শ্যামকানু-সিদ্ধাৰ্থৰ গ্ৰেপ্তাৰৰ পৰা ডাঙৰ ভূমিকম্পলৈ, দিনটোৰ খবৰসমূহ…
Top9: আজি গ্ৰেপ্তাৰ হয় সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে দুয়ো ৰাজ্যৰ বাহিৰত আছিল। কিন্তু বহু তদন্তৰ অন্তত আজি দুয়ো গ্ৰেপ্তাৰ হয়। আদালতে দুয়োকে ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-
১. অৱশেষত গ্ৰেপ্তাৰ হ’ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। যোৱা নিশা দিল্লীত দুয়োকে গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। গুৱাহাটীলৈ অনাৰ পাছতেই দুয়োকে হাজিৰ কৰোৱা হয় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত। আদালতে ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে দুয়োকে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত দুয়োজন।
২. আজি যোৰহাটত অনুষ্ঠিত হৈছে জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ। প্ৰাণৰ শিল্পীগৰাকীৰ চিতা-ভস্মত শ্ৰদ্ধাঞ্জলি জ্ঞাপন গৰিমা গাৰ্গ আৰু গুণমুগ্ধৰ। পুৱাৰে পৰা অগণন লোকে শ্ৰদ্ধাঞ্জলি জনাবলৈ আহে জুবিন গাৰ্গক। ৰাজনীতিৰ পৰা সাংস্কৃতিক জগতলৈকে বিভিন্ন ক্ষেত্ৰৰ লোকৰ সমাৱেশ ঘটে যোৰহাট ষ্টেডিয়ামত।
৩. শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। তেওঁ কয় যে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া ভালদৰে আৰম্ভ হওক। গোটেই কথাখিনি তেওঁলোকক সোধা উচিত। প্ৰকৃততে কি ঘটিছিল সেই কথা জানিব লাগিব বুলি উল্লেখ কৰি গৰিমাই কয় যে সেই কথাটোৱে বহুত অশান্তি দি আছে । ফাষ্ট ট্ৰেক আদালতত তদন্ত বিচৰাৰ কথাও তেওঁ উল্লেখ কৰে।
৪. দুৰ্গা পূজাৰ নৱমী দিনটোতে সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰিল এখন বাহন। ভয়ংকৰ দুৰ্ঘটনাটোত নিহত হৈছে বাহনখনত থকা তিনিগৰাকী আৰোহী। ডিব্ৰুগড়ৰ চেঁচা মৈদামৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো। বাহনখনত আছিল এগৰাকী যুৱতীসহ তিনিগৰাকী যাত্ৰী।
৫. কাইলৈ দশমীৰ লগে লগে অন্ত পৰিব শাৰদীয় দুৰ্গোৎসৱৰ। দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত গুৱাহাটী মহানগৰীত যাতে কোনো যান–জঁটৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি যান–বাহন আৰক্ষীয়ে প্ৰকাশ কৰিছে এক বিশেষ নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি মহানগৰীত যান-বাহন চলাচল সুবিধাজনক কৰি ৰাখিবলৈ তথা জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ঘাট আৰু বিসৰ্জন স্থানসমূহলৈ যোৱা মূল পথসমূহৰ ক্ষেত্ৰত বহু বাধা–নিষেধ থাকিব।
৬. আজি অসম আৰক্ষী দিৱস। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় এই অনুষ্ঠানৰ। সাংবাদিকৰ আগত ডিজিপি হৰমীত সিঙে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মত প্ৰকাশ কৰে। তেওঁ কয় যে আৰক্ষীক নিজৰ কাম কৰিবলৈ দিব লাগে। দেশৰ সংবিধান, আইনৰ মতে কাম কৰিব আৰক্ষীয়ে। আইনৰ মতে তদন্ত কৰিবলৈ দি আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখিবলৈ সকলোকে আহ্বান হৰমীত সিঙৰ।
৭. বৃদ্ধি পালে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বনাচ। উৎসৱৰ বতৰতে এই ভাল খবৰ ঘোষণা কৰিছে চৰকাৰে। কেন্দ্ৰীয় কেবিনেটে মৰগীয়া বনাচ ৩ শতাংশ বৃদ্ধিৰ বাবে অনুমোদন জনাইছে। এই বৃদ্ধিৰ লগে লগে এতিয়া মুঠ মৰগীয়া বনাচৰ হাৰ ৫৫ শতাংশৰ পৰা ৫৮ শতাংশলৈ বৃদ্ধি পাব। অক্টোবৰ মাহৰ দৰমহাৰ সৈতে এই বৰ্ধিত ধন লাভ কৰিব কৰ্মচাৰীয়ে।
৮. প্ৰবল ভূমিকম্পই জোঁকাৰি গ’ল ফিলিপাইনছ। চেবু চহৰৰ উপকূলত সংঘটিত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৯। ভূমিকম্পটোৰ ফলত ৬০ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে বহু লোক। উদ্ধাৰ অভিযান অব্যাহত থকাৰ সময়তে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
৯. আজি ১০০ বছৰ সম্পূৰ্ণ কৰিলে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ RSS এ। এই উপলক্ষে আয়োজিত এক সমাৰোহত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিজৰ ভাষণত তেওঁ কয় যে সংঘক ধ্বংস কৰাৰ বহু ষড়যন্ত্ৰ চলিছিল। কিন্তু সংঘ কেতিয়াও পিছুৱা নগ’ল। RSS ৰ সকলো সেৱকক শুভেচ্ছা জনায় মোদীয়ে।
অন্য খবৰ পঢ়কঃ আৰক্ষীৰ প্ৰহাৰত মৃত্যু যুৱকৰ, ৰিজাৰ্ভ ক্ল’জ অ’চি কপিল বৰাক…