Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- দুধনৈৰ উদয়পুৰত নিশা হত্যাকাণ্ড । অচিনাক্ত দুর্বৃত্তই হত্যা কৰিলে এগৰাকী মহিলাক । তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ মৃতদেহটো। নিহত মহিলাগৰাকীৰ নাম ফুলেশ্বৰী ৰাভা। বর্মন উদয়পুৰৰ এখন দোকানত উদ্ধাৰ মৃতদেহটো।
- ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত বিৰোধীক সম্পূৰ্ণ ৰূপে বিধ্বস্ত কৰি জয়লাভ কৰিছে শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে। পঞ্চায়ত নিৰ্বাচনত এন ডি এই লাভ কৰা এনে ঐতিহাসিক বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। নিজা সামাজিক মাধ্যম হেণ্ডেল যোগে প্ৰধানমন্ত্ৰী মোদীয়ে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এক পোষ্ট শ্বেয়াৰ কৰিছে, এই পোষ্টটোত তেওঁ কয়, “এন ডি এৰ উন্নয়নমূলক কাৰ্যসূচীত স্পষ্ট সমৰ্থন আগবঢ়োৱাৰ বাবে অসমৰ ৰাইজক ধন্যবাদ।”
- অসমৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ প্ৰদৰ্শনকলৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মঙলবাৰে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত এন ডি এক ‘ঐতিহাসিক বিজয়’ দিয়াৰ বাবে অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে তেওঁ কয় যে, “এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকেন্দ্ৰিক নীতিৰ সমৰ্থন।”
- নৃশংস হত্যাকাণ্ডই জোকাৰিছে গুৱাহাটী মহানগৰী। পৰকীয়া প্ৰেমৰ বাবে মাতৃয়ে হত্যা কৰা কণমানি মৃণ্ময়লৈ শ্ৰদ্ধাঞ্জলি বশিষ্ঠ অঞ্চলৰ ৰাইজৰ।কণমানিটিৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে ৰাইজে।
- সমুখ সমৰত মুখ্যমন্ত্ৰী বনাম গৌৰৱ গগৈ। যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচন খেলিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০২৬ত যোৰহাটৰ পৰা নিৰ্বাচন খেলাৰ যো-জা মুখ্যমন্ত্ৰীৰ। ইয়াৰ বাবে সভাপতি দিলীপ শইকীয়াৰ অনুমতি লাগিব বুলি ক’লে মুখ্যমন্ত্ৰীয়ে।
- ভাৰত-পাকিস্তান সংঘাতৰ পিছত মঙলবাৰে পঞ্জাৱৰ আদমপুৰ এয়াৰবেছত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আদমপুৰ এয়াৰবেছত সৈনিকসকলক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জোৱানসকলক সম্বোধন কৰে। নিজ বক্তব্যত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ শত্ৰুক পুনৰ এবাৰ সকীয়নি দিছে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজ ভাষণত লগতে ভাৰতৰ ওপৰত আক্ৰমণৰ চেষ্টা কৰিলে কেৱল ধ্বংসৰ ৰূপত পৰিণাম দেখিবলৈ পোৱা যাব বুলি স্পষ্ট হুংকাৰ দিয়ে।
-
পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ আন এক কঠোৰ পদক্ষেপ৷ দিল্লী এৰিব লাগিব উচ্চায়ুক্তৰ কাৰ্যালয়ৰ এজন বিষয়াই৷ ২৪ ঘণ্টাৰ ভিতৰত দিল্লী এৰিব লাগিব বিষয়াজনে। ভাৰতত থাকি পাকিস্তানৰ চোৰাংচোৰাগিৰি কৰাৰ বাবে ভাৰত এৰাৰ নিৰ্দেশ।
-
বুধবাৰে গ্ৰীচৰ কাছ’ছ দ্বীপত এক প্ৰবল ভূমিকম্পই জোঁকাৰি যায়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৬.১ বুলি ৰেকৰ্ড কৰা হৈছে। ১৪ কিলোমিটাৰ গভীৰতাত সৃষ্টি হোৱা এই ভূমিকম্প ইমানেই শক্তিশালী আছিল যে মধ্য ইজৰাইল, ইজিপ্ত, লিবিয়া, তুৰ্কিয়ে আৰু সমগ্ৰ পূব ভূমধ্যসাগৰত অনুভৱ হৈছিল। ভূমিকম্পৰ পিছত কৰ্তৃপক্ষই সতৰ্কবাণী জাৰি কৰিছে।
লগতে পঢ়ক: কেনে যাব আপোনাৰ বুধবাৰৰ দিনটো? কোনে পাব চাকৰিৰ অফাৰ? চাওক আজিৰ ৰাশিফল…