Morning News: দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।
পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- বুধবাৰে লোকসেৱা ভৱনত আয়োজিত এক অনুষ্ঠানত আয়ুষ্মান অসম-মুখ্যমন্ত্রী লোক সেৱক আৰোগ্য যোজনাৰ অধীনত নগদবিহীন স্বাস্থ্য সেৱাৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই । এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰী ,পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলেনগদ বিহীন চিকিৎসা সেৱা লাভ কৰে। অনুষ্ঠানত আঁচনিখনৰ হেলথ কাৰ্ড বিতৰণ কৰে।
- ৰৈ ৰৈ বিনালে ছবিখনৰ কৰ সন্দৰ্ভত বিশেষ সিদ্ধান্ত অসম চৰকাৰৰ। বুধবাৰে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰৈ ৰৈ বিনালে ছবিখনৰ পৰা অসম চৰকাৰে কেন্দ্ৰৰ পৰা যি কৰ (GST) লাভ কৰিব সেয়া কলাগুৰু আৰ্টিছ ফাউণ্ডেশ্যনলৈ দান কৰা হ’ব। এই ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰিছিল জুবিন গাৰ্গে।
- ৭,৮,৯ নৱেম্বৰত ৩টা বিশেষ অনুষ্ঠান হ’ব অসমত। অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন। ৭ নৱেম্বৰৰ পুৱা নিৰ্মলা সীতাৰমন যাব জাগীৰোডলৈ। ৮ নৱেম্বৰত গহপুৰলৈ যাব নিৰ্মলা সীতাৰমন। ৯ নৱেম্বৰত অসমলৈ আহিব ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। অসমত কেইবাটাও অনুষ্ঠানত অংশ ল’ব মন্ত্ৰীকেইগৰাকীয়ে।
- পলাতক বিকাশ অসমৰ ফেচবুক পোষ্ট। সময়ত নিজেই আৰক্ষীৰ ওচৰত হাজিৰ হ’ব বিকাশ অসম। পত্ৰযোগে এই কথা উল্লেখ কৰিলে বিকাশ অসমে। ৭ পৃষ্ঠাৰ লিখনিযোগে জনালে এই কথা । সকলো অভিযোগক নস্যাৎ কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এই পত্ৰ।
- ৰাজ্যৰ ২০৬৮ খন ৰাস কমিটিলৈ ২৫ হাজাৰকৈ সাহায্য চৰকাৰৰ। মাজুলীৰ ৬৭ খন ৰাস কমিটিলৈ ৫০ হাজাৰকৈ টকাৰ সাহায্য। ৰাজ্যিক কেবিনেটৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰীৰ। ইযাৰ উপৰিও ৰাজ্যৰ বান ৰোধৰ বাবে ২,২০৫ কোটি টকাৰ অনুমোদন।
- আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ ইস্তাহাৰ প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। গৃহমন্ত্ৰী অমিত শ্বাহে ইস্তাহাৰ মুকলি কৰাৰ সম্ভাৱনা। আজি বিহাৰত চাৰিখনকৈ নিৰ্বাচনী সভাত ভাষণ দিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। লখিচৰাই, তাৰাপুৰ মুংগেৰ, হিলছা নালন্দা, আৰু পালিগঞ্জ পাটনাত অনুষ্ঠিত কৰিব ৰেলী।
- শেহতীয়াকৈ আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত যথেষ্ট ক্ষতি হোৱাৰ পিছতো ইৰাণৰ পাৰমাণৱিক স্থানত পুনৰ কাৰ্যকলাপ আৰম্ভ হৈছে। ৱাশ্বিংটনস্থিত চেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ইণ্টাৰনেশ্যনেল ষ্টাডিজৰ (চিএছআইএছ) নতুন উপগ্ৰহৰ চিত্ৰৰ বিশ্লেষণে এই তথ্য প্ৰকাশ কৰিছে, যাৰ ফলত ইৰাণৰ পাৰমাণৱিক উচ্চাকাংক্ষাক লৈ পুনৰ উদ্বেগ প্ৰকাশ পাইছে।
- মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা। বৰ্ষাপাৰাৰ মেচত ১২৫ ৰানত জয়ী হয় দলটো । ১৯৪ ৰানত অলআউট ইংলেণ্ড। আজি ৩০ অক্টোবৰ, বৃহস্পতিবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমি ফাইনেল। ডাঃ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত মুখামুখি হ’ব দুয়োটা দল।
লগতে পঢ়ক: এইসকল লোকৰ বৃদ্ধি পাব সুনাম, আপোনাৰ বাবে কেনে হ’ব বৃহস্পতিবাৰ দিনটো? চাওক ৰাশিফল…