প্ৰথমে কাটিলে বেৰেকৰ ৰ’ড, তাৰ পাছতেই কাৰাগাৰৰ দেৱাল পাৰ হৈ পলাল কয়দী, দহ মাহত দ্বিতীয়বাৰ একে ঘটনা
এবছৰৰ ভিতৰত মৰিগাঁও কাৰাগাৰত কয়দী পলায়নৰ এইটো দ্বিতীয় ঘটনা। বিগত বৰ্ষৰ আগষ্ট মাহতো মৰিগাঁও কাৰাগাৰৰ দেৱাল পাৰ হৈ পলায়ন কৰিছিল পাঁচটা কয়দীয়ে। সেই ঘটনাৰ প্ৰায় ১০ মাহ পাছত পুনৰ সংঘটিত হৈছে অনুৰূপ ঘটনা।

মৰিগাঁও কাৰাগাৰত অঘটন। পুনৰ কাৰাগাৰৰ পৰা পলায়ন দুই কয়দীৰ। যৌন নিৰ্যাতনৰ গোচৰত কাৰাবন্দী হৈ আছিল দুই কয়দী। পুৱতি নিশা কাৰাগাৰৰ পৰা পলায়ন কৰে জিয়াৰুল ইছলাম আৰু সুব্ৰত সৰকাৰ নামৰ কয়দী দুটাই। ইয়াৰ পূৰ্বেও কাৰাগাৰৰ পৰা পলায়ন কৰিছিল জিয়াৰুল ইছলামে। পাছত আৰক্ষীয়ে অভিযান চলায় অন্ধ্ৰপ্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ আনে কয়দীটোক।
উল্লেখ্য যে এবছৰৰ ভিতৰত মৰিগাঁও কাৰাগাৰত কয়দী পলায়নৰ এইটো দ্বিতীয় ঘটনা। বিগত বৰ্ষৰ আগষ্ট মাহতো মৰিগাঁও কাৰাগাৰৰ দেৱাল পাৰ হৈ পলায়ন কৰিছিল পাঁচটা কয়দীয়ে। সেই ঘটনাৰ প্ৰায় ১০ মাহ পাছত পুনৰ সংঘটিত হৈছে অনুৰূপ ঘটনা। কাৰাগাৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এইদৰে বাৰে বাৰে কয়দীয়ে পলায়ন কৰাৰ সুবিধা পায় বুলি অভিযোগ তুলিছে একাংশই।
ইফালে নাম প্ৰকাশত অনিচ্ছুক কাৰাগাৰ কৰ্তৃপক্ষৰ এগৰাকী কৰ্মচাৰীয়ে কয় যে কাৰাগাৰখনৰ আন্তঃগাঁথনি অতি দুৰ্বল। পহৰাৰ বাবে টঙিচকীলৈ যাবলৈও অৱস্থা নাই। তাৰোপৰি কাৰাগাৰখনত নাই পোহৰৰ পৰ্যাপ্ত ব্যৱস্থা। যাৰ পৰিপ্ৰেক্ষিতত বাৰে বাৰে এনে ঘটনা সংঘটিত হৈ আহিছে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ পাচতেই কাৰাগাৰত উপস্থিত হয় মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত দাস। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে পুৱা প্ৰায় ৬ বজাত যেতিয়া কয়দীসকলৰ উপস্থিতিৰ খতিয়ান লোৱা হয়, তেতিয়া দুজন কয়দী নোহোৱা হোৱা বুলি ধৰা পৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, “নতুন বেৰেকৰত প্ৰায় ১৬ গৰাকী কয়দী আছিল। জিয়াৰুল ইছলাম আৰু সুব্ৰত সৰকাৰে ৰড কাটি বেৰেকৰ পৰা ওলাই আহে আৰু তাৰ পাছত গামোচা, বিচনা চাদৰ আদিৰে ৰচী বনাই দেৱাল পাৰ হৈ পলায়ন কৰে।”
এই ঘটনাৰ অনুসন্ধান চলাই থকা বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে। দুয়োটা কয়দী ২০ বছৰৰ কাৰাদণ্ড খাটি আছিল। ঘটনা স্থলীৰ পৰা কাপোৰ আৰু ৰ’ড আদি উদ্ধাৰ কৰিছে আৰক্ষীয়ে। যোৱাবাৰো একেই কৌশল অৱলম্বন কৰি পলায়ন কৰিছিল পাঁচটা কয়দীয়ে। নতুন বেৰেকৰ ৰ’ড কাটি কয়দী পলোৱাটো সন্দেহজনক বুলি কয় আৰক্ষী অধীক্ষকগৰাকীয়ে।