5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভূমিধৰ বৰ্মনৰ ওপৰত প্ৰাণঘাতী আক্ৰমণৰ ঘটনাত ৩ অভিযুক্তক দোষমুক্ত ঘটনা

Bhumidhar barman: প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ ওপৰত চলা প্ৰাণঘাতী আক্ৰমণ গোচৰৰ ৰায়দান কৰিলে ন্যায়ালয়ে । ৫০ জনকৈ সাক্ষী থকাৰ পাছতো আদালতত উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰিলে চিবিআইয়ে। যাৰ বাবে ৩ জনক দোষমুক্ত ঘোষণা কৰা হয়।

ভূমিধৰ বৰ্মনৰ ওপৰত প্ৰাণঘাতী আক্ৰমণৰ ঘটনাত ৩ অভিযুক্তক দোষমুক্ত ঘটনা
ভূমিধৰ বৰ্মন
barasha-sarma
Barasha Sarma | Updated On: 25 Sep 2024 10:50 AM

প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ ওপৰত চলা প্ৰাণঘাতী আক্ৰমণ গোচৰৰ ৰায়দান কৰিলে ন্যায়ালয়ে । প্ৰায় ১৮ বছৰ পাছত ন্যায়ালয়ে এই গোচৰৰ ৰায়দান কৰি মঙলবাৰে (২৪ ছেপ্টেম্বৰ) ৩ অভিযুক্তক দোষমুক্ত ঘোষণা কৰে। আলফাৰ আক্ৰমণ ঘটনাৰ বিচাৰাধীন হৈ থকা এই গোচৰৰ ৰায়দান কৰি চিবিআইৰ বিশেষ আদালতে প্ৰাক্তন আলফা নেতা ৰাজু বৰুৱা,হীৰা শৰণীা আৰু অজিত নাথক দোষমুক্ত ঘোষণা কৰে।

উপযুক্ত প্ৰমাণৰ অভাৱত চিবিআইৰ বিশেষ আদালতৰ ৩ নং বিচাৰপীঠে তিনিওকে দোষমুক্ত ঘোষণা কৰে। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ ওপৰত ৩ বাৰকৈ প্ৰাণঘাতী আক্ৰমণ চলিছিল। এই আক্ৰমণত অভিযুক্ত হৈছিল আলফা। ২০০৬ চনত চিবিআইয়ে এই আক্ৰমণ সন্দৰ্ভত এটা গোচৰৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছিল।  দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত প্ৰায় ১৮ বছৰ পাছত এই গোচৰৰ চূড়ান্ত ৰায়দান কৰি আদালতে ৩ জনক দোষমুক্ত ঘোষণা কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত প্ৰথম আক্ৰমণ চলিছিল ১৯৮৬ চনত। নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ সন্মুখত আলফাই এই আক্ৰমণ চলাইছিল। দ্বিতীয়টো আক্ৰমণ চলিছিল ১৯৯০ চনৰ ২০ জানুৱাৰীত। সেই সময়ত তেওঁ নিজা বাসগৃহত জাতীয় পতাকা উত্তোলন কৰি আছিল। ইয়াৰ প্ৰায় ৫ বছৰ পাছত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত চলিছিল তৃতীয়টো আক্ৰমণ। ১৯৯৫ চনৰ ৩০ ডিচেম্বৰত বৰক্ষেত্ৰী সমষ্টিৰ লাউপাৰা গাঁৱত আলফাই এই প্ৰাণঘাতী আক্ৰমণ চলাইছিল। এনেদৰে ১০ বছৰৰ ভিতৰত আলফাই ৩ বাৰকৈ প্ৰাণঘাতী আক্ৰমণ চলাইছিল ভূমিধৰ বৰ্মনৰ ওপৰত। পৰৱৰ্তী সময়ত আলফাই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল।

এই ৩ আক্ৰমণৰ ভিতৰত ১৯৯৫ চনৰ ৩০ ডিচেম্বৰত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাৰ তদন্ত কৰিছিল চিবিআইয়ে। তদন্তকাৰী সংস্থাটোত ৰুজু হোৱা ৫০/২০৬ নম্বৰ গোচৰত আলফা নেতা ৰাজু বৰুৱা, হীৰা শৰণীয়া আৰু অজিত নাথক অভিযুক্ত কৰা হৈছিল। এই গোচৰত চিবিআইয়ে আদালতত হাজিৰ কৰাইছিল ৫০ জন সাক্ষ্যক। কিন্তু তদন্ত চলি থকাৰ মাজতেই ইয়াৰ ১৬ জনৰ মৃত্যু হয়। প্ৰায় ১৮ বছৰ ধৰি চলা দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত চিবিআইয়ে আদালতত উপযুক্ত তথ্য,প্ৰমাণ দাখিল কৰিব নোৱাৰা বাবে তিনিওকে দোষমুক্ত ঘোষণা কৰে।

উল্লেখ্য যে, নামনি অসম তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এগৰাকী শক্তিশালী নেতা আছিল ভূমিধৰ বৰ্মন। ১৯৯৬ চনৰ ২২ এপ্ৰিলৰ পৰা ১৯৯৬ চনৰ ১৪ মে লৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী পদত আছিল। অসম বিধানসভালৈ ৭ বাৰকৈ নিৰ্বাচিত হোৱা এইগৰাকী জ্যেষ্ঠ নেতাৰ ওপৰত চলা আক্ৰমণৰ ঘটনাই ৰাজ্যৰ ৰাজনীতি উত্তপ্ত কৰিছিল। কিন্তু ইমান বছৰ পাছতো চিবিআইয়ে এই গোচৰৰ সঠিক তদন্ত কৰিব নোৱাৰিলে, যাৰ ফলত ঘটনাৰ দোষীয়ে নাপালে শাস্তি।

Latest News