Morning News: বিটিচি নিৰ্বাচনৰ পৰা মোদী-জিনপিং-পুটিনৰ মিলনলৈ…পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- অৱশেষত বিটিচি নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে ২৮ জনীয়া প্ৰাৰ্থীৰ তালিকা। দেওবাৰে এক সংবাদমেল সম্বোধন কৰি বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। উল্লেখ্য যে, ইতিমধ্যে বি পি এ, ইউ পি পি এল, অগপ আদি দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন।
- পুনৰ গুৱাহাটী মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি ড্ৰাগছৰ অভাৰ ড’জত এগৰাকী মহিলাই মৃত্যুক সাৱতি লয়। এজন যুৱকে শনিবাৰে নিশা মহিলাগৰাকীক হাস্পাতাললৈ লৈ আহিছিল। য’ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
- থাইলেণ্ডলৈ ফুৰিবলৈ গৈ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু। থাইলেণ্ডৰ সাগৰৰ পাৰত উদ্ধাৰ ৰঙিয়াৰ আমিৰ হামজা নামৰ যুৱকজনৰ মৃতদেহ।
- ‘ত্ৰিপুৰা, শ্ৰীভূমি, মানকাচৰ, ডাউকী সীমান্তৰে ঘটে বাংলাদেশীৰ অনুপ্ৰৱেশ। বাংলাদেশী দেখা মাত্ৰেই ধৰি ওভতাই পঠিয়ায় অসম চৰকাৰে। একাংশ দালালৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰে বাংলাদেশীয়ে।’ বাংলাদেশীৰ প্ৰৱেশ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
- ৰন্ধন গেছ চিলিণ্ডাৰ সন্দৰ্ভত আহিছে ডাঙৰ ভাল খবৰ। ৰাইজৰ সুবিধাৰ বাবে পুনৰবাৰ গেছ চিলিণ্ডাৰৰ দাম কমালে তেল বিপণন কোম্পানীয়ে। এইবাৰ ৫১ টকাকৈ মূল্য হ্ৰাস কৰা হৈছে।কিন্তু এই হ্ৰাস কেৱল ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰতহে হৈছে।
- দেওবাৰে নিশা ভূমিকম্পই জোকাৰি যায় পাকিস্তান সীমান্তৰ সমীপৱৰ্তী পূব আফগানিস্তান। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.০। ইউ এছ জি এছৰ তথ্য অনুসৰি ভূমিকম্পৰ অভিকেন্দ্ৰ নংগাৰহৰ প্ৰদেশৰ জালালাবাদৰ সমীপত ৮ কিলোমিটাৰ গভীৰতাত।
- চীনত অনুষ্ঠিত হৈ থকা এছ চি অ’ শীৰ্ষ সন্মিলনৰ দ্বিতীয় দিন। আজি এছ চি অ’ শীৰ্ষ সন্মিলনত বৈঠকত মিলিত হৈছে নেতাসকলৰ। সভাৰ অন্তত সভাক সম্বোধন কৰিব নেতাসকলে। এই সন্মিলনত বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী, চীনৰ ৰাষ্ট্ৰপতি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। টিয়ানজিনত বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী আৰু পুটিন।
লগতে পঢ়ক: ছেপ্তেম্বৰ মাহৰ প্ৰথম দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…