শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গুৱাহাটীৰ হত্যাকাণ্ডৰ পৰা অমৰনাথ যাত্ৰা স্থগিতলৈ…পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

গুৱাহাটীৰ হত্যাকাণ্ডৰ পৰা অমৰনাথ যাত্ৰা স্থগিতলৈ…পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
পুৱাৰ খবৰ
trishna-kalita
Trishna Kalita | Published: 17 Jul 2025 07:31 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. গুৱাহাটী মহানগৰীত জঘন্য ঘটনা। পাথৰকুঁৱৰীত শিশুৰ ওপৰত যৌন নিৰ্যাতন শ্ৰমিকৰ। এটা নিৰ্মীয়মাণ অট্টালিকাত কৰ্মৰত শ্ৰমিকে সংঘটিত কৰে এই কাণ্ড। ইতিমধ্যে নুনমাটি থানাত এজাহাৰ  দাখিল কৰিছে শিশুটিৰ পৰিয়ালে।
  2. বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহনত আক্ৰমণ।  বিধায়ক কুৰ্মীৰ বাহনলৈ নিক্ষেপ কৰা হয় শিলগুটি । শিলগুটি নিক্ষেপৰ ফলত দুৰ্ঘটনাত পতিত ৰূপজ্যোতি কুৰ্মীৰ বাহন। সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে ৰূপজ্যোতি কুৰ্মী । বোকাখাতৰ ৰজাবাৰীত সংঘটিত হৈছে এই ঘটনা।
  3. গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত ভয়ংকৰ ঘটনা। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপতে এজন লোকক ছুৰিকাঘাত। ছুৰিকাঘাতত মৃত্যু অনিল ডেকা নামৰ এজন লোকৰ। বজাৰলৈ আহি থাকোঁতে ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰে অনিল ডেকাক।
  4. ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ পাছতে প্ৰতিবাদত নামিছে বিজেপি। মুখ্যমন্ত্ৰীক জে’ললৈ নিক্ষেপ কৰা বক্তব্যক লৈ প্ৰতিবাদ বিজেপিৰ। শিলচৰত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ শাসকীয় দলটোৰ কৰ্মীৰ। মুখ্যমন্ত্ৰীক জে’ললৈ প্ৰেৰণ কৰিম বুলি কৈ ৰাজ্যবাসীৰ আৱেগত আঘাত হনাৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনে ভাবুকি কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য বিজেপিৰ।
  5. চিৰাঙৰ বিজনীত UPPLৰ বিশাল শান্তিযাত্ৰা। বিটিআৰত শান্তি সম্প্ৰতি আৰু ঐক্যতা বজাই ৰখাৰ উদ্দেশ্যে এই যাত্ৰা। এই শান্তিযাত্ৰা উদ্বোধন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে।
  6. জম্মু-কাশ্মীৰৰ অমৰনাথ যাত্ৰা পথৰ বহু ঠাইত ভূমিস্খলন সংঘটিত হৈছে। বাল্টাল পথত হোৱা ভূমিস্খলনৰ ফলত আহত  হয় প্ৰায় ১০ গৰাকী তীৰ্থযাত্ৰী। বহু তীৰ্থযাত্ৰী আৱদ্ধ হৈ পৰে ফ্লেছ ফ্লাডত। ইয়াৰ বাবে আজি অৰ্থাৎ বৃহস্পতিবাৰে অমৰনাথ যাত্ৰা স্থগিত ৰখা হ’ব। আজি জম্মু বেছ কেম্পৰ বাহিৰলৈ নাযাব এই যাত্ৰা।  জম্মু-কাশ্মীৰৰ বহু জিলাত বৰষুণ অব্যাহত থকা বাবে লোৱা হৈছে এই সিদ্ধান্ত।
  7. ছিৰিয়াত ইজৰাইলৰ আক্ৰমণৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইৰাণৰ সৈতে হোৱা যুদ্ধৰ পিছত আমেৰিকাকে ধৰি বহু দেশে ছিৰিয়াৰ আক্ৰমণক সঠিক বুলি গণ্য কৰা নাই। আনহাতে ইজৰাইলে নিজৰ এই পদক্ষেপক ন্যায্যতা প্ৰদান কৰিবলৈ আমেৰিকাকে ধৰি বহু ইউৰোপীয় দেশৰ সৈতে যোগাযোগ কৰি আছে। ইফালে, খবৰ অনুসৰি ইজৰাইলৰ পৰা ছিৰিয়াৰ সীমান্ত পাৰ হোৱা ড্ৰুজ নাগৰিকক ঘূৰাই আনিবলৈ ছিৰিয়াৰ বাফাৰ জ’নত প্ৰৱেশ কৰিছে ড্ৰুজ সাংসদ এম কেই ।

লগতে পঢ়ক: আজি বৃহস্পতিবাৰ, কেনে যাব আপোনাৰ দিনটো? চাওক ৰাশিফল…