Srimanta Shankardev: আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি, হৰিনামেৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ
১৪৪৯ খ্ৰীষ্টাব্দত আহিন-কাতি মাহত বৰদোৱাৰ আলিপুখুৰীত পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যাসন্ধা দেৱীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল শংকৰদেৱে। বুঢ়ীমাক খেৰসুতীয়ে লালন-পালন কৰা শংকৰৰ সৰুতে পঢ়াৰ প্ৰতি বিশেষ ধাউতি নাছিল।

আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ তম্ আবিৰ্ভাৱ তিথি। তেখেত শিল্প, সাহিত্য, সংস্কৃতিৰ মাৰ্গদৰ্শক হোৱাৰ উপৰিও অসমীয়া আধ্যাত্মিক জীৱনৰ এক ভেটি নিৰ্মাতা। বৃহত্তৰ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা গুৰুজনাই আধ্যাত্মিক-সাংস্কৃতিক প্ৰমূল্যবোধ তথা নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ জীৱনক একত্ৰিত কৰিছিল। অসমৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তিসত্তা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি ব্যাপক আয়োজন কৰা হৈছে।
“শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতৰু
তাহান্ত বিনাই নাহি নাহি নাহি
আমাৰ পৰম গুৰু ।। ”
প্ৰতিজন অসমীয়াই শ্ৰদ্ধাৰে পালন কৰি আহিছে শংকৰদেৱৰ আবিৰ্ভাৱ তিথি। এই পবিত্ৰ দিনটোত গুৰু বন্দনাৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ-নামঘৰ। পুৱাৰে পৰা নামঘৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা দেখা গৈছে।
শংকৰদেৱৰ জন্ম তাৰিখ সম্বন্ধে কেইবাটাও মতবাদ চলি আছে। কথা গুৰু চৰিতৰ মতে, “কাৰ্তিকৰ সংক্ৰান্তি : বাৰ বৃহস্পতিবাৰ : তিথি পূৰ্ণিমা : শ্ৰৱণা নক্ষত্ৰ মধ্য নিশা জ্যোতিষক (১৩৭১ : তেৰশ একসতৰি শকত) আন কোনো কোনোৰ মতে, আহিন মাহৰ পাঁচদিন যোৱাত শুক্লা দশমী তিথি শুকুৰবাৰ, ৰাতি চাৰিদণ্ড যোৱাত ১৩৭১ শকত শংকৰদেৱৰ জন্ম হয়। ৰামচৰণ ঠাকুৰে লিখিছে,
“আশ্বিন প্ৰৱেশি পাঞ্চদিন বহি গৈল।
সেহি দিনা শঙ্কৰদেৱৰ জন্ম ভৈল।
শুকুলা দশমী আসি ভৈল শুক্ৰবাৰে।’’
১৪৪৯ খ্ৰীষ্টাব্দত আহিন-কাতি মাহত বৰদোৱাৰ আলিপুখুৰীত পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যাসন্ধা দেৱীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল শংকৰদেৱে। বুঢ়ীমাক খেৰসুতীয়ে লালন-পালন কৰা শংকৰৰ সৰুতে পঢ়াৰ প্ৰতি বিশেষ ধাউতি নাছিল। বুঢ়ীমাক খেৰসুতীয়ে ১২ বছৰ বয়সত মহেন্দ্ৰ কন্দলি টোলত নাম লগাই দিছিল শংকৰদেৱক। বৈষ্ণৱ ধৰ্ম, এক শৰণ নামধৰ্মৰ প্ৰতিষ্ঠাপক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতিৰ বাহক। একেধাৰে সমাজ সংগঠক, নাট্যকাৰ, অভিনেতা, চিত্ৰশিল্পী, নৃত্যশিল্পী, গীতিকাৰ, সুৰকাৰ তথা সৰ্ব গুণৰ অধিকাৰী আছিল শংকৰদেৱ।