শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Top 9: ১ মিনিটতে পঢ়ক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

আজি চিআইডিৰ কাৰ্যালয়ত উপস্থিত হয় নৰ্থ ইষ্ট ফেষ্টিভেল জনসম্পৰ্কৰক্ষী বিষয়া অনুজ কুমাৰ বৰুৱা। ছিংগাপুৰত য়ট পাৰ্টীৰ বিষয়ে একো জনা নাছিল বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে বিষয়াগৰাকীয়ে। তেওঁ লগতে কয় যে ৮ বছৰ ধৰি তেওঁ নৰ্থ-ইষ্ট ফেষ্টিভেলৰ PRO আছিল।

Top 9: ১ মিনিটতে পঢ়ক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
barasha-misra
Barasha Misra | Published: 09 Oct 2025 22:36 PM

আজি ৯ অক্টোবৰ বৃহস্পতিবাৰ, আজিৰ দিনটোত বহুকেইটা খবৰে শীৰ্ষ…

১. বিজেপি ত্যাগ কৰিলে জ্যোষ্ঠ নেতা ৰাজেন গোঁহাইয়ে। আজি বাজপেয়ী ভৱনত উপস্থিত হৈ তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে। দীৰ্ঘ সময় ধৰি তেওঁ বিজেপিৰ বহু কেইটা গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল। নৰেন্দ্ৰ মোদীৰ প্ৰথমটো কাৰ্যকালত কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰীও আছিল গোহাঁই।

২. আজি বঙাইগাঁৱত এক পদযাত্ৰাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ভোট চুৰি বন্ধ কৰক, গণতন্ত্ৰ ৰক্ষা কৰক শীৰ্ষক এই পদযাত্ৰাত তেওঁৰ সৈতে উপস্থিত থাকে বহু কেইগৰাকী কংগ্ৰেছ নেতা। জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনোৱাৰ লগতে ৰৈ ৰৈ বিনালে ছবিখন চাবলৈ ৰাইজক অনুৰোধ গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীৰ বক্তব্যক পাতলীয়া কথা আখ্যা।

৩. আজি চিআইডিৰ কাৰ্যালয়ত উপস্থিত হয় নৰ্থ ইষ্ট ফেষ্টিভেল জনসম্পৰ্কৰক্ষী বিষয়া অনুজ কুমাৰ বৰুৱা। ছিংগাপুৰত য়ট পাৰ্টীৰ বিষয়ে একো জনা নাছিল বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে বিষয়াগৰাকীয়ে। তেওঁ লগতে কয় যে ৮ বছৰ ধৰি তেওঁ নৰ্থ-ইষ্ট ফেষ্টিভেলৰ PRO আছিল।

৪. আজি কোকৰাঝাৰৰ বড়োফা নগৰস্থিত বিটিচিৰ পৰিষদীয় ভৱনত বিপিএফৰ ২৬ গৰাকী, বিজেপিৰ ৪ গৰাকী আৰু ইউপিপিএলৰ ৪ গৰাকী পাৰিষদে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে। বিটিচিৰ প্ৰ’টেম অধ্যক্ষ ত্ৰিদেৱ দৈমাৰীয়ে শপতবাক্য পাঠ কৰোৱায় তেওঁলোকক। ব্যক্তিগত কাৰণত প্ৰাক্তন মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আজি শপত গ্ৰহণ কৰা নাই। বৰ্তমানলৈকে আনুষ্ঠানিকভাৱে বিটিচিৰ কাৰ্যবাহী সদস্য ঘোষণা কৰা নাই বিপিএফে।

৫. পশ্চিম কাৰ্বি আংলং জিলাৰ তাপাত অঞ্চলত খাচী দুৰ্বৃত্তৰ তাণ্ডৱ। সীমান্তবৰ্তী অঞ্চলৰ ভূমিত খাচী দুৰ্বৃত্তই বেদখলৰ অপচেষ্টা চলোৱাক লৈ সৃষ্টি হৈছে উত্তেজনা। এই ঘটনাত এজন লোক নিহত হোৱাৰ বিপৰীতে আন কেবাজনো লোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত খাচী দুৰ্বৃত্তই গুলী চালনা কৰা বুলিও খবৰ পোৱা গৈছে।

৬. আজি অনুষ্ঠিত হয় ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতাসভাৰ নিৰ্বাচন। মুঠ ১৬ টা পদত প্ৰতিদ্বন্দ্বিতা কৰিছে ৩৩ গৰাকী প্ৰাৰ্থীয়ে। পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া। কালিলৈ অনুষ্ঠিত হ’ব ভোটগণনা।

৭. কালি ৰিণিকি ভূঞা শৰ্মাই মানহানিৰ গোচৰ তৰাৰ পাছত আজি এখন মুকলি চিঠি লিখিছে অখিল গগৈয়ে। চিঠিখনত গগৈয়ে অসম চৰকাৰক জুবিন গাৰ্গৰ মৃত্যুৰ উপযুক্ত তদন্ত নিশ্চিত কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে।

৮. জেলৰ ভিতৰত আক্ৰমণৰ বলি অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম মাষ্টাৰমাইণ্ড দীপাংকৰ বৰ্মন। তথ্য মতে জেলৰ ভিতৰত আন এজন কয়দীয়ে তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে। বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে দীপাংকৰ বৰ্মন।

৯. ঘোষণা হ’ল ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা। এই বৰ্ষৰ সাহিত্যৰ নোবেল বঁটাৰ বাবে ৰয়েল ছুইডিছ একাডেমীয়ে নিৰ্বাচিত কৰিছে লাছলো ক্ৰাছনাহৰ্কাইক। হাংগেৰিয়ান লেখকগৰাকীক তেওঁৰ অনন্য সাহিত্যকৰ্মৰ বাবে নোবেল বঁটাৰ বাবে বাচনি কৰা হয়।