Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- দেশী-বিদেশী পৰ্যটকৰ বাবে ভাল খবৰ। পবিতৰাত পৰ্যটকৰ বাবে জীপ ছাফাৰীৰ সময়সীমা বৃদ্ধি৷ ৩১ মে’লৈ পৰ্যটকে কৰিব পাৰিব জীপ ছাফাৰী৷ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৩ বজালৈ থাকিব এই সুবিধা৷
- শ্ৰীভূমিত ড্ৰাগছ ব্যৱসায়ৰে জড়িতৰ অভিযোগত আৰক্ষীক গ্ৰেপ্তাৰ৷ আৰক্ষী কনিষ্টবল আবুল হুছেইনক গ্ৰেপ্তাৰ কৰে পাথাৰকান্দি আৰক্ষীয়ে৷ নিলাম বজাৰৰ এটা পেট্ৰ’ল পাম্পৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আবুল হুছেইনক৷
- ম’হ কঢ়িওৱা বাহনৰ পৰা ধন লৈ নিলম্বন ৩ খাকী পোছাকধাৰী৷ জালুকবাৰী আৰক্ষী চকীৰ ৩ আৰক্ষীক নিলম্বন। হাবিলদাৰ শশী সিনহা, হোমগার্ড দুলাল দাস, ধৰ্মেশ্বৰ ৰাজবংশীক নিলম্বন কৰা হয়। বাহনৰ মালিকক ৫ হাজাৰ টকা দাবী কৰি নিলম্বিত হ’ল তিনিওগৰাকী ।
- পুনৰ উত্তপ্ত হৈ পৰাৰ আশংকা তৈলনগৰী দুলীয়াজান। তদন্ত সম্পূৰ্ণ নোহোৱাকৈ বি এন সিং তেল ডিপো খুলি দিয়াৰ পাছতে পুনৰ প্ৰতিবাদমুখৰ হৈ পৰাৰ সম্ভাৱনা আছে দুলীয়াজানৰ দল-সংগঠনৰ। শংকৰজ্যোতি বৰুৱাক মুক্তি নিদিয়ালৈকে, তনু শ্বাহীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত আৰু বি এন সিং তেল ডিপোৰ প্ৰতিবেদন ৰাজহুৱা নোহোৱালৈকে প্ৰতিবাদ অব্যাহত ৰাখিব বীৰ লাচিত সেনাই। বি এন সিং তেল ডিপো পুনৰ মুকলি কৰাৰ পাছতেই সংবাদমেলযোগে এই হুংকাৰ বীৰ লাচিত সেনাৰ।
- বাংলাদেশক কঠোৰ সকীয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ত্তৰ-পূবক লৈ তথা ‘চিকেন নেক’ হিচাপে পৰিচিত শিলিগুৰি কৰিড’ৰক কেন্দ্ৰ কৰি বাংলাদেশৰ ভাবুকিপূৰ্ণ আচৰণক লৈ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য, ভাৰতৰ উত্তৰ-পূবক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা এই সংকীৰ্ণ কৰিডৰ যিদৰে স্পৰ্শকাতৰ, বাংলাদেশৰ ভিতৰত এনে দুটা চিকেন নেক কৰিড’ৰ আছে আৰু এই দুই কৰিডৰ অধিক অসুৰক্ষিত। এক্সত এই বিষয়ত এক পোষ্ট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যিসকলে অভ্যাসগতভাৱে চিকেন নেক কৰিড’ৰত ভাৰতক ভাবুকি দিয়ে, তেওঁলোকেও এই তথ্যসমূহৰ প্ৰতি গুৰুত্ব দিব লাগে।
- জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে ভাৰত। এতিয়া অনুমান কৰা হৈছে যে অহা ৩০ৰ পৰা ৩৬ মাহত ভাৰতে জাৰ্মানীক অতিক্ৰম কৰি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। এই সন্দৰ্ভত নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বিভিআৰ সুব্ৰমণিয়ামে কয় যে, জাপানক এৰি ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। সামগ্ৰিকভাৱে বিশ্ব আৰু অৰ্থনৈতিক পৰিৱেশ ভাৰতৰ বাবে অনুকূল বুলি তেওঁ কয়।
- সমগ্ৰ দেশতে ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। দেশৰ বিভিন্ন ৰাজ্যত প্ৰতিদিনে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত চিন্তা বাঢ়িছে জনতাৰ। মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু উত্তৰাখণ্ডত ধাৰাবাহিকভাৱে দেখা গৈছে কৰ’না ভাইৰাছৰ সংক্ৰমণ । দেওবাৰে মহাৰাষ্ট্ৰত নতুনকৈ ৪৩ জন ৰোগী ধৰা পৰে, আনহাতে বিগত ২৪ ঘন্টাত ৰাজস্থানত ৬ জন নতুন Covid ৰোগী ধৰা পৰিছে।
- কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধি দলে দেওবাৰে (স্থানীয় সময় অনুসৰি) গায়ানাৰ উপ-ৰাষ্ট্ৰপতি ভৰত জগদেউক সাক্ষাৎ কৰে। প্ৰৱাসী ভাৰতীয়সকলে অতি উৎসাহ আৰু উদ্যমেৰে আদৰণি জনায় দলটোক। বৈঠকৰ অন্তত গায়ানাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “মই প্ৰতিনিধি দলটোক আশ্বাস দিলোঁ যে গায়ানা সম্পূৰ্ণৰূপে ভাৰতৰ সৈতে থিয় হৈ আছে।”