শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning News: শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ পৰা আমেৰিকাৰ মিছাইল পৰীক্ষণলৈ…পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ পৰা আমেৰিকাৰ মিছাইল পৰীক্ষণলৈ…পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Updated On: 06 Nov 2025 07:20 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ৰাজ্যত আৰম্ভ হ”ল শ্ৰীকৃষ্ণৰ ৰাসলীলা। ১৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা পলাশবাৰী ৰাস মহোৎসৱস্থলীটো দেখা গল ভক্তৰ সমাগম। ৰাসৰ মুখ্যদ্বাৰ মুকলি কৰিলে ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই। অনুষ্ঠানত ‘মানুহে মানুহৰ বাবে’ গীতটি গাই সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি। লগতে পৰিৱেশন কৰে জুবিন গাৰ্গৰ ‘মায়াবিনী ৰাতিৰ বুকুত’।
  2. বকোৰ বন্দাপাৰাৰ সোণালীপাৰাত বন্যহস্তীৰ আক্ৰমণত কৰুণ মৃত্যু দম্পতীৰ। জানিব পৰা মতে, নিহত দম্পতী ৰামু বড়ো আৰু নিৰ্মলা বড়ো। চেচাপানীৰ আত্মীয়ৰ ঘৰলৈ গৈ থকাৰ সময়তে বন্যহস্তীয়ে আক্ৰমণ কৰে দম্পতীক।
  3. হাফলং উপ-কাৰাগাৰৰ পৰা পলায়ন কয়দীৰ। অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ কাষতে থকা কয়দীয়ে দিন-দুপৰতে কৰে পলায়ন। জানিব পৰা মতে, পলাতক কয়দীটো বেটছিং জিডুং ওৰফে মাষ্টাৰ ওৰফে ডিমাছা জিডুং। পলাতক কয়দীটো বিদ্ৰোহী সংগঠন DNLAৰ প্ৰাক্তন কেডাৰ।
  4. দুলীয়াজানত জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ ছবি ভাইৰেল কৰি আটক এজন যুৱক। ধৃত যুৱকজন ২নং চলাকটকীৰ প্ৰাৰ্থ প্ৰতীম গগৈ। ছবিখনৰ দুটা ভিডিঅ’ ফেচবুকত আপলোড কৰিছিল যুৱকজনে।
  5. ৰাহুল গান্ধীৰ ভোট চুৰি অভিযোগৰ পাছতে প্ৰত্যুত্তৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ। ‘ৰাহুল গান্ধীয়ে প্ৰায়েই ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি থাকে’। ‘কিন্তু নিৰ্বাচন আয়োগৰ ওচৰত লিখিতৰূপত এবাৰো নিদিয়ে অভিযোগ’। ‘কেৱল সংবাদমেল দিয়েই দায়িত্ব সামৰে বিৰোধী নেতাজনে’। ‘ৰাহুল গান্ধীৰ অভিযোগ অসত্যৰূপে প্ৰতিপন্ন হৈ আহিছে’।
  6. আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ১২১খন আসনৰ বাবে অনুষ্ঠিত হ’ব ভোটদান প্ৰক্ৰিয়া। ইভিএমৰ জৰিয়তে ১৩১৪জন প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব ৩.৭৫ কোটি ভোটাৰে। এই পৰ্যায়ৰ বিশিষ্ট ব্যক্তিসকলৰ কথা ক’বলৈ গ’লে তেজস্বী যাদৱ, সম্ৰাট চৌধুৰী, আৰু বিজয় সিনহাৰ লগতে ১৬ জন চৰকাৰী মন্ত্ৰীৰ ভাগ্য ইভিএমত বন্দী হ’ব ।
  7. বিশ্ববিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দিল্লীৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী আৱাসত এই বাৰ্তালাপ অনুষ্ঠান। প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত টীম ইণ্ডিয়াৰ সকলো সদস্য। উপস্থিত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰশিক্ষকো। বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বিশ্বকাপ ট্ৰফী আৰু NAMO জাৰ্চি শ্বেয়াৰ কৰে খেলুৱৈসকলে।
  8. আমেৰিকাই নিৰস্ত্ৰ মিনিটমেন-৩ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (ICBM)ৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। কেলিফৰ্ণিয়াৰ ভাণ্ডেনবাৰ্গ বায়ুসেনা ঘাটিৰ পৰা ইয়াক উৎক্ষেপণ কৰা হৈছিল। পাৰমাণৱিক ৱাৰহেড কঢ়িয়াই নিব পৰা এই ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ ১৪ হাজাৰ কিলোমিটাৰ। আমেৰিকাৰ মহাকাশ বাহিনী কমাণ্ডৰ মতে, এই পৰীক্ষাৰ লক্ষ্য আছিল ক্ষেপণাস্ত্ৰৰ নিৰ্ভৰযোগ্যতা, প্ৰস্তুতি আৰু সঠিকতা পৰীক্ষা কৰা। মিনিটমেন-৩ ক্ষেপণাস্ত্ৰই প্ৰায় ৬,৭৫৯ কিলোমিটাৰ উৰিছিল।

লগতে পঢ়ক: এইসকলৰ বাঢ়িব ধন! আপোনাৰ বাবে কেনে হ’ব বৃহস্পতিবাৰৰ দিনটো? চাওক ৰাশিফল…