আজি ক’ত কি ঘটিল ? পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ
আজি ৬ ডিচেম্বৰ, শনিবাৰ। আজিৰ শিৰোনামত বহু গুৰুত্বপূৰ্ণ খবৰ আছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ তৃতীয় এদিনীয়া মেচলৈকে পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।
আজি ৬ ডিচেম্বৰৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। ১২ ডিচেম্বৰত এছ আই টিয়ে দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট। সংবাদমেলযোগে এই কথা জনালে এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। ক্ষিণ কামৰূপৰ পলাশবাৰীত বন্যহস্তীৰ মৃত্যু। কান্দুপুৰত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয় এটা বনৰীয়া হাতীয়ে। ইয়াৰ লগতে চাওঁ দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
দিনটোৰ শীৰ্ষ খবৰ
- অহা ১২ ডিচেম্বৰত এছ আই টিয়ে দাখিল কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট। সংবাদমেলযোগে এই কথা জনালে এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। তেওঁ কয় যে মাত্ৰ এখনেই চাৰ্জশ্বীট দাখিল কৰা হ’ব। ইতিমধ্যে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে এছ আই টি। প্ৰায় ৩ শতাধিক লোকক এই ঘটনা সন্দৰ্ভত সোধা-পোছা কৰিছিল এছ আই টিয়ে।
- দক্ষিণ কামৰূপৰ পলাশবাৰীত বন্যহস্তীৰ মৃত্যু। কান্দুপুৰত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয় এটা বনৰীয়া হাতীয়ে। ঘটনাৰ খবৰ পাই সেই স্থানত উপস্থিত হয় বন বিভাগৰ লোক। স্থানীয় লোকৰ সহায়ত সেই স্থানতেই হাতীটোৰ শেষকৃত্য সম্পন্ন কৰা হয়। বিগত কিছুদিন ধৰি পলাশবাৰীৰ বিভিন্ন অঞ্চলত দেখা গৈছে বন্যহস্তীৰ মুক্ত বিচৰণ।
- ধেমাজিত ভাৰতীয় খাদ্য নিগমৰ চাউল হৰণলুকীৰ অভিযোগ। গুদামৰ পৰাই নোহোৱা হ’ল প্ৰায় ২৬,৮০০ বস্তা চাউল। এই গুদামৰ তদাৰকীৰ দায়িত্বত আছিল ৰাকেশ দাস। প্ৰাথমিক তদন্তৰ পাছত ৰাকেশ দাসসহ ৫ গৰাকী কৰ্মচাৰীক নিলম্বনৰ নিৰ্দেশ।
- দুদিনীয়া ভ্ৰমণসূচীৰে বৰাকত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি তেওঁ হাইলাকান্দি জিলাত উপস্থিত হৈ মহিলাসকলক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে। নিজৰ ভাষণত তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গামোচা আৰু চাহপাতক সমগ্ৰ বিশ্বত ঐতিহ্য হিচাপে তুলি ধৰিছে।
- গুৱাহাটী মহানগৰীৰ পামহীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এই অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰীক। দুয়োৰে পৰা প্ৰায় ৫ লাখ টকা মূল্যৰ ড্ৰাগছৰ লগতে ৬৩,০০০ টকা নগদ ধন জব্দ কৰে আৰক্ষীয়ে। মণিপুৰৰ পৰা তপন শৰ্মা আৰু পৰী বড়ো নামৰ দুই সৰবৰাহকাৰীয়ে আনিছিল ড্ৰাগছখিনি।
- অহা ১০ ডিচেম্বৰত মুকলি কৰা হ’ব গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মীয়মান শ্বহীদ স্মাৰক। ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে এই শ্বহীদ স্মাৰক। অহা ১০ ডিচেম্বৰত চৰকাৰে পালন কৰিব শ্বহীদ দিৱস। আজি এই স্মাৰক স্থলী পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰাই।
- ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিত্ৰতা অক্ষুণ্ণ থাকিব অগপৰ। আজি এই কথা সদৰী কৰে দলটোৰ সভাপতি অতুল বৰাই। তেওঁ কয় যে কংগ্ৰেছৰ অপকৰ্ম, দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ ভুল সিদ্ধান্তৰ বাবেই চলিছিল অসম আন্দোলন। বাংলাদেশৰ পৰা প্ৰব্ৰজনৰ ৰাস্তা খুলি দিছিল কংগ্ৰেছে। কংগ্ৰেছক মূল শত্ৰু আখ্যা দিয়ে অতুল বৰাই।
- পশ্চিম বংগৰ মুৰ্শিদাবাদত আজি আধাৰশিলা স্থাপন কৰা হয় বাবৰি মছজিদৰ। তৃণমূল কংগ্ৰেছৰ পৰা বহিষ্কৃত বিধায়ক হুমায়ুন কবীৰৰ প্ৰচেষ্টাত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে এই মছজিদ। ৰেজিনগৰৰ চেতিয়ানীত আজি আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে প্ৰায় ৫ সহস্ৰাধিক লোক। বাবৰি মছজিদ নিৰ্মাণক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল যদিও আদালতে হুমায়ুনৰ পক্ষত নিৰ্দেশনা জাৰী কৰে।
- ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আজি বিশাখাপট্টনমত অনুষ্ঠিত হৈছে এদিনীয়া শৃংখলাৰ তৃতীখন মেচ। ভাৰতে টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। দঃ আফ্ৰিকাই ৪৭.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৭০ ৰাণ সংগ্ৰহ কৰে। দঃ আফ্ৰিকাৰ হৈ কুইণ্টন ডিককে ১০৬ ৰাণৰ ইনিংছ খেলে। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণ আৰু কুলদীপ যাদৱে ৪ টাকৈ উইকেট দখল কৰে।