডাৰ দিনত শুকান ছালে বহু সমস্যা দিয়ে। এনেস্থলত ঘিউৱে কোমল কৰে।
বহু সময়ত মানুহৰ ছাল শুকান আৰু উজ্বলতা কমি যায়। এনে ক্ষেত্ৰত ঘিউ লগালে ছাল ধুনীয়া আৰু উজ্বল হৈ পৰে। ই প্ৰাকৃতিক উজ্বলতাৰ কাম কৰে।
আজিকালি বহুতৰে অকালতে ছালত বলিৰেখা পৰা দেখা যায়। এনে স্থলত মুখত ঘিউ লগালে বলিৰেখা কম হয় আৰু মুখত ওলোৱা বিভিন্ন ৰেখা কম হৈ পৰে।
ঘিউৱে ছালক বিভিন্ন সংক্ৰমণৰ পৰা ৰক্ষা কৰাতো সহায় কৰে। ই হিলিং পাৱাৰ বৃদ্ধি কৰে। লগতে মুখত যদি কিবা দাগ আছে তেন্তে কম কৰাত সহায় কৰে।
বিশেষকৈ শীতকালত ই বহু উপকাৰী। এই সময়ত ছাল শুকান হৈ পৰে। গতিকে ঘিউৱে শুকানতা দূৰ কৰি ছাল ধুনীয়া আৰু উজ্বল কৰি তোলে।
সপ্তাহত ২-৩ দিন আপুনি ঘিউ লগাব পাৰে। অৱশ্যে আপোনাৰ ছালত যদি কিবা সমস্যা আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।
পঢ়িবলৈ ক্লিক কৰক