শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কা-ৰ ভিত্তি বৰ্ষৰ ম্যাদ বৃদ্ধিৰ পৰা ভূমিকম্পত ১৪০০ জনৰ মৃত্যুলৈ, দিনটোৰ শীৰ্ষ খবৰ…

আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বলৈ বিভিন্ন ঘটনা সংঘটিত হয়। কা- বিষয়টোৱে পুনৰ ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত কৰি তুলিছে। শেহতীয়াকৈ কেন্দ্ৰই কা-ৰ ম্যাদ বৃদ্ধি কৰিছে।

কা-ৰ ভিত্তি বৰ্ষৰ ম্যাদ বৃদ্ধিৰ পৰা ভূমিকম্পত ১৪০০ জনৰ মৃত্যুলৈ, দিনটোৰ শীৰ্ষ খবৰ…
কাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 03 Sep 2025 20:50 PM

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

১. পুনৰ নাগৰিকত্ব সংশোধনী আইনক লৈ চৰ্চা সমগ্ৰ দেশত। কেন্দ্ৰই নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ভিত্তি বৰ্ষৰ ম্যাদ ১০ বছৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যাৰ ফলত ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতলৈ অহা অ-মুছলমান অনুপ্ৰৱেশকাৰীয়ে আবেদন কৰিব পাৰিব ভাৰতীয় নাগৰিকত্বৰ বাবে। এই আইন গৃহীত কৰাৰ সময়ত আবেদনৰ বাবে সময়সীমা আছিল ২০১৪ চনৰ ৩১ ডিচেম্বৰ।

২. কেন্দ্ৰই কা’ৰ ভিত্তি বৰ্ষৰ ম্যাদ বৃদ্ধিৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই। তেওঁ কয় যে, আমাৰ জাতীয় দলিল “অসম চুক্তি” খনক নস্যাৎ কৰি নাগৰিকত্ব সংশোধনী আইনখন ৰূপায়ন কৰাৰ যো জা কৰি আছে বিজেপি চৰকাৰে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিদেশী ন্যায়াধিকৰণত চলি থকা বিদেশী নাগৰিকৰ গোচৰ, ধৰ্মৰ ভিত্তিত প্ৰত্যাহাৰৰ নিৰ্দেশ দিছে। ইয়াৰ পাছতে এতিয়া একাংশ বিদেশী নাগৰিকৰ নাগৰিকত্ব লাভৰ পথ মুকলি হ’ল।

৩. চৰকাৰে কা’ৰ অধীনত বিদেশীক নাগৰিকত্ব প্ৰদানৰ সময়সীমা বৃদ্ধিৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে জাঙুৰ খাই উঠিছে অজাপ। আজি অসম জাতীয় পৰিষদৰ শতাধিক বিষয়ববীয়া আৰু সদস্যই দলটোৰ জুৰোডস্থিত মুখ্য কাৰ্যালয়ত সমবেত হৈ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে কা’ আইনৰ নতুন সংশোধনীৰ অধিসূচনাখনৰ কেইবাটাও প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

৪. মাত্ৰ তিনিজন বিদেশীকহে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে অসমত। মুঠ ১২ গৰাকীয়ে আবেদন কৰিছিল যদিও ইয়াৰ মাজৰ পৰা তিনিজনকহে দিয়া হৈছে নাগৰিকত্ব। বুধবাৰে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে অসমত লাখ লাখ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব বুলি থকা আশংকাৰ বিপৰীতে ইমান কম সংখ্যক আবেদনৰ পটভূমিত CAA সন্দৰ্ভত আলোচনা কৰাটো অসাৰ।

৫. অহা ৫ ছেপ্টেম্বৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ’ব শিক্ষক দিৱসৰ অনুষ্ঠান। ইয়াৰ পূৰ্বে ঘোষণা কৰা হৈছে ৰাজ্যিক পৰ্যায়ৰ কৃতি শিক্ষক বঁটা। এই বঁটাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ১৫ গৰাকী শিক্ষকৰ নাম নিৰ্বাচন কৰা হৈছে। ইতিমধ্যে এই ক্ষেত্ৰত চৰকাৰৰ পৰা জাননী জাৰি কৰা হৈছে। এই শিক্ষক-শিক্ষয়িত্ৰী কেইগৰাকীক অহা ৫ ছেপ্টেম্বৰত কেন্দ্ৰীয় শিক্ষক দিৱসৰ কাৰ্যসূচীত বঁটা প্ৰদান কৰা হ’ব।

৬. পুৱাই মা কামাখ্যাত উপস্থিত মনু ভাকেৰ। দুটাকৈ অলিম্পিক পদকজয়ী শ্বুটাৰ গৰাকীয়ে মা কামাখ্যাৰ আশিস গ্ৰহণ কৰে। আজি ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ আহিথে মনু ভাকেৰ। অসম অলিম্পিক সংস্থাই শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত মনুক জনাব সম্বৰ্ধনা।

৭. ডিমা হাছাওৰ ৩০০০ বিঘা মাটি প্ৰতি বিঘাত বছৰি ২৫০ টকাকৈ মাচুল লৈ ৩০ বছৰলৈ লীজত দিয়া বিষয়টোত তীব্ৰ বিৰোধিতা জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। ৩টা কোম্পানীক হাজাৰ হাজাৰ বিঘা মাটি চিমেণ্ট ফেক্টৰীৰ নামত চৰকাৰে আৱণ্টন দি খনিজাত সামগ্ৰীৰ লুণ্ঠনৰ অনুজ্ঞাপত্ৰ দিয়া বুলি কয় কংগ্ৰেছে। অসমৰ ৰাইজক সংবিধানৰ ষষ্ঠ অনুসূচীৰ ভূমিৰ অধিকাৰ সন্দৰ্ভত সচেতন হৈ থাকিবৰ বাবে আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।

৮. দেওবাৰে নিশা আফগানিস্তানত হোৱা ভূমিকম্পত বৰ্তমানলৈকে প্ৰায় ১৪০০ লোকৰ মৃত্যু হৈছে। আহত হৈছে কমেও ২৫০০ লোক। এই সময়ত আফগানিস্তানক সহায়ৰ হাত আগবঢ়াইছে ভাৰতে। আফগানিস্তানৰ জনসাধাৰণৰ সহায়ৰ বাবে ২১ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰতে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে ভাৰতে আফগানিস্তানৰ প্ৰতিটো পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে আৰু প্ৰয়োজন হ’লে সম্ভৱপৰ সকলো সাহায্য আগবঢ়াবলৈ সাজু।

৯. আজি অভিৰুচী ক্ৰীড়া দিৱস। অৰ্জুন ভোগেশ্বৰ বৰুৱা জন্মদিন উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তত নানা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। সৰুসজাইত আয়োজিত অনুষ্ঠানত আজি প্ৰদান কৰা হয় ভোগেশ্বৰ বৰুৱা স্মাৰক ক্ৰীড়া বঁটা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে এই অনুষ্ঠানত।

 

অন্য খবৰ পঢ়কঃ Orunodoi 3.0: কেতিয়া আৰম্ভ হ’ব অৰুণোদয় ৩.০? এইবাৰ মহিলাসকলে লাভ কৰিব অতিৰিক্ত টকা…