শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
trishna-kalita
Trishna Kalita | Updated On: 01 May 2025 08:16 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

 

  1. আজি ১ মে’। প্ৰতি বছৰে ১ মে’ৰ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰা হয়। শ্ৰমিকৰ কৃতিত্ব উদযাপন আৰু শ্ৰমিকৰ শোষণ সম্পৰ্কে সজাগতা বিয়পাই দিয়াৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়।  আন্তৰ্জাতিক শ্ৰমিক দিৱসক শ্ৰমিক দিৱস আৰু মে’ দিৱস আদি নামেৰেও জনা যায়।
  2. মহানগৰ আৰক্ষীৰ জালত ৩ আলফা লিংকমেন। মেঘালয় সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা তিনি বিদ্রোহী সদস্যক NSCNৰ কেডাৰ বুলি সন্দেহ আৰক্ষীৰ। আলফা (স্বাধীন)ৰ সৈতে প্রত্যক্ষ যোগাযোগত আছিল তিনিও। লগতে ধন দাবী কৰিছিল অসমৰ একাধিক ব্যৱসায়ীকো। ধৃত তিনিওজনৰে ঘৰ নাগালেণ্ডৰ মন জিলাত তিনিওজন ক্রমে বাই নেমখা, য়ামন কন্যাক, এছ হেংনেই কন্যাক।
  3. ঢোলৰ ওজা মৃদুল বৰাৰ দেহাৱসান। গোলাঘাটৰ ফলঙনিস্থ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে মৃদুল বৰাই। দীর্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ।
  4. ৰাজ্যৰ ১৪ খন জিলাত ২ মে’ত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ বুধবাৰে অন্ত পৰে । শুকুৰবাৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন হৈছে- তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলা।
  5. বুধবাৰে নিশা দিল্লীৰ বিখ্যাত হাট বজাৰত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। জুইত জ্বলি ছাই হৈ যায় কমেও ২৮ৰ পৰা ৩০খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত । দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ অধ্যক্ষ অতুল গাৰ্গে জনোৱা মতে, দিল্লী হাটৰ বজাৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ তথ্য প্ৰায় ৯ বজাত পোৱা গৈছে। ইয়াৰ পিছতে ১৪খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সেই স্থানলৈ প্ৰেৰণ কৰা হয়। ইতিমধ্যে নিয়ন্ত্ৰণ কৰা হৈছে জুই। এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।
  6. মাদাৰ ডেইৰীৰ পিছত এতিয়া প্ৰতিলিটাৰত ২ টকা বৃদ্ধি কৰিছে আমুলে গাখীৰৰ দাম।ইয়াৰ পূৰ্বে মঙলবাৰে নিশা মাদাৰ ডেইৰীয়ে গাখীৰৰ দাম ২ টকা বৃদ্ধি কৰিছিল, যিটো ৩০ এপ্ৰিল বুধবাৰৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ল।১ মে’ বৃহস্পতিবাৰৰ পৰা সমগ্ৰ দেশতে প্ৰযোজ্য হ’ব আমুলৰ গাখীৰৰ নতুন দাম।
  7. জাতিগত লোকপিয়লত অনুমোদন জনাইছে মোদী কেবিনেটে। মূল লোকপিয়লতেই হ’ব জাতিগত লোকপিয়ল। বুধবাৰে অনুষ্ঠিত চিচিপিএৰ বৈঠকত এই বৃহৎ সিদ্ধান্ত মোদী চৰকাৰে গ্ৰহণ কৰে। বুধবাৰে অনুষ্ঠিত CCPAৰ বৈঠকত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে মোদী চৰকাৰে।
  8. পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰক লৈ চাঞ্চল্য অব্যাহত থকাৰ মাজতে পুনৰবাৰ যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে। ৩০ এপ্ৰিল আৰু ১ মে’ৰ নিশা পাকিস্তান সেনাৰ চকীসমূহে জম্মু-কাশ্মীৰৰ কুপৱাৰা, উৰি আৰু আখনূৰৰ বিপৰীতে নিয়ন্ত্ৰণ ৰেখাৰ ওপৰেৰে অপ্ৰৰোচিতভাৱে গুলীচালনা আৰম্ভ কৰে। অৱশ্যে সজাগ ভাৰতীয় সেনাই ইয়াৰ উপযুক্ত উত্তৰ দিলে। এই তথ্য দিছে ভাৰতীয় সেনাই।
  9.  শিখৰত উপনীত হৈছে পাকিস্তান আৰু ভাৰতৰ মাজত উত্তেজনা। পহলগাম আক্ৰমণৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত যুদ্ধৰ চৰ্চা চলিছে। এই সকলোবোৰ খবৰৰ মাজতে আমেৰিকা আৰু ইউক্ৰেইনৰ মাজত সম্পন্ন হৈছে এক ডাঙৰ চুক্তি । ইউক্ৰেইন আৰু আমেৰিকাই ইউক্ৰেইনৰ পুনৰ্গঠন প্ৰচেষ্টাক উন্নীত কৰাৰ লক্ষ্যৰে এক যৌথ পুঁজি স্থাপনৰ চুক্তি আনুষ্ঠানিক কৰিছে।

লগতে পঢ়ক: আজি ৩ ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব ধন! জানক দৈনিক ৰাশিফল

অন্য খবৰ পঢ়ক: ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব