TV9 ASSAM
গৰমৰ দিনত অত্যাধিক মূৰৰ বিষ মুখ্যত ডিহাইড্ৰেচন, ভাগৰ,মাইগ্ৰেইন আৰু কেতিয়াবা হিট ষ্ট্ৰোকৰ বাবে হ'ব পাৰে।
গৰমত আমাৰ শৰীৰত থকা পানী আৰু ইলেট্ৰ'লাইট ঘামৰ জৰিয়তে বাহিৰলৈ ওলাই যোৱাৰ বাবে ডিহাইড্ৰেচন হয়। যিটো মূৰৰ বিষৰ এটা কাৰণ।
ৰ'দ আৰু গৰমত অধিক সময় থকাৰ বাবে আমাৰ ভাগৰ লাগে। যাৰ বাবে মূৰৰ বিষ হ'ব পাৰে।
কিছুমান লোকৰ গৰমৰ বাবে মাইগ্ৰেইনৰ সমস্যাই দেখা দিয়ে। যাৰ বাবে মূৰৰ বিষ হয়।
যদি শৰীৰৰ তাপমান ৪০ ডিগ্ৰীতকৈ অধিক হৈ যায়,তেতিয়া হিট ষ্ট্ৰোকৰ দেখা যায়। যিয়ে, মূৰৰ বিষ, ভ্ৰম, অচেতন হোৱাৰ দৰে সমস্যাৰ সৃষ্টি কৰে।
গৰমৰ উপৰিও টোপনি কম, মানসিক চাপ, খাদ্য আদিৰ বাবেও মূৰৰ বিষ হ'ব পাৰে।
মানসিক চাপ কম কৰিবলৈ যোগ, ধ্যান বা অন্য বিকল্প গ্ৰহণ কৰক।
চাবলৈ ক্লিক কৰক