দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- দুৰ্গা পূজাৰ আনন্দৰ মাজতে ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। অভিযোগ অনুসৰি আৰক্ষীৰ প্ৰহাৰত নিহত তামাৰহাটৰ মেচপাৰাৰ মনোহৰ ৰায় নামৰ যুৱকজনৰ। এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দেওবাৰে সন্ধিয়াৰ এক ঘটনাৰ কেন্দ্ৰ কৰি এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
- কাইলৈ দশমী। অন্ত পৰিব শাৰদীয় দুৰ্গোৎসৱৰ। মহানগৰীত যান-বাহন চলাচল সুচল কৰি ৰাখিবলৈ তথা জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ঘাট আৰু বিসৰ্জন স্থানসমূহলৈ যোৱা মূল পথসমূহৰ ক্ষেত্ৰত বহু বাধা-নিষেধ থাকিব। যান-বাহন আৰক্ষীয়ে লগতে সকলোকে এই নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে।
- বুধবাৰে যোৰহাটত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত উপস্থিত থাকি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে। লগতে পত্নী গৰিমা শইকীয়া গাৰ্গকো সমবেদনা জনায় উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে।
- আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ তম্ পৱিত্ৰ আবিৰ্ভাৱ তিথি। হৰিনাম ধ্বনিৰে মুখৰিত হ’ব ৰাজ্যৰ সত্ৰ-নামঘৰ।
- আজি চিআইডিৰ লকআপত প্রথমটো নিশা কটাইছে প্ৰবঞ্চক শ্যামকানু মহন্ত আৰু জুবিনৰ বিশ্বাসঘাতক মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। সাধাৰণ আচামীৰ দৰে লকআপত আছে দুই অভিযুক্ত। ঘৰুৱা খাদ্যও খাবলৈ দিয়া হোৱা নাই শ্যামকানু আৰু সিদ্ধাৰ্থক। আৰক্ষীৰ তৰফৰ পৰা নিয়মমাফিক খাদ্য যোগান দুই অভিযুক্তক।
- বৃদ্ধি পালে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বনাচ। উৎসৱৰ বতৰতে এই ভাল খবৰ ঘোষণা কৰিছে চৰকাৰে। কেন্দ্ৰীয় কেবিনেটে মৰগীয়া বনাচ ৩ শতাংশ বৃদ্ধিৰ বাবে অনুমোদন জনাইছে। এই বৃদ্ধিৰ লগে লগে এতিয়া মুঠ মৰগীয়া বনাচৰ হাৰ ৫৫ শতাংশৰ পৰা ৫৮ শতাংশলৈ বৃদ্ধি পাব। অক্টোবৰ মাহৰ দৰমহাৰ সৈতে এই বৰ্ধিত ধন লাভ কৰিব কৰ্মচাৰীয়ে।
- আজি গান্ধী জয়ন্তী। প্ৰতিবছৰে ২ অক্টোবৰৰ দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। এই দিনটোতে ১৮৬৯ চনত জন্ম হৈছিল জাতিৰ পিতা মহাত্মা গান্ধীৰ। ২০২৫ চনত দেশে ১৫৬ সংখ্যত গান্ধীৰ জন্ম বাৰ্ষিকী পালন কৰিব। ‘ৰাষ্ট্ৰপিতা’ খ্যাত মোহনদাস কৰমচাঁদ গান্ধীৰ জীৱন আৰু অৱদানক সন্মান জনোৱাৰ বাবে প্ৰতিবছৰে এই দিনটোত গান্ধী জয়ন্তী পালন কৰা হয়।
- কাটাৰৰ নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰা কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই আদেশত উল্লেখ আছে যে সামৰিক ব্যৱস্থাকে ধৰি কাটাৰক সুৰক্ষা দিয়াৰ বাবে আমেৰিকাই যিকোনো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। ট্ৰাম্পৰ এই নিৰ্দেশৰ লক্ষ্য হৈছে কাটাৰক আশ্বস্ত কৰা যে আমেৰিকাই তেওঁলোকৰ সৈতে থিয় দিব।
- এছিয়া কাপ ২০২৫ত ঐতিহাসিক জয়ৰ পাছত এতিয়া ভাৰতীয় ক্ৰিকেট দলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন টেষ্টৰ শৃংখলাত মুখামুখি হ’ব। আজি (২ অক্টোবৰ)ৰ পৰা আৰম্ভ হ’ব এই চিৰিজ। প্ৰথমখন খেল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই মেচখনে ভাৰতীয় টেষ্ট ক্ৰিকেটৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব। যোৱা ১৫ বছৰত দেখা নোপোৱা প্লেইং এলেভেন খেলপথাৰত ভাৰতীয় দলটোৱে খেলপথাৰত নামিব।
লগতে পঢ়ত: বিজয়া দশমীৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…