শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning News: দীপক শৰ্মাৰ শেষকৃত্যৰ পৰা নেপালৰ হিমস্খলনলৈ… পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: দীপক শৰ্মাৰ শেষকৃত্যৰ পৰা নেপালৰ হিমস্খলনলৈ… পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Published: 04 Nov 2025 07:17 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. সোমবাৰে দিছপুৰস্থিত লোকসেৱা ভৱনৰ সভাকক্ষত ‘মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা’ আঁচনিখনৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই । স্নাতক ডিগ্রীধাৰী যুৱক-যুৱতীসকলে মাহিলী আর্থিক সাহায্যৰে যাতে প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাব পাৰে অথবা ব্যৱসায় বাণিজ্যৰে উদ্যমিতাৰ পথত আগবাঢ়ি যাব পাৰে, সেই উদ্দেশ্যে অসম চৰকাৰে এই আঁচনিখনৰ আৰম্ভণি কৰিছে।
  2. বিশিষ্ট বাঁহীবাদক, শিল্পী দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰ চেন্নাইৰ পৰা অসমলৈ অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হ’ব শিল্পীগৰাকীৰ শেষকৃত্য। আজি গুৱাহাটী বিমান বন্দৰ আহি পাব শিল্পীগৰাকীৰ নশ্বৰ দেহ। সোমবাৰে পুৱা চেন্নাইত চিকিৎসাধীন অৱস্থাত পুৱা ৬.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে।
  3. ছিংগাপুৰত হত্যা কৰা হৈছিল জুবিন গাৰ্গক! জুবিন গাৰ্গক হত্যা কৰি অসমীয়াৰ বুকু শুদা কৰিবলৈ ৰচা হৈছিল ষড়যন্ত্ৰ। SITৰ চাৰ্জশ্বীটৰ তথ্যই আকৌ এবাৰ জোকাৰি যাব সকলোকে। এই মন্তব্য প্ৰদান কৰি ৮ ডিচেম্বৰত SITয়ে চাৰ্জশ্বীট দাখিলৰ সম্ভাৱনা ব্যক্ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
  4. মুকালমুৱাৰ বামুণবড়িত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই তিনিচকীয়া বাহনৰ বিদ্যুতৰ খুঁটাত খুন্দা। দুৰ্ঘটনাত থিতাতে নিহত অনিল আলী নামৰ এজন যাত্ৰী, আনহাতে দুৰ্ঘটনাত আহত হয় আন তিনিজন যাত্ৰী।
  5. শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত এটা দিন। উজনিৰ পৰা নামনিলৈ চলিছে ৰাসোৎসৱৰ ব্যাপক প্ৰস্তুতি। ঠায়ে-ঠায়ে চলিছে ৰাসৰ আখৰা। মৃণ্ময় মূৰ্তি শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল।
  6. ৫ নৱেম্বৰত ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে নলবাৰীত বিশেষ অনুষ্ঠান। ৫ সহস্ৰাধিক লোকে একেলগে পৰিৱেশন কৰিব ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক কালজয়ী গীত।
  7. গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব টেষ্ট ক্ৰিকেট। ২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰাত হ’ব ভাৰত-দক্ষিণ আফ্রিকাৰ টেষ্ট মেচ। ৫ নৱেম্বৰৰ পৰা BookMyShowত উপলব্ধ হ’ব টিকট। দুটাকৈ শিতানত মুকলি কৰা হ’ব টিকট । শিক্ষার্থীৰ বাবে এদিনত ৫০টকা আৰু সাধাৰণ দৰ্শকৰ বাবে ১০০টকা।
  8.  উত্তৰ-পূব নেপালৰ ইয়ালুং ৰি পৰ্বতত ভয়ংকৰ হিমস্খলন। ৭ জন লোক নিহত, ৪ জন আহত, আৰু এতিয়াও সন্ধানহীন হৈ আছে ৪ জন । ৫৬৩০ মিটাৰ উচ্চতাৰ এই পৰ্বত বাগমতী প্ৰদেশৰ দোলাখা জিলাৰ ৰ’লৱালিং উপত্যকাত অৱস্থিত । নিহতসকলৰ ভিতৰত আছিল তিনিজন আমেৰিকান, এজন কানাডিয়ান, এজন ইটালীয় আৰু দুজন নেপালী। ১২ জনীয়া ট্ৰেকিং গ্ৰুপৰ অংশ আছিল তেওঁলোক।

লগতে পঢ়ক: এইসকল লোকৰ ফুলিব কপাল! আপোনাৰ বাবে কেনে হ’ব মঙলবাৰৰ দিনটো? চাওক ৰাশিফল…