শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মোদীৰ ব্ৰাজিল ভ্ৰমণৰ পৰা ইলন মাস্কৰ নতুন দল গঠনলৈ, আজিৰ দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…

আৰ্জেন্টিনাৰ পাছতেই ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ব্ৰাজিলত তেওঁ ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব।

মোদীৰ ব্ৰাজিল ভ্ৰমণৰ পৰা ইলন মাস্কৰ নতুন দল গঠনলৈ, আজিৰ দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…
নৰেন্দ্ৰ মোদীImage Credit source: facebook (narendra modi)
barasha-sarma
Barasha Sarma | Published: 06 Jul 2025 17:10 PM
  1.  বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ, অধ্যাপক উদয়াদিত্য ভৰালীৰ মৃত্যু। যোৱা নিশা প্ৰায়  ২.৩৩ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে  ভৰালীয়ে। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৭৮ বছৰ। খবৰ অনুসৰি, দীৰ্ঘদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ আছিল বিশিষ্ট চিন্তাবিদগৰাকী ৷ সমাজৰ স্বাৰ্থত মাত মাতি অহা উদয়াদিত্য ভৰালীৰ বিয়োগত শোকস্তব্ধ পৰিয়ালবৰ্গৰ লগতে ৰাজ্যবাসী।
  2. ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ। যোৱা এপ্ৰিল মাহৰ পৰা GMCH ত মৃত্যুবৰণ কৰিছে ১৩ জন লোকে। জানিব পৰা মতে, জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা  ৫০ জন ৰোগীক ১ এপ্ৰিলৰ পৰা ৪ জুলাইলৈ ভৰ্তি কৰা হৈছিল। ইয়াৰে ১৩ জনৰ মৃত্যু হৈছে।  আনহাতে সুস্থ হোৱাৰ বাবে ইতিমধ্যে  ঘৰলৈ যাবলৈ দিয়া হৈছে ৬ জনক।
  3. আজি ৬ জুলাইত মুকলি হ’ব গুৱাহাটীত নতুনকৈ নিৰ্মাণ হোৱা আন এখন উৰণ সেতু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ  বাবে মুকলি কৰিব ৰুক্মিণীগাঁৱৰ নতুন উৰণ সেতুখন। এই উৰণ সেতুখন ভগদত্ত উৰণ সেতু নামেৰে নামকৰণ কৰা হৈছে। ১১১ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা উৰণ সেতুখনৰ দৈৰ্ঘ ৬৫০ মিটাৰ।
  4. আৰ্জেন্টিনাৰ পাছতেই ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ব্ৰাজিলত তেওঁ ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাৰ আমন্ত্ৰণত ৰাজ্যিক ভ্ৰমণত ব্ৰাজিলিয়ালৈ যাব। এই ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ ৫খন দেশৰ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়। ইয়াৰ পাছত তেওঁ নামবিয়া ভ্ৰমণ কৰিব।
  5. অৱসৰৰ পাছতো চৰকাৰী বাসগৃহ এৰি যোৱা নাই উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে। এতিয়া এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ পত্ৰ লিখিছে। পত্ৰত ততাতৈয়াকৈ বাংলো খালী কৰি উচ্চতম ন্যায়ালয়ৰ হাউছিং পুলক ঘূৰাই দিবলৈ কোৱা হৈছে। উল্লেখ্য যে,অৱসৰৰ পিছত মুখ্য ন্যায়াধীশসকলে টাইপ-৭ চৰকাৰী বাংলোত সৰ্বাধিক ৬ মাহ থাকিব পাৰে। কিন্তু  চন্দ্ৰচূড়ে অৱসৰৰ পিছতো ৮ মাহ টাইপ-৮ বাংলোত আছে।
  6. ভাৰত আৰু ইংলেণ্ডৰ মাজত বাৰ্মিংহামৰ এজবাষ্টনত চলি থকা টেষ্টৰ আজি অন্তিম দিন। মেচৰ অন্তিম দিনা আজি ভাৰতক জয়ৰ বাবে প্ৰয়োজন ইংলেণ্ডৰ ইনিংছৰ ৭টা উইকেটৰ। আনহাতে ইংলেণ্ডক মেচখনত জয়ৰ বাবে প্ৰয়োজন এতিয়াও ৫৩৬ ৰান। আজি এই মেচখন কাৰ হাতলৈ যায় তাৰ বাবে অপেক্ষা মাথোঁ কিছু সময়ৰ।
  7. তিব্বতৰ সৰ্বোচ্চ আধ্যাত্মিক নেতা দালাই লামাৰ আজি ৯০ সংখ্যক জন্মদিন। এই সময়চোৱাত দালাই লামাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিভিন্নজনে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। মোদীয়ে তেওঁক প্ৰেম আৰু ধৈৰ্যৰ প্ৰতীক বুলি কয়। আমেৰিকাইও দালাই লামালৈ প্ৰেৰণ কৰিছে শুভবাৰ্তা।
  8. বিশ্বৰ ধনী ব্যক্তি ইলন মাস্কে গঠন কৰিলে নতুন দল। আমেৰিকা পাৰ্টী নামেৰে নতুন দল গঠন কৰি মাস্কে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে। উল্লেখ্য যে,যোৱা কেইটামান মাহৰ পৰা মাস্ক আৰু ট্ৰাম্পৰ মাজত বৃদ্ধি পাইছে সংঘাত। ইয়াৰ মাজতে ৱান বিগ বিউটিফুল বিল গৃহীত হোৱাৰ পাছতে মাস্কে নতুন ৰাজনৈতিক দল গঠন কৰে।
  9. পুনৰ গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ। ইজৰাইলৰ বিমান আক্ৰমণত গাজাত ১৪ জনৰ মৃত্যু। ইয়াৰে অধিকাংশই খাদ্য গ্ৰহণৰ বাবে শিবিৰত শাৰী পাতি আছিল। গাজাৰ চিকিৎসালয়ৰ বিষয়াসকলে শনিবাৰে এই তথ্য প্ৰদান কৰে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি গাজা আৰু ইজৰাইলৰ মাজত যুদ্ধ চলি আছে।

 

অন্য খবৰ পঢ়কঃ Job: চাকৰি বিচাৰি আছে নেকি? শীঘ্ৰেই মুকলি হ’ব ৫০,০০০ পদ, জানক সবিশেষ…