অব্যাহত বাংলাদেশীৰ অনুপ্ৰৱেশ ! পুনৰ দুই বাংলাদেশীক আটক অসম আৰক্ষীৰ
Bangladeshi Nationals Apprehended : সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা তথ্য় অনুসৰি, বদৰপুৰ ৰে'ল ষ্টেচনৰ পৰা বাংলাদেশৰ এই দুই নাগৰিকক আটক কৰিছে আৰক্ষীয়ে । ইতিমধ্য়ে এই দুই বাংলাদেশী নাগৰিকৰ পৰিচয়ও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
অবৈধ বাংলাদেশী বিষয়টোৱে পুনৰবাৰ ব্যাপক চৰ্চা লাভ কৰিছে । উল্লেখ কৰিব লাগিব যে, বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশৰ বিষয়টোক লৈ চৰ্চা আৰম্ভ হোৱাৰ মূলতে হৈছে-বাংলাদেশৰ অস্থিৰতা । এই চৰ্চা চলি থকাৰ মাজতে পুনৰ দুই বাংলাদেশী নাগৰিকক আটক কৰিছে অসম আৰক্ষীয়ে । শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা তথ্য় অনুসৰি, বদৰপুৰ ৰে’ল ষ্টেচনৰ পৰা বাংলাদেশৰ এই দুই নাগৰিকক আটক কৰিছে আৰক্ষীয়ে । ইতিমধ্য়ে এই দুই বাংলাদেশী নাগৰিকৰ পৰিচয়ও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অসম আৰক্ষীয়ে আটক কৰা এই দুই বাংলাদেশী নাগৰিকৰ নাম ক্ৰমে মসুম খান (৩৬) আৰু ছোনিয়া আখতাৰ(১৫)। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা মসুম খানৰ ঘৰ হৈছে বাংলাদেশৰ মডেলগঞ্জত আৰু আন গৰাকী মহিলা বাংলাদেশী ছোনিয়া আখতাৰৰ ঘৰ হৈছে মাই ঢাকাত ।
Two Bangladeshi nationals were apprehended at Badarpur railway station by Assam Police. The apprehended individuals were identified as
1. Masum Khan, aged 36, son of Rustam Khan, Modelganj Police Station in Bangladesh,
2. Sonia Akhtar, a 15-year-old female, daughter of Salim… pic.twitter.com/w3ESJNqvyw— Himanta Biswa Sarma (@himantabiswa) August 24, 2024
উল্লেখ্য যে, মাধুপপুৰ (বি.ডি.)-অগৰতলা পথেৰে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিছিল এই দুই বাংলাদেশীয়ে । সূত্ৰৰ তথ্য অনুসৰি, বাংগালুৰুৰ অভিমুখে যাত্ৰা কৰিছিল অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা মসুম আৰু ছোনিয়াই । এই যাত্ৰা কালতে যোৱা নিশা এই দুয়োগৰাকী বাংলাদেশীক আটক কৰে অসম আৰক্ষীয়ে ।
ইফালে, যোৱা ১৯ আগষ্ট নিশাও ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা তিনি বাংলাদেশীক অসম আৰক্ষীয়ে আটক কৰা খবৰ সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই বাংলাদেশী নাগৰিক কেইজনৰ মাজৰ এজনৰ পৰা এখন আধাৰ কাৰ্ড জব্দ কৰিছিল আৰক্ষীয়ে । মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰিছিল যে, এই তিনিও গৰাকী বাংলাদেশীয়ে কৰ্মসূত্ৰে চেন্নাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল । অন্যহাতে এই তিনিওজন বাংলাদেশীক আটক কৰাৰ পাছত পুনৰ বাংলাদেশলৈ বিতাড়িত কৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।
সেই একেদৰে যোৱা সপ্তাহতে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা এগৰাকী বাংলাদেশী মহিলাক ধুবুৰী চহৰৰ জগমায়া ঘাটৰ পৰা আটক কৰিছিল ধুবুৰী আৰক্ষীয়ে । উদ্বেগজনক কথাটো হল, ধুবুৰী আৰক্ষীয়ে আটক এই বাংলাদেশী মহিলা গৰাকী বাংলাদেশৰ হালিম আৰু আন এজন ভাৰতৰ আলী উপাধিৰ দুজন দালালৰ সহায়ত ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিছিল ।
লগতে পঢ়ক: ত্ৰিপুৰা-বাংলাদেশ সীমান্তৰে ভাৰতত অনুপ্ৰৱেশ ! পুনৰ তিনি বাংলাদেশীক আটক অসম আৰক্ষীৰ