ৰাজ্য তথা দেশ-বিদেশৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ… পলকতে চাওক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
গুৱাহাটীৰ পানীখাইতিত সংঘটিত হৈছে দলবদ্ধ যৌন নিৰ্যাতনৰ ঘটনা। ত্ৰিপুৰাৰ এগৰাকী যুৱতীৰ সৈতে সংঘটিত হয় এই জঘন্য কাণ্ড। দুজনৰ যুৱকৰ নিৰ্যাতনৰ বলি এগৰাকী যুৱতী। ইতিমধ্যে ঘটনা সন্দৰ্ভত অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে।

দিনটোৰ গুৰুত্বপূৰ্ণ খবৰImage Credit source: PTI
আজিৰ দিনটোত কেইবাটাও খবৰে যথেষ্ট চৰ্চা লাভ কৰিছে। বিশেষকৈ ৰাজ্যিক পৰ্যায়ত এচিএছ নূপুৰ বৰাৰ গোচৰে আজিও ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হয়। ইফালে ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেৰ শাস্তিমূলক বদলিয়েও আজি ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। আনহাতে ভাৰত আৰু আমেৰিকাৰ শেহতীয়া ৰাজনৈতিক সম্পৰ্ক, বিশ্ব চেম্পিয়নশ্বিপত নীৰজ চোপ্ৰাৰ হতাশাজনক প্ৰদৰ্শনেও সংবাদ শিৰোনাম দখল কৰিছে। চাওঁ আহক আজিৰ দিনটোৰ এনে কেইটামান চৰ্চিত খবৰ-
- সমাগত শাৰদীয় দুৰ্গা পূজা। ইয়াৰ প্ৰাক ক্ষণত কামৰূপ জিলা প্ৰশাসনে পূজা সমিতিসমূহলৈ জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা। আজি অনুষ্ঠিত এক সভাত লোৱা সিদ্ধান্ত অনুসৰি ৰাজহুৱা স্থানত পূজা মণ্ডপ নিৰ্মাণৰ বাবে আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি ল’ব লাগিব। সমান্তৰালকৈ দুৰ্ঘটনা প্ৰতিৰোধ, বৈদ্যুতিক সংযোগ আৰু শব্দ ব্যৱস্থাৰ বাবে আগতীয়াকৈ ফিটনেছ প্ৰমাণ পত্ৰ ল’ব লাগিব। পূজা মণ্ডপত অগ্নিনিৰ্বাপক সঁজুলিৰ ব্যৱস্থা থাকিব লাগিব বুলিও নিৰ্দেশনা দিছে প্ৰশাসনে।
- গুৱাহাটীৰ পানীখাইতিত সংঘটিত হৈছে দলবদ্ধ যৌন নিৰ্যাতনৰ ঘটনা। ত্ৰিপুৰাৰ এগৰাকী যুৱতীৰ সৈতে সংঘটিত হয় এই জঘন্য কাণ্ড। দুজনৰ যুৱকৰ নিৰ্যাতনৰ বলি এগৰাকী যুৱতী। ইতিমধ্যে ঘটনা সন্দৰ্ভত অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। যোৱা ১৩ ছেপ্টেম্বৰত এক পাৰ্টীৰ সময়ত সংঘটিত হৈছিল এই ঘটনা।
- বজালীত চাঞ্চল্যকৰ ঘটনা। দুগৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অপচেষ্টা দুই যুৱকৰ। টিউচন কৰিবলৈ যোৱাৰ সময়তেই দুই যুৱকে জোৰ জবৰদস্তি কৰে ছাত্ৰী দুগৰাকীক। আনকি প্ৰেমৰ প্ৰস্তাৱ মানি নল’লে হত্যা কৰাৰো ভাবুকি দিয়ে যুৱকদ্বয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত দুয়োকে আটক কৰিছে আৰক্ষীয়ে। অভিযুক্তক উপযুক্ত শাস্তি প্ৰদানৰ দাবী তুলিছে স্থানীয় ৰাইজে।
