Top9: ক’ত কি কি ঘটিছে আজিৰ দিনটোত? পলকতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ
জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে চাবলৈ অসমৰ ৰাইজক অনুৰোধ গৰিমা শইকীয়া গাৰ্গৰ। লগতে পঢ়ক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ...
১. নিজৰ নামৰ সৈতে অসম লিখা একাংশ লোকৰ বিৰুদ্ধে সোঁচ্চাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিশেষকৈ নামনি অসমত একাংশ লোকে নিজৰ নামৰ সৈতে অসম লিখি ধন দাবী তথা আইন-শৃংখলা বিঘ্নিত কৰা কাৰ্য সংঘটিত কৰা বুলি অভিযোগ তোলে মুখ্যমন্ত্ৰীয়ে। প্ৰশাসনে এনে লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।
২. পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ৭ জনক। ইয়াৰ পূৰ্বে তেওঁলোকক চিআইডিৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। বৰ্তমান বাক্সাৰ নিকাছি কাৰাগাৰত পাঁচজন আৰু হাফলং কাৰাগাৰত দুজন অভিযুক্তক কাৰাবন্দী কৰি ৰখা হৈছে।
৩. জাগীৰোড আজি পুৱা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে আহত হয় আন দুজন। নিয়ন্ত্ৰণ হেৰুৱাই এখন বাহনে পথৰ ডিভাইডাৰত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো। মৃত তিনিজন হৈছে ডাঃ কণ্ঠেশ্বৰ বৰদলৈ, আচিফ হুছেইন আৰু মানস মহন্ত।
৪. বকোত জঘন্য ঘটনা। কিশোৰী নিৰ্যাতনৰ অভিযোগত আটক তিনি যুৱকক। দীৰ্ঘদিন ধৰি এগৰাকী কিশোৰীক শাৰীৰিক নিৰ্যাতন চলাই আহিছিল এই তিনি যুৱকে। কিন্তু যোৱা দেওবাৰে পুনৰ নিৰ্যাতন চেষ্টা চলাওঁতেই কিশোৰীগৰাকীৰ পিতৃয়ে ধৰা পেলায়। ইতিমধ্য়ে আৰক্ষীয়ে আটক কৰিছে তিনিওকে।
৫. জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে চাবলৈ অসমৰ ৰাইজক অনুৰোধ গৰিমা শইকীয়া গাৰ্গৰ। ইফালে এই ছবিখনৰ বাবে টিকটৰ মূল্য বৃদ্ধি কৰা নাই বুলি জনাইছে সদৌ অসম চিনেমা হল মালিক সন্থাই। লগতে হল সমূহত হিন্দী ছবি সাময়িকভাৱে বন্ধ ৰখাৰ কথাও ঘোষণা কৰে সন্থাই।
৬. কলিয়াবৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ হিমন্ত বিশ্ব শৰ্মাৰ। মুঠ ৩২ হাজাৰ মহিলাক প্ৰদান কৰা হয় ১০ হাজাৰকৈ টকাৰ চেক। এই পুঁজিৰ সদ্যৱহাৰ কৰিলে পৰৱৰ্তী সময়ত ২৫ হাজাৰ আৰু তাৰ পাছত ৫০ হাজাৰকৈ টকা প্ৰদানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ।
৭. বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে মহাজোট বন্ধনৰ ইস্তাহাৰ প্ৰকাশ। বিৰোধী শক্তিটোৱে নিজৰ ইস্তাহাৰৰ শিৰোনাম দিছে “বিহাৰৰ বাবে তেজস্বী প্ৰতিজ্ঞা”। এই উপলক্ষে মহাজোট বন্ধনৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। এই যৌথ ইস্তাহাৰত তেজস্বী যাদৱে বিগত কেইদিনমানৰ পৰা দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ সংকলন কৰা হৈছে।
৮. বিহাৰ নিৰ্বাচনৰ বাবে নিজৰ নিৰ্বাচনী ইস্তাহাৰ সাজু কৰিছে বিজেপিয়ে। আজি পাটনাত এই সন্দৰ্ভত আলোচনা কৰিব দলটোৰ নেতাসকলে। ইয়াৰ লগতে এন ডি এৰ উমৈহতীয়া এজেণ্ডাও প্ৰস্তুত কৰা হৈছে। অহা ৩০ অক্টোবৰত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ সম্ভাৱনা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব পাৰে এই ইস্তাহাৰ।
৯. অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত আঘাতৰ সন্মুখীন হোৱা ভাৰতীয় ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰে এতিয়া কিছু সকাহ পাইছে। ছিডনী ক্ৰিকেট খেলপথাৰত তৃতীয়খন এদিনীয়াৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল আয়াৰ। স্বাস্থ্য পৰীক্ষাত আভ্যন্তৰীণ ৰক্তক্ষৰণৰ কথা পোহৰলৈ আহে। ছিডনীৰ এখন চিকিৎসালয়ত তেওঁৰ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হয় আৰু বৰ্তমান তেওঁক আই চি ইউৰ পৰা বাহিৰলৈ অনা হৈছে।