Assam Top9: আজিৰ দিনটোত ক’ত কি ঘটিল চাও আহক
আজি ১৩ জানুৱাৰী, ২০২৬, মংগলবাৰ। আজিৰ দিনটোৰ কেইটামান বিশেষ ঘটনা আৰু গুৰুত্বপূৰ্ণ তথ্য তলত উল্লেখ কৰা হ’ল:
১. আজি ভোগালী বিহুৰ উৰুকা। পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা গৈছে ব্যাপক উখল-মাখল পৰিৱেশ। উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খাবলৈ সকলোৱেই ব্যস্ত হৈ পৰিছে জা-যোগাৰত। উজান বজাৰ ঘাটৰ লগতে বিভিন্ন বজাৰসমূহ উভৈনদী হৈ পৰিছে মাছেৰে। পৰিয়ালৰ সৈতে ভোগালীৰ আনন্দ উদযাপনত ব্যস্ত হৈ পৰিছে অসমবাসী।
২. ভোগালী উৰুকাৰ দিনাই আহিল এটা দুখৰ খবৰ। অসমৰ সাংস্কৃতিক জগতৰ পৰা খহি পৰিল এটা ভোটা তৰা। প্ৰসিদ্ধ কণ্ঠশিল্পী তথা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাৰ আজি দেহাৱসান ঘটে। বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল শিল্পীগৰাকী। আজি পুৱা সকলোকে শোকসাগৰত পেলাই চিৰবিদায় মাগে সমৰ হাজৰিকাই।
৩. ভোটাৰ তালিকা সন্দৰ্ভত নিৰ্বাচন আয়োগক বিশেষ আহ্বান সদৌ অসম সংখ্যালঘু ছাত্ৰসন্থাৰ। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম সন্নিৱিষ্ট লোকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ নিদিবলৈ আয়োগক অনুৰোধ আমছুৰ। তাৰোপৰি এন আৰ চিত নাম বাদ পৰা ভোটাৰৰ নামো আইনী প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত তালিকাত ৰাখিবলৈ অনুৰোধ জনায় সংগঠনটোৱে।
৪. ভোগালী বিহুৰ প্ৰাক ক্ষণত ৰাজ্যত উদ্ধাৰ বিপুল পৰিমাণৰ নিচাযুক্ত সামগ্ৰী। যোৱা নিশা আৰক্ষীয়ে অভিযান চলায় আমিনগাঁৱত জব্দ কৰে প্ৰায় ১১ কোটি টকা মূল্য়ৰ হেৰইন। দুখন বাহনৰ পৰা ৯৭ টা চাবোনৰ বাকচত জব্দ কৰা হয় হেৰইনখিনি। ঘটনা সংক্ৰান্তত বৰপেটাৰ দুই যুৱকক গ্ৰেপ্তাৰ।
৫. বাংলাদেশৰ হিন্দুসকলৰ সৈতে দৃঢ়তাৰে থিয় দিছে অসমৰ জনতা। মঙলবাৰে বৰাকত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চুবুৰীয়া দেশখনত হিন্দু সম্প্ৰদায়ৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ কৰাৰ বাবে পদক্ষেপ ল’বলৈ ভাৰত চৰকাৰক আহ্বান জনায় ডঃ শৰ্মাই। মুখ্য়মন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণৰ বাবে আজি বৰাকত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী।
৬. প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি। কংগ্ৰেছত যোগ দিয়েই শিৱসাগৰক ধুবুৰী কৰাৰ হুংকাৰ দিছিল ৰেজাউলে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জ্যেষ্ঠ কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই ৰেজাউলৰ বক্তব্য অবাঞ্চিত আৰু ক্ষতিকাৰক বুলি কয়। ৰেজাউলক মুখ্য়মন্ত্ৰীৰ এজেণ্ট বুলিও কয় শইকীয়াই।
৭. অচিৰেই নাম সলনি হব দেশৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ। বাম লোকতান্ত্ৰিক মৰ্চাই কেৰালাৰ নাম সলনি কৰি কেৰলম কৰিবলৈ লোৱা সিদ্ধান্তত সন্মতি জনাইছে কেৰালা বিজেপিয়ে। এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপ দাবী কৰিছে দলটোৰ ৰাজ্যিক সভাপতি ৰাজীৱ চন্দ্ৰশেখৰে। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ এক পত্ৰও প্ৰেৰণ কৰিছে নেতাগৰাকীয়ে।
৮. আজি সদ্যপ্ৰয়াত বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰয়াত নেতাগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। যোৱা ৭ জানুৱাৰীত দেহাৱসান ঘটিছিল বৰ্ষীয়ান নেতাগৰাকীৰ।
৯. আজি অসমলৈ অনা হৈছে ফিফা বিশ্বকাপৰ ট্ৰফী। দুপৰীয়াৰ ভাগত গুৱাহাটীলৈ অনা হয় এই ট্ৰফী। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ফুটবলপ্ৰেমীৰ দৰ্শনৰ বাবে ৰখা হৈছে ট্ৰফীটো। নিশালৈ আয়োজন কৰা হৈছে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান।