শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
trishna-kalita
Trishna Kalita | Published: 03 Jul 2025 07:30 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. বুধবাৰে দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।  বুধবাৰে কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি ৰাজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে। বৈঠকৰ সময়ত শৰ্মাই চলি থকা আন্তঃগাঁথনি প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰাৰ বাবে পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ পৰা সহায়-সহযোগিতা বিচাৰে। ইফালে অসমত চলি থকা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহ সময়মতে ৰূপায়ণৰ বাবে পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ সহায়ৰ আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
  2. গোৱালপাৰা চহৰৰ বিহু ফিল্ডত তপা মূৰৰ চিকিৎসা কৰিবলৈ গৈ বিপদত পংকজ পাঠক। অভিযোগ অনুসৰি, আচাৰ্য পংকজ পাঠক আৰু তেওঁৰ কোম্পানীয়ে উপৰ্যুপৰি আক্ৰমণ কৰে বিহু ফিল্ড পৰিচালনা কমিটীৰ সম্পাদক তপন চক্ৰৱৰ্তীক। তাৰ পাছতে স্থানীয় ৰাইজে পংকজ পাঠক আৰু তেওঁৰ কোম্পানীৰ সদস্যক আঁঠুকাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰায়।
  3. বুধবাৰে সন্ধিয়া গুৱাহাটীত চাঞ্চল্যকৰ কাণ্ড। সামান্য কথাতে ৰাজপথত এগৰাকী যুৱতীক প্ৰহাৰৰ অভিযোগ উবেৰ চালকৰ বিৰুদ্ধে। দিছপুৰ থানাৰ সমীপতে সৈতে সংঘটিত এই মাৰপিটৰ ঘটনা। সামান্য কথাতে যুৱতীগৰাকীক প্ৰচণ্ড ঘোচা উদণ্ড উবেৰ চালকজনক। চালকজনক কৰায়ত্ত কৰে ৰাইজে।
  4. আমেৰিকাত অসম সন্তানৰ সাফল্য। লং জাম্পত সোণৰ পদক অৰ্জন এথলীট ৰিম্পী বুঢ়াগোহাঁইৰ। WORLD POLICE MEETৰ প্ৰতিযোগিতাত এই সাফল্য। আলাবামাৰ বাৰ্মিংহাম চহৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।
  5. ২০২৫ চনৰ ২১ জুলাইৰ পৰা ২১ আগষ্টলৈ অনুষ্ঠিত হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন । সংসদ পৰিক্ৰমা মন্ত্ৰালয়ে এক আনুষ্ঠানিক অধিসূচনাযোগে নিশ্চিত কৰিছে যে ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপনৰ পূৰ্বে প্ৰস্তুতি আৰু নিৰাপত্তাৰ ব্যৱস্থাৰ বাবে ১৩ আৰু ১৪ আগষ্টত কোনো বৈঠক নহ’ব । সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে এই সময়ছোৱাত সংসদৰ দুয়োখন সদন আহ্বান কৰাৰ প্ৰস্তাৱত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুমোদন জনাইছে।
  6. ৮ দিনীয়া ভ্ৰমণসূচীৰে ৫ দেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২ দিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে ঘানাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী। ঘানাৰ ৰাষ্ট্ৰপতি জন ড্ৰামানী মহামাই বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায়। এইটোৱেই হৈছে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম ঘানা ভ্ৰমণ। তিনি দশকৰ ভিতৰত এয়া প্ৰথমবাৰৰ বাবে ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিছে। ঘানাত প্ৰধানমন্ত্ৰী মোদীক গাৰ্ড অৱ অনাৰৰ লগতে ২১ বন্দুকৰ চেলুট দিয়া হয়। একে সময়তে ঘানাত প্ৰধানমন্ত্ৰী মোদীক ‘দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ৰে সন্মানিত কৰা হয়।
  7. এডগবাষ্টনত আৰম্ভ হোৱা ইংলেণ্ড আৰু ভাৰতৰ দ্বিতীয়খন টেষ্ট মেচৰ প্ৰথম দিনটোতে ৰোমাঞ্চকৰ মেচ দেখিবলৈ পোৱা গৈছে । ভাৰতীয় অধিনায়ক শুভমন গিলৰ উজ্জ্বল শতক আৰু যশস্বী জয়ছৱালৰ ইনিংছেৰে ভাৰতে শক্তিশালী বেটিং কৰে। ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কে টছত জয়লাভ কৰি প্ৰথমে বল কৰাৰ সিদ্ধান্ত লয় যদিও ভাৰতীয় বেটছমেনসকলে তেওঁৰ কৌশলক প্ৰত্যাহ্বান জনায়। প্ৰথম দিনাৰ খেলৰ শেষলৈকে টীম ইণ্ডিয়াই ৩১০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। একে সময়তে ইংলেণ্ড দলে ৫টা উইকেট দখল কৰে।

লগতে পঢ়ক: কেনে যাব আপোনাৰ বৃহস্পতিবাৰৰ দিনটো? কোনে পাব ভাল খবৰ? চাওক আজিৰ ৰাশিফল…