Morning News: দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।
পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ আইনী প্ৰক্ৰিয়াক লৈ অসন্তুষ্ট জুবিনৰ বন্ধু অভিনেতা ৰবি শৰ্মা। সংবাদ মাধ্যমত ৰবি শৰ্মাই কয়, “বিভিন্ন দল সংগঠনে জুবিনৰ ন্যায়ৰ নামত খেল খেলি আছে। গছ কটাৰ কথা কওঁতে মোৰ লগত যেনেধৰণে লাগিলে, সেইসময়খিনিত জুবিনৰ ন্যায়ৰ বাবে, মূল্য বৃদ্ধিৰ বাবে, উন্নয়নমূলক কামৰ বাবে লাগিব লাগিছিল। শাসকীয় দলটোৱে ৰাস্তাত নামি ওলাই প্ৰতিবাদী কাৰ্যসূচীক খেল-ধেমালি সদৃশ কৰিছে।”
- জুবিনৰ ন্যায়ৰ দাবী জনাই জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে এজন লোকে। লোকজন শৰৎ কলিতা বুলি চিনাক্ত হৈছে। এই ঘটনা সংঘটিত হৈছে ডিমৰীয়াৰ মালয়বাৰীত। জানিব পৰা মতে, শনিবাৰ সন্ধিয়াৰ পৰা লোকজন নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ লোকে তেওঁৰ বিচাৰ খোচৰ কৰি আছিল যদিও কোনো সন্ধান পোৱা নাছিল। বহু বিচাৰ খোচৰ কৰাৰ অন্তত দেওবাৰে পুৱাৰ ভাগত লোকজনৰ মৃতদেহ পথাৰৰ মাজত থকা এডাল গছত উদ্ধাৰ হয়।
- নিৰাপত্তাৰক্ষীয়ে আটক কৰিছে এজন দুৰ্ধৰ্ষ আলফা স্বাধীনৰ কেডাৰক। অৰুণাচল আৰক্ষী আৰু অসম ৰাইফলছৰ অভিযানত গ্ৰেপ্তাৰ হোৱা আলফা স্বাধীনৰ কেডাৰজন হৈছে থাওচেন অসম ওৰফে অনুপম দহোতীয়া। খবৰ অনুসৰি, অৰুণাচল নামচাইত অভিযান চলাইছিল অৰুণাচল আৰক্ষী আৰু অসম ৰাইফলছে। এই অভিযান কালতে থাওচেনক কৰায়ত্ত কৰে অভিযানকাৰী দলটোৱে।
- জুবিন গাৰ্গলৈ সংগীতৰত্ন খগেন্দ্ৰ নাথ পাঠক স্মৃতি বঁটা। মৰণোত্তৰভাৱে প্ৰাণৰ শিল্পীগৰাকীলৈ প্ৰদান এই বঁটা। বঁটা গ্ৰহণ কৰে জুবিনপত্নী গৰিমা শইকীয়া গাৰ্গে। আজি বৰপেটাৰ অম্বিকাগিৰী-বাণীকান্ত কাকতি বৰপেটা সাহিত্য সভা ভৱনত প্ৰদান কৰা হয় এই বঁটা। লগতে মৰমৰ শিল্পীগৰাকীলৈ প্ৰদান কৰা হয় গুৰু আসন, স্মাৰক, গামোচা, মানপত্ৰসহ গ্ৰন্থৰ টোপোলা।
- ৰঙিয়া থানাত বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ বিৰুদ্ধে এজাহাৰ। এজাহাৰ দাখিল কৰা হৈছে ইউটিউবাৰ নীলোৎপল চলিহাৰ বিৰুদ্ধেও। সামাজিক মাধ্যমযোগে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক সাঙুৰি অশ্লীল শব্দ প্ৰয়োগ কৰাক লৈ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দলৰ এজাহাৰ দাখিল। তিনিদিনৰ ভিতৰত আৰক্ষীয়ে বিকাশ অসম আৰু নীলোৎপল চলিহাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় বজৰং দলে।
- পুনৰ স্বামী জুবিন গাৰ্গক মনত পেলাই পত্নী গৰিমা গাৰ্গৰ পোষ্ট। সামাজিক মাধ্যমত গৰিমাই লিখিছে, “তুমি চাগে বহুত ব্যস্ত নহয়নে ? তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে .. শেষ পৰ্য্যায়ৰ কাম সকলো নিৰীক্ষণ কৰিব লাগে, বেকগ্ৰাউণ্ড মিউজিকৰ কামটোত যে সন্তুষ্টি নাহেই, release plan চাব লাগে.. এইবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব,অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব! কিবা নহয় কিবা এটাতো প্ৰতিখন চিনেমাত বঢ়াই নিব লাগিব ! “
- আজি বিয়লি ৪:১৫ বজাত দিল্লীৰ বিজ্ঞান ভৱনত দেশজোৰা এছ আই আৰ সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰিব নিৰ্বাচন আয়োগে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সন্ধু আৰু বিবেক যোশীয়ে সম্পূৰ্ণ সবিশেষ প্ৰদান কৰিব। অনুমান কৰা হৈছে যে নিৰ্বাচন আয়োগে দেশৰ ১০ৰ পৰা ১৫খন ৰাজ্যত SIR অনুষ্ঠিত কৰিব পাৰে, আৰু আজি এই সন্দৰ্ভত ঘোষণা কৰা হ’ব পাৰে।
- দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পাকিস্তান আৰু আফগানিস্তানৰ সংঘাত অতি শীঘ্ৰে সমাধান কৰিব বুলি কয়। তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু সেনা প্ৰধান অসীম মুনিৰক মহান ব্যক্তি বুলি অভিহিত কৰে। মালয়েছিয়াত অনুষ্ঠিত হোৱা আছিয়ান সন্মিলনৰ আঁৰত এক অনুষ্ঠানত ভাষণ দি তেওঁ পাকিস্তান আৰু আফগানিস্তানৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাৰ বিষয়ে কয়।
সবিশেষ: এই ৰাশিৰ লোকৰ বাঢ়িব বিলাসীতা! আজিৰ দিনটো কেনে যাব আপোনাৰ? চাওক ৰাশিফল…