শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৪ কংগ্ৰেছী গ্ৰেপ্তাৰৰ পৰা WPL 2026 ৰ সময়সূচী ঘোষণালৈ, দিনটোৰ খবৰ…

Top9 News: আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু ঘটনা সংঘটিত হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সামাজিক মাধ্যমত হেয় প্ৰতিপন্ন কৰাৰ অভিযোগত চি আই ডিৰ চাইবাৰ চেলৰ জালত ৪ কংগ্ৰেছী।

৪ কংগ্ৰেছী গ্ৰেপ্তাৰৰ পৰা WPL 2026 ৰ সময়সূচী ঘোষণালৈ, দিনটোৰ খবৰ…
প্ৰতীকি ফটোImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 27 Nov 2025 17:17 PM

আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ’ল-

১)চিআইডিৰ চাইবাৰ চেলৰ জালত ৪ কংগ্ৰেছী। গ্ৰেপ্তাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু, মাজুলীৰ জীৱেশ্বৰ গাম, ৰূপহীৰ বাহাৰুল ইছলাম আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ উপেন ৰাজ নাথ। সামাজিক মাধ্যমত AI ভিডিঅ’ৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হেয় প্ৰতিপন্ন কৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত। উল্লেখ্য যে, কেবিচিৰ ভুৱা ভিডিঅ’ প্ৰচাৰ কৰিছিল আটাইকেইজনে।

২)শিলচৰ-মণিপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লালপানীত ভয়ংকৰ হিট এণ্ড ৰানৰ ঘটনা। তেলৰ টেংকাৰৰ খুন্দাত থিতাতে নিহত ২ছাত্ৰ। নিহত দুজন লালপানীৰ ছানৰাইজ ইংলিছ স্কুলত অধ্যয়ন কৰিছিল। দুৰ্ঘটনাৰ পাছতে পলায়ন তেলৰ টেংকাৰ চালকৰ। ইফালে ঘটনাক লৈ উত্তেজিত ৰাইজে পথ অৱৰোধ কৰি ন্যায়ৰ দাবী জনায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

৩)মুকলি আকাশৰ তললৈ AIUDF বিধায়ক আমিনুল ইছলাম। NSAৰ অভিযোগৰ পৰা দোষমুক্ত ধিঙৰ বিধায়ক আমিনুল ইছলাম। যোৱা ২৪ এপ্ৰিলত NSAৰ অধীনত গ্ৰেপ্তাৰ হৈছিল বিধায়কজন। পেহেলগাম কাণ্ডৰ পাছতে কৰা মন্তব্যক লৈ গ্ৰেপ্তাৰ হৈছিল তেওঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ে এন এছ এৰ অভিযোগ খাৰিজ কৰি তেওঁক মুকলি কৰাৰ নিৰ্দেশ দিয়ে।

৪)আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয় দিন। এই সময়চোৱাত মন্ত্ৰী বিমল বৰাই ঘোষণা কৰে যে,’পাঁচগ্ৰামত স্থাপন হ’ব মিথানল উৎপাদনক্ষম বাঁহ উদ্যোগ। কেষ্ট্ৰো পেট্ৰ’কেমিকেলেৰে স্থাপন কৰিব এই উদ্যোগটো। ইয়াৰোপৰি বহুকেইজন মন্ত্ৰীয়ে বিভিন্ন দিশৰ ওপৰত তথ্য আজি বিধানসভাত দাখিল কৰে।

৫)পাকিস্তানী চোৰাংচোৱা সংস্থাৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত শেহতীয়াকৈ আৰক্ষীয়ে আন এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। হাৰিয়ানাৰ নুহ জিলাৰ পৰা গ্ৰেপ্তাৰ হোৱা এই যুৱকজন মহম্মদ ৰিজৱান খান (২৪) বুলি চিনাক্ত হৈছে।আৰক্ষীৰ তথ্য অনুসৰি, ৰিজৱানে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আই (ISI)ৰ সৈতে বিভিন্ন গোপন তথ্য শ্বেয়াৰ কৰিছিল। ইয়াৰ ভিত্তিতে দিল্লীৰ পৰা নিয়া (NIA), চি আই এ, টাৱাডুৰ যৌথ অভিযানত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

৬)অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে পঞ্জাৱৰ খাদূৰ চাহাবৰ নিৰ্দলীয় সাংসদ অমৃতপাল সিং। শেহতীয়াকৈ তেওঁ সংসদৰ শীতকালীন অধিৱেশনত উপস্থিত থাকিবলৈ অনুমতি বিচাৰিছিল যদিও পঞ্জাৱ চৰকাৰে তেওঁৰ অনুৰোধ নাকচ কৰিছে। বৰ্তমান অমৃত পাল সিং ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে।

৭)বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই কয় যে ২০১৪ চনৰ পৰা ৰাহুল গান্ধী তথা কংগ্ৰেছ দল, বাঁওপন্থী দলসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতৰ বিৰুদ্ধে ভুৱা তথ্য প্ৰচাৰ কৰি আহিছে। তেওঁ কয় যে, এক্সৰ এটা নতুন ফিচাৰে এই কথা স্পষ্ট কৰিছে। লগতে কয়, ৰাহুল গান্ধীয়ে বিদেশলৈ গৈ দেশ বিৰোধী মন্তব্য দিয়াৰ লগতে এটা ডিজাইনৰ অধীনত বিদেশৰ মানুহে ভাৰতত নেৰেটিভ চেট কৰাৰ কাম কৰে।

৮) WPL 2026 ৰ সময়সূচী ঘোষণা। বিচিচিআইয়ে ঘোষণা কৰে যে এই প্ৰতিযোগিতাখন নৱী মুম্বাই আৰু বদোদৰা নামৰ দুখন চহৰত অনুষ্ঠিত হ’ব। অহা ৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব মহিলা প্ৰিমিয়াৰ লীগ, ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব চূড়ান্ত খেল। প্ৰথমখন খেল নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আৰু চূড়ান্ত খেল হ’ব বদোদৰাৰ বিচিএ ষ্টেডিয়ামত।

৯)হংকঙত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই ঘটনাৰ ফলত বৰ্তমান পৰ্যন্ত ৫৫ জন লোকৰ মৃত্যু হৈছে। এই অগ্নিকাণ্ড ইমানেই ভয়াবহ আছিল যে এতিয়াও সন্ধানহীন হৈ আছে প্ৰায় ৩০০ লোক। গতিকে পৰৱৰ্তী সময়ত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই জুই ৩২ মহলীয়া টাৱাৰৰ বাহিৰৰ বাঁহত লাগে। ইতিমধ্যে অঞ্চলটোৰ প্ৰায় ৯০০ লোকক অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছে। ঘটনাস্থলীত ১৪০তকৈ বেছি ফায়াৰ ট্ৰাক আৰু ৬০ খনতকৈ অধিক এম্বুলেন্স আছে।

 

 

অন্য খবৰ পঢ়কঃ ৰিজৱান আৰু পাৰভেজ কোন? বৈৰী ৰাষ্ট্ৰ পাকিস্তানক কি তথ্য প্ৰদান কৰিছিল…