ULFA-I Bomb Threat Case Updates : দুটা গোচৰ NIA লৈ হস্তান্তৰ, তদন্ত কেনেদৰে আগবঢ়াইছে অসম আৰক্ষীয়ে…
আলফাৰ(স্বাধীন)ৰ বোমা বিস্ফোৰণৰ ভাবুকিৰ সৈতে জড়িত দুটা গোচৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA লৈ হস্তান্তৰ কৰিব অসম আৰক্ষীয়ে । শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত DGP জেপি সিঙে জানিবলৈ দিছে যে, ১৫ আগষ্টত আলফা স্বাধীনে ৰাজ্যৰ ২৫ টা স্থানত বিস্ফোৰক সামগ্ৰী সংস্থাপন কৰাৰ অপৰাধত ১০ টা গোচৰ ৰুজু কৰিছিল অসম আৰক্ষীয়ে ।

স্বাধীনতা দিৱসৰ দিনা আলফাৰ(স্বাধীন)ৰ বোমা বিস্ফোৰণৰ ভাবুকিৰ সৈতে জড়িত দুটা গোচৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA লৈ হস্তান্তৰ কৰিব অসম আৰক্ষীয়ে । শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত DGP জেপি সিঙে জানিবলৈ দিছে যে, ১৫ আগষ্টত আলফা স্বাধীনে ৰাজ্যৰ ২৫ টা স্থানত বিস্ফোৰক সামগ্ৰী সংস্থাপন কৰাৰ অপৰাধত ১০ টা গোচৰ ৰুজু কৰিছিল অসম আৰক্ষীয়ে ।
এই ১০ টা গোচৰৰ ভিতৰত গুৱাহাটী আৰু লখিমপুৰত ৰুজু হোৱা দুটা গোচৰ এনআইএলৈ হস্তান্তৰ কৰা হ’ব বুলি জানিবলৈ দিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে । ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰক অতি শীঘ্ৰে এই গোচৰৰ হস্তান্তৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই জিপি সিঙে । ইণ্ডিয়া টুডে নৰ্থ ইষ্টৰ সৈতে হোৱা বাৰ্তালাপত আৰক্ষীৰ সঞ্চলক প্ৰধান গৰাকীয়ে কয়, এই বিষয়ত আৰক্ষীয়ে তদন্তত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। শিৱসাগৰত এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত চাৰিজন ব্যক্তিক আটক কৰা হৈছে বুলি জানিবলৈ দিছে জিপি সিঙে ।
তদুপৰি সিপি সিঙে শিৱসাগৰৰ এই চাৰিজনৰ ভিতৰৰ এজনে এই কাৰ্যত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল সন্দেহ প্ৰকাশ কৰিছে । সিঙে লগতে কয় যে, তদন্তৰ স্বাৰ্থত এই পৰ্যায়ত সবিশেষ প্ৰকাশ কৰাটো সম্ভৱ নহয় ।
ইফালে, অসমৰ প্ৰগতিত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰা সকলক সতৰ্ক কৰি দিয়ে ডিজিপিয়ে। তেওঁ কয় যে, ৰাজ্যখনত শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে । একে সময়তে প্ৰগতিৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিছে অসমে । কিন্তু এনেধৰণৰ কাণ্ডই ৰাজ্যখনৰ এই পৰিৱেশত বাধা সৃষ্টি কৰিব । আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত নিশ্চিত প্ৰদান কৰিব বুলি উল্লেখ কৰে জিপি সিঙে ।
স্বাধীনতা দিৱসত বিস্ফোৰণৰ উদ্দেশ্যেৰে ২৫টা স্থানত বোমা স্থাপনৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফা স্বাধীনে । কিন্তু আলফা স্বাধীনে এই কথা প্ৰকাশ কৰিছিল যে, কাৰিকৰী বিফলতাৰ বাবে তেওঁলোকৰ পৰিকল্পনা বিফল হয়। ইয়াৰ পিছতে অসম আৰক্ষীয়ে এই ঘটনাৰ অধিক তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT)গঠন কৰে ।