- গুৱাহাটীৰ যোৰাবাটত উত্তেজনা। মেঘালয়ৰ টুৰিষ্ট টেক্সীক অসমত প্ৰৱেশত বাধা অসমৰ টুৰিষ্ট টেক্সী চালকৰ। দুদিন পূৰ্বে মেঘালয়ত একেই বাধাৰ সন্মুখীন হৈছে অসম টেক্সীচালক। যাৰ ফলত আজি তেওঁলোকে যোৰাবাটৰ পৰা বহু মেঘালয়ৰ টেক্সীক ওভতাই পঠায়। এই সন্দৰ্ভত চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে অসম টুৰিষ্ট টেক্সী সন্থাই।
- ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক শাস্তিমূলক বদলি। খিলঞ্জীয়াৰ ওপৰত লাঠী চালনা কৰাৰ বাবেই বদলি লীনা দলেক। আক্ৰাছুৰ প্ৰতিবাদৰ সময়ত গোলকগঞ্জত প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চালনা কৰিছিল আৰক্ষীয়ে। এই ঘটনাত আহত হৈছিল প্ৰায় ৭০ গৰাকী লোক। তাৰ পাছতেই দুজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লৈছিল চৰকাৰে।
- দুৰ্নীতিৰ আখ্যানৰ অন্ত পৰা নাই বিতৰ্কিত এচিএছ নূপুৰ বৰাৰ। তিনি লাট মণ্ডলে প্ৰস্তুত কৰিছিল বৰপেটা সত্ৰভূমিৰ নথি। সেই নথিত স্বাক্ষৰ কৰিছিল নূপুৰ বৰাই। ধনৰ বিনিময়ত কৰা হৈছিল ভূমি হস্তান্তৰ। চি এম ভিজিলেঞ্চে অতি শীঘ্ৰেই জেৰা কৰিব তিনি লাট মণ্ডলক। গৰৈমাৰীতো টকাৰ বিনিময়ত ভূমি হস্তান্তৰৰ অভিযোগ নূপুৰ বৰাৰ বিৰুদ্ধে।
- পীযুষ হাজৰিকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ। মন্ত্ৰী হাজৰিকাৰ ফেচবুক পেজত প্ৰচাৰ কৰা এটা AI নিৰ্মিত ভিডিঅ’ত ব্যৱহাৰ কৰা হৈছিল ৰাহুল গান্ধী আৰু গৌৰৱ গগৈৰ ফটো। অসমৰ সাম্প্ৰদায়িক বাতাৱৰণ বিনষ্ট কৰাৰ চেষ্টা চলোৱাৰ অভিযোগত দিছপুৰ থানাত এজাহাৰ দাখিল কংগ্ৰেছৰ।
- আমেৰিকাই অতি সোনকালেই হয়তো ভাৰতৰ ওপৰত আৰোপ কৰা শুল্ক প্ৰত্যাহাৰ কৰিব পাৰে। ভাৰতৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনে জনোৱা অনুসৰি ভাৰতৰ পৰা আমদানি কৰা কিছুমান সামগ্ৰীৰ ওপৰত আৰোপিত শুল্ক প্ৰত্যাহাৰ কৰিব পাৰে আমেৰিকাই। অহা ৩০ নৱেম্বৰৰ পাছত আমেৰিকাই ল’ব পাৰে এই সিদ্ধান্ত।
- জাপানৰ টকিঅ’ত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত নিৰাশাজনক প্ৰদৰ্শন ভাৰতৰ নীৰজ চোপ্ৰাৰ। ফাইনেল পৰ্যায়ত মাত্ৰ ৮৪.০৩ মিটাৰ দূৰলৈ জেভলিন নিক্ষেপ কৰিবলৈ সক্ষম হয় নীৰজে। ট্ৰিনিদাদ এণ্ড ট’বাগোৰ ৱালকটে চমক সৃষ্টিৰে স্বৰ্ণ পদক জয় কৰে। সৰ্বাধিক ৮৮.১৬ মিটাৰ নিক্ষেপ কৰি খিতাপ অৰ্জন কৰে ৱালকটে।