শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভূমিস্খলনৰ ফলত আজিও ব্যাহত বৰাকৰ ৰে’ল যোগাযোগ, পুনৰুদ্ধাৰৰ বাবে লাগিব পাৰে এসপ্তাহ সময়

অবিৰত বৰষুণৰ ফলত হোৱা এই ভূমিস্খলনৰ ফলত ৰে’লপথৰ পৰা মাত্ৰ ১৫ মিটাৰ দূৰত্বত থকা ঢাল ভাঙি অসমৰ বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ মাজৰ মূল ৰে’ল সংযোগ বিচ্ছিন্ন হৈ পৰে। বুধবাৰে নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰে'লৱে (NFR)ৰ এক বিবৃতিত কোৱা হৈছে যে, ‘যেতিয়ালৈকে পুনঃনিৰ্মাণ সম্পূৰ্ণ নহয় প্ৰভাৱিত অংশত ৰে’লৰ চলাচল বন্ধ হৈ থাকিব ।"

ভূমিস্খলনৰ ফলত আজিও ব্যাহত বৰাকৰ ৰে’ল যোগাযোগ, পুনৰুদ্ধাৰৰ বাবে লাগিব পাৰে এসপ্তাহ সময়
ব্যাহত বৰাকৰ ৰে’ল যোগাযোগ
trishna-kalita
Trishna Kalita | Updated On: 26 Jun 2025 09:49 AM

বিগত ৪ দিন ধৰি লামডিং–বদৰপুৰ পাহাৰীয়া অংশৰ ওপৰেৰে ৰে’ল সেৱা বন্ধ হৈ আছে। যাৰ বাবে বিচ্ছিন্ন হৈ পৰিছে বৰাক, ত্ৰিপুৰা, মণিপুৰ, মিজোৰামৰ ৰে’ল যোগাযোগ। ৪ দিন পূৰ্বে ৰে’ল লাইনৰ ওপৰত হৈছিল ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনৰ বাবে বাতিল কৰা হৈছে বহুকেইখন ৰে’লৰ যাতায়াত। ব্যাপক ভূমিস্খলনে প্ৰায় ১০০ মিটাৰ ৰে’লপথৰ গুৰুতৰ ক্ষতিসাধন কৰাৰ পিছতে বন্ধ কৰি দিয়া হৈছিল ৰে’ল সেৱা । ইফালে ৰে’লপথৰ পুনঃনিৰ্মাণ সম্পূৰ্ণ  কৰিবলৈ প্ৰায় এসপ্তাহ সময় লাগিব বুলি জনায় বিষয়াসকলে । ইয়াৰ মাজতে আজি ঘটনাস্থলী পৰিদৰ্শন কৰিব NF ৰে’লৱেৰ মহাপ্ৰবন্ধকে।

অবিৰত বৰষুণৰ ফলত হোৱা এই ভূমিস্খলনৰ ফলত ৰে’লপথৰ পৰা মাত্ৰ ১৫ মিটাৰ দূৰত্বত থকা ঢাল ভাঙি অসমৰ বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ মাজৰ মূল ৰে’ল সংযোগ বিচ্ছিন্ন হৈ পৰে। বুধবাৰে নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰে’লৱে (NFR)ৰ এক বিবৃতিত কোৱা হৈছে যে, ‘যেতিয়ালৈকে পুনঃনিৰ্মাণ সম্পূৰ্ণ নহয় প্ৰভাৱিত অংশত ৰে’লৰ চলাচল বন্ধ হৈ থাকিব । অৱশ্যে বতৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি এসপ্তাহৰ ভিতৰত সংযোগ পুনৰুদ্ধাৰ কৰাৰ বাবে সৰ্বাংগীন প্ৰচেষ্টা চলোৱা হৈছে। যাত্ৰীসকলক চৰকাৰী ৰে’লৱে যোগাযোগ মাধ্যমৰ জৰিয়তে আপডেট হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।’

ইয়াৰ বাবে যুদ্ধৰকালীনভাৱে চলি আছে পুনৰুদ্ধাৰৰ কাম। NFRৰ মতে, ২৫টাতকৈও অধিক গধুৰ মেচিন—এক্সকেভেটৰ, জেচিবি, ডাম্পাৰকে ধৰি—প্ৰায় ২০০ শ্ৰমিকৰ লগতে দ্ৰুতগতিত মেৰামতিৰ বাবে নিয়োগ কৰা হৈছে।   NFRৰ ডিভিজনেল ৰে’লৱে মেনেজাৰকে ধৰি লামডিং বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে এই স্থানত নিয়োজিত হৈ ২৪ ঘণ্টাই কৰা প্ৰচেষ্টাৰ তদাৰক কৰি আছে। বিবৃতিযোগে NFR-এ কয় যে,  “অব্যাহত থকা বৰষুণ আৰু অস্থিৰ পাহাৰৰ ঢালে কামৰ অগ্ৰগতিত বাধা প্ৰদান কৰিছে। তললৈ নামি আহি আছে ঢিলা মাটি, যিয়ে অধিক বিপদৰ সৃষ্টি কৰিছে। ঢালটো সুস্থিৰ কৰাটোৱে এতিয়া শীৰ্ষ অগ্ৰাধিকাৰ, তাৰ পিছত প্ৰায় ২৫,০০০ ঘনমিটাৰ খহি পৰা মাটি আঁতৰোৱা হ’ব।”

ইফালে পৰৱৰ্তী জাননী নিদিয়ালৈকে কেইবাখনো ৰে’ল বাতিল বা আংশিকভাৱে বাতিল কৰা হৈছে। সেৱা পুনৰ আৰম্ভ আৰু সময়সূচী সলনিৰ তথ্যৰ বাবে যাত্ৰীসকলক ৰে’লৱেৰ চৰকাৰী আপডেট অনুসৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ পূৰ্বে ২৪ জুনত এন এফ আৰৰ জেনেৰেল মেনেজাৰ অসমৰ মুখ্য সচিব ৰবি কোটা, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া-কৰ্মচাৰী আৰু অন্যান্য অংশীদাৰসকলৰ মাজত এক উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰা হৈছিল। য’ত গুৰুত্বপূৰ্ণ ৰে’ল  সংযোগ পুনৰুদ্ধাৰ ক্ষিপ্ৰ কৰাৰ বাবে যৌথ কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল। জ্যেষ্ঠ বিষয়াসকলে কয়, ‘লামডিং–বদৰপুৰ অংশটো বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ বাবে এক জীৱনৰেখা, আৰু অতি সোনকালে সংযোগ পুনৰুদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে।”