শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ দিন ঘোষণাৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ দিন ঘোষণাৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Published: 30 Apr 2025 00:04 AM

বুধবাৰে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। মঙলবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নিজা এক্স হেণ্ডলত এক পোষ্টযোগে এই কথা জানিবলৈ দিয়ে। বুধবাৰে পুৱা ৯:০০ বজাৰ লগে লগে ৱেবচাইটত কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে চাব পাৰিব  ফলাফল।

বুধবাৰে ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। মঙলবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নিজা এক্স হেণ্ডলত এক পোষ্টযোগে এই কথা জানিবলৈ দিয়ে। বুধবাৰে পুৱা ৯:০০ বজাৰ লগে লগে ৱেবচাইটত কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে চাব পাৰিব  ফলাফল। এইবাৰ মুঠ ৩,০২,৪২০ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত।

ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতাহ। মঙলবাৰে মৰিগাঁৱত প্ঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ সভাত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সভাত ৰাইজৰ সমুখত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰুণোদয় আঁচনি, ৰাস্তা-ঘাট উন্নয়ন, প্ৰধানমন্ত্ৰীৰ আবাস যোজনা, সুলভ মূল্যত দাইল-চেনি আদি প্ৰদানৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। সভাত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে বিধায়ক ৰমাকান্ত দেউৰী ।

চাওঁ আহক দিনটোৰ আন কেইটামান গুৰুত্বপূৰ্ণ খবৰ-