নিশাৰ এনে কামে আপোনাক দিনটো কৰি ৰাখিব সতেজ

01 Oct 2025

TV9 ASSAM

বহুলোকে পুৱা শুই উঠাৰ পৰা দিনটোলৈ অৱসাদ অনুভৱ কৰে। এনে অৱসাদ ভাবৰ বাবে দিনটো শুই-বহি কটাব বিচাৰে।

অৱসাদ

কেতিয়াবা পুষ্টিৰ অভাৱ আৰু মানসিক চাপেও এলাহ ভাবৰ সৃষ্টি কৰিব পাৰে। ফলত আপোনাৰ মেজাজো খিংখিঙীয়া হৈ উঠিব পাৰে।

এলাহৰ কাৰণ

দিনটোৰ অৱসাদৰ পৰা ৰক্ষা পাবলৈ জীৱনশৈলী সলনি কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে কিছু অভ্যাস বিদায় দি নতুন অভ্যাস গ্ৰহণ কৰা প্ৰয়োজন।

জীৱনশৈলী

পুৱা এলাহ ভাবৰ পৰা আঁতৰি থাকিব বিচাৰিলে আগনিশা উপযুক্ত সময়ত খাদ্য খোৱাটো জৰুৰী। প্ৰতি নিশা ৭-৮ বজাৰ ভিতৰত ৰাতিৰ আহাৰ খোৱা উচিত।

নিশাৰ আহাৰ

ৰাতিৰ আহাৰ যদি তেলীয়া হয় তেতিয়া হজম কৰাত কঠিন হয়। লগতে গধুৰ খাদ্য খোৱাৰ ফলত আপোনাৰ টোপনিত ব্যাঘাত জন্মিব পাৰে।

কেনে আহাৰ

দৈনন্দিন জীৱনত টোপনিৰ বাবে এক নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিব লাগিব। প্ৰতিদিনে নিশা ১০ বজাৰ ভিতৰত টোপনি যাব লাগে।

শোৱাৰ সময়

খাদ্য খোৱাৰ পিছত কমেও ১০-১৫ মিনিট খোজ কাঢ়িলে ভাল। ইয়াৰ ফলত হজম শক্তি উন্নত হয়। পুৱা সাৰ পাই লঘু অনুভৱ হয়। আপোনাৰ মেজাজ ভাল হয়।

খোজ কাঢ়িব

ভাল টোপনিৰ বাবে টিভি, মোবাইল, লেপটপৰ সময় কম কৰিব লাগিব। শুবলৈ যোৱাৰ সময়ত এনে গেজেট ব্যৱহাৰ কৰিলে টোপনিত ব্যাঘাত জন্মে।

ইলেক্ট্ৰনিক গেজেট

নিশা কফি, চাহ আৰু আন যিকোনো কেফেইনযুক্ত পানীয় সেৱন নকৰাটো ভাল। লগতে কাৰ্বনেটেড বা চেনিযুক্ত পানীয় আৰু মিঠাই সেৱন কৰা অনুচিত।

নিশা নাখাব

পঢ়িবলৈ ক্লিক কৰক 

উফিৰ বাবে চুলি সৰে নেকি?