জনজাতিকৰণক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি, পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ
আজি ১ ডিচেম্বৰ, বুধবাৰ। আজি বহু কেইটা গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। ৰাজনীতিৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈকে চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। পুনৰ ১১ বাংলাদেশীক ওভতাই পঠিয়ালে সীমান্তৰক্ষী বাহিনীয়ে। ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানক লৈ উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত বিধানসভাত দাখিল কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদন এক প্ৰহসন বুলি দাবী কৰিছে অসম জাতীয় পৰিষদে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
দিনটোৰ শীৰ্ষ খবৰ
- নিশা এন্ধাৰৰ সুযোগ লৈ অসমত প্ৰৱেশৰ চেষ্টা কৰা ১১ বাংলাদেশীক ওভতাই পঠিয়ালে সীমান্তৰক্ষী বাহিনীয়ে। যোৱা নিশা শ্ৰীভূমি জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰে অসমত প্ৰৱেশৰ চেষ্টা কৰিছিল ১১ জনীয়া দলটোৱে। কিন্তু আৰক্ষীয়ে সফলতাৰে তেওঁলোকক ঘূৰাই পঠিয়াবলৈ সক্ষম হয়।
- ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানক লৈ উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি। ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰতিবেদনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাসকলক তেওঁৰ চৰকাৰে আমন্ত্ৰণ জনাই নথিখনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়বোৰ আলোচনা কৰিব। তিনিজন মন্ত্ৰীক দিয়া হৈছে এই দায়িত্ব।
- ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত বিধানসভাত দাখিল কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদন এক প্ৰহসন বুলি দাবী কৰিছে অসম জাতীয় পৰিষদে। সোমবাৰে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে যোৱা ছবছৰে ৰাজ্যসভাত পৰি আছে সংবিধান সংশোধনী বিধেয়ক। এতিয়া এইটো নিৰ্বাচনী ললিপপ! ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত অসমবাসীক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে টুপী পিন্ধাইছে বুলিও কয় নেতাগৰাকীয়ে।
- নগাঁৱৰ ৰূপহীহাটত শোকাৱহ ঘটনা। যোৱা নিশা এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিনিগৰাকীকৈ যুৱকে। এখন বাইকেৰে যাত্ৰা কৰি থকাৰ সময়তেই কোনো অজ্ঞাত বাহনৰ সৈতে সংঘৰ্ষত পতিত হয় যুৱক তিনিজন। ৰূপহীৰ পৰা বালিগাঁও অভিমুখে যাত্ৰা কৰাৰ সময়তেই সংঘটিত হয় এই দুৰ্ঘটনা। মৃত যুৱক তিনিজন হৈছে ৰাজদুল, মেহদী আলম আৰু শ্বাকিল আহমেদ।
- আজিৰে পৰা অনুষ্ঠিত হৈছে বিটিচিৰ বিধানসভা অধিৱেশন। ইয়াৰ মাজতে আজি বিটিচিৰ সচিবালয়ত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসম চৰকাৰ আৰু বিটিচিৰ প্ৰতিনিধি। অসম চৰকাৰৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু চৰণ বড়ো উপস্থিত থকাৰ বিপৰীতে বিচিটিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী আৰু উপমুখ্য কাৰ্যবাহীৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটা। বিটিচিৰ সচিবালয়ত আক্ৰমণৰ ঘটনাক গৰিহনা দিয়ে তেওঁলোকে।
- বঢ়মপুৰ সমষ্টিৰ মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰায় ৩৪ হাজাৰ মহিলাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে ডঃ শৰ্মাই। অনুষ্ঠানত ভাষণ দি অসম জাতীয় পৰিষদত যোগদান কৰা প্ৰাক্তন বিজেপি নেতা ৰাজেন গোঁহাইক শুভেচ্ছা জনায় মুখ্যমন্ত্ৰীয়ে। লগতে কঠিয়াতলিত মামা বজাৰ নামেৰে এখন বজাৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে।
- আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। প্ৰথম দিনটোতে উত্তাল হৈ পৰে সদন। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদ ভৱনৰ চৌহদত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীক সমালোচনা কৰে। পৰাজয়ৰ গ্লানি পৰিহাৰ কৰি নীতিত বিশ্বাস কৰিবলৈ বিৰোধী দলক পৰামৰ্শ দিয়ে মোদীয়ে। SIR ক লৈ তীব্ৰ হুলস্থূল হোৱাৰ পৰিপ্ৰেক্ষিতত দিনটোৰ বাবে লোকসভাৰ কামকাজ স্থগিত ৰখা হয়।
- দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত শতক অৰ্জন কৰি সমালোচকৰ মুখ বন্ধ কৰিলে বিৰাট কোহলীয়ে। কেৰিয়াৰৰ ৫২ সংখ্যক এদিনীয়া শতক অৰ্জন কৰে কোহলীয়ে। ২০২৭ ৰ বিশ্বকাপত কোহলীয়ে দলত স্থান লাভ কৰা সন্দৰ্ভত আলোচনাৰ প্ৰয়োজন নাই বুলি কয় বেটিং প্ৰশিক্ষক সীতাংশু কোটকে।
- আজি সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে বাহিনীটোৰ প্ৰতিগৰাকী সদস্যক শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। দেশ সেৱাৰ ক্ষেত্ৰত বিএছএফৰ জোৱানসকলৰ অদম্য সাহস আৰু ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে প্ৰধানমন্ত্ৰীয়ে।