শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning News: দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ…
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Published: 20 Oct 2025 07:20 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. অসমীয়াৰ প্ৰাণৰ সুৰস্ৰষ্টা জুবিনৰ মৃত্যুৰ এমাহ পাৰ হ’ল। এমহীয়া আদ্যশ্ৰাদ্ধ উপলক্ষে দেওবাৰে সমাধিস্থলীত উপস্থিত পত্নী গৰিমা শইকীয়া গাৰ্গ। সমাধিস্থলীত উপস্থিত হৈয়েই প্ৰথমে স্বামীৰ সমাধিৰ সন্মুখত সেৱা ল’লে পত্নী গৰিমাই। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ আয়োজন৷ এতিয়া সকলোৱে মাথোঁ অপেক্ষা কৰিছে ন্যায়ৰ বাবে।
  2. জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব বিজেপি। জুবিনৰ ন্যায়ৰ নামত ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিযোগ। এই অভিযোগ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ।
  3. দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটৰ সমীপত দুর্ঘটনা। দুর্ঘটনাত নিহত এটি ৬ বছৰীয়া এটি শিশু। গুৰুতৰভাৱে আহত হয় শিশুটিৰ পিতৃ-মাতৃ। বাইক আৰু বলেৰো বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুর্ঘটনা। পিতৃ-মাতৃৰ সৈতে বাইকেৰে বোকাখাতলৈ গৈ আছিল শিশুটি।
  4. আজি পোহৰৰ উৎসৱ দীপাৱলী।  ৰং-বিৰঙী লাইট আৰু বিভিন্ন সামগ্ৰীৰ লগতে আতজবাজীৰে ভৰি পৰিছে বজাৰ । জুবিন অবিহনে এইবাৰৰ দীপাৱলীত ৰাজ্যত পূৰ্বৰ দৰে নাই উখল-মাখল পৰিৱেশ। তথাপিও অনুষ্টুপীয়াকৈ হ’লেও সকলোৱে পালন কৰিলৈ সাজু হৈছে পোহৰৰ উৎসৱ।
  5. দেৱালীৰ বাবে আটকধুনীয়াকৈ সজাই তোলা হৈছে ভগৱান ৰামৰ নগৰী অযোধ্যা । অযোধ্যাত উদযাপন কৰা হৈছে নৱম  দীপোৎসৱ এই উদ্দেশ্যে ৰাম কি পেড়ীৰ লগতে সৰযু নদীৰ পাৰৰ ৫৬টা ঘাটত ২৮ লাখৰো অধিক চাকি প্ৰজ্বলন কৰা হৈছে এইদৰে প্ৰতিবাৰৰ দীপোৎসৱৰ দৰে এইবাৰো এই মহোৎসৱে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছে
  6. দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইট কৰি কয়, “মোৰ সকলো দেশবাসীলৈ আন্তৰিক দীপাৱলী শুভেচ্ছা। পোহৰৰ এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনক সুখ, সমৃদ্ধি, আৰু সম্প্ৰীতিৰে আলোকিত কৰক – এয়া আমাৰ আন্তৰিক কামনা।”  ইফালে  দেশবাসীলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন ভাৰতীয় সেনাৰ।
  7. চলিত মহিলা ক্ৰিকেট বিশ্বকাপৰ এক গুৰুত্বপূৰ্ণ মেচত দেওবাৰে ভাৰতীয় দলক ৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছে ইংলেণ্ডে। ইয়াৰ লগে লগে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিলে ইংলেণ্ড দলে। ইয়াৰ বিপৰীতে জয়ৰ প্ৰায় কাষ চাপিও থমকি ৰ’বলগীয়া হোৱাত ভাৰতীয় দলৰ ছেমিৰ আশাত কিছু শংকা আহি পৰিছে। এতিয়া ছেমিৰ পথ প্ৰশস্ত কৰাৰ যুঁজত তীব্ৰ প্ৰতিদ্বন্দিতাৰ সন্মুখীন হ’ব লাগিব ভাৰতীয় দলে।

লগতে পঢ়ক: দীপাৱলীৰ দিনটো কেনে যাব আপোনাৰ? কোনে পাব সফলতা? চাওক আজিৰ ৰাশিফল…