বায়ুসেনা দিৱসৰ ফ্লাইপাষ্টৰ সময়ত গুৱাহাটীত কোন কোন পথৰে কিদৰে যাব পাৰিব?
ভাৰতীয় বায়ুসেনা দিৱসৰ ফ্লাইপাষ্টৰ পূৰ্বে গুৱাহাটী যান-বাহন আৰক্ষীয়ে এক বিস্তৃত যান-বাহন নিৰ্দেশনা জাৰি কৰিছে। ৫, ৬, আৰু ৮ নৱেম্বৰত পানবজাৰৰ লাচিত ঘাটত আখৰা অনুষ্ঠিত হ’ব।
অহা ৯ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় বায়ুসেনা দিৱসৰ ফ্লাইপাষ্টৰ পূৰ্বে গুৱাহাটী যান-বাহন আৰক্ষীয়ে এক বিস্তৃত যান-বাহন নিৰ্দেশনা জাৰি কৰিছে। ৫, ৬, আৰু ৮ নৱেম্বৰত পানবজাৰৰ লাচিত ঘাটত আখৰা অনুষ্ঠিত হ’ব। ভিআইপি আৰু গণ্যমান্য ব্যক্তিৰ উপস্থিতিকে ধৰি বৃহৎ সমাৱেশৰ বাবে লাচিত ঘাট আৰু এমজি ৰোডৰ কাষৰীয়া অঞ্চলসমূহৰ আশে-পাশে অধিক যান-বাহনৰ চলাচল হোৱাৰ সম্ভাৱনা আছে।
মসৃণ যান-বাহন যাতায়ত আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৮ আৰু ৯ নৱেম্বৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ নিৰ্দিষ্ট নিষেধাজ্ঞা আৰু ডাইভাৰচন স্থাপন কৰা হ’ব।
গুৱাহাটীৰ যান-বাহন বিভাগৰ উপ-আয়ুক্তই জাৰি কৰা আদেশ অনুসৰি নিৰ্দিষ্ট সময়ত এইচ বি ৰোড, এ টি ৰোড, ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড আৰু জি এন বি ৰোডত বাণিজ্যিক সামগ্ৰীৰ বাহন আৰু অন্যান্য গধুৰ বাহন চলাচলৰ অনুমতি দিয়া নহ’ব। মাছখোৱা পইণ্ট আৰু মুখ্য ন্যায়াধীশৰ বাংলো পইণ্টৰ মাজৰ এম জি ৰোডতো ঠেলা, ৰিক্সা, ই-ৰিক্সাকে ধৰি সৰু বাহন চলাচল নিষিদ্ধ কৰা হ’ব।
ভাৰতীয় বায়ুসেনাই জাৰি কৰা বৈধ কাৰ পাছ থকা বাহনসমূহকহে মাছখোৱা পইণ্ট আৰু মুখ্য ন্যায়াধীশৰ বাংলো পইণ্টৰ মাজৰ এম জি ৰোডত পুৱা ১১ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত চলাচল কৰিবলৈ দিয়া হ’ব।
ট্ৰেফিক ডাইভাৰচনৰ ভিতৰত ভৰলুমুখৰ পৰা পাণবজাৰ আৰু চান্দমাৰীলৈ এইচ বি ৰোড বা এ টি ৰোডলৈ ডাইভাৰ্ট কৰা হ’ব সকলো বাহন। চান্দমাৰীৰ পৰা পাণবজাৰ আৰু ভৰলুমুখলৈ পাণবজাৰ আৰ অ’ বি হৈ এ টি ৰোডলৈ ডাইভাৰ্ট কৰা হ’ব বাহন। উজানবজাৰ আৰু লতাশিলৰ পৰা ভৰলুমুখলৈ লঘু বাহনসমূহ লেম্ব ৰোড, এফ চি ৰোড, তৈবুল্লা পইণ্ট আৰু জি এন বি ৰোড হৈ ডাইভাৰ্ট কৰা হ’ব।
পাৰ্কিঙৰ নিষেধাজ্ঞাও কঠোৰভাৱে বলবৎ কৰা হ’ব। ভাৰতীয় বায়ুসেনাই জাৰি কৰা ৰঙা, নীলা, হালধীয়া পাছ থকা বাহনসমূহ কেৱল নিৰ্দিষ্ট স্থানতহে ৰখাব পাৰিব। এম জি ৰোড, এফ এ ৰোড, বি আৰ পি ৰোড, এম এল এন ৰোড, এ আৰ বি ৰোড, এইচ বি ৰোড, আৰু টি আৰ পি ৰোডকে ধৰি ডাঙৰ ডাঙৰ পথত পাৰ্কিঙৰ অনুমতি দিয়া নহ’ব।
ইয়াৰ উপৰিও এই সময়ছোৱাত কোনো গধুৰ বাহন বা ট্ৰাক টি আৰ পি ৰোড, লখিম গালি, চেম্বাৰ ৰোড, এছ আৰ চি বি ৰোড, এছ এছ ৰোড, কেদাৰ ৰোড আৰু এম এছ ৰোডত ৰখাব নোৱাৰিব।
গুৱাহাটী যান-বাহন আৰক্ষীয়ে যাতায়তকাৰীসকলক সেই অনুসৰি যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু বলবৎকাৰী কৰ্মীসকলৰ সৈতে সহযোগিতা কৰি অনুষ্ঠানটোৰ সফলতা আৰু সুকলমে যান-বাহন ব্যৱস্থাপনা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে।