TV9 ASSAM
উফিৰ সমস্যা সম্প্ৰতি বহু লোকৰ ক্ষেত্ৰত দেখা যায়। ইয়াৰ ফলত মূৰৰ ছাল আৰু চুলিৰ বহু সমস্যা হ’ব পাৰে।
উফিৰ ফলত প্ৰায়ে চুলি সৰা সমস্যাৰ সৃষ্টি হয় বুলি কোৱা হয়। এই কথা প্ৰকৃততে সঁচা হয় নে নহয়, সেই বিষয়ে বিশেষজ্ঞৰ পৰা জানো আহক।
দিল্লীৰ এপ’ল’ স্পেকট্ৰা হাস্পতালৰ ছালৰ বিশেষজ্ঞ ডাঃ সন্দীপ অৰোৰাই কয় যে যদি উফিৰ সমস্যা বৃদ্ধি পালে খজুৱতি হয় আৰু তেতিয়া চুলি সৰিব পাৰে।
তেওঁ কয় যে মূৰৰ ছাল বেয়া হ’লে চুলিৰ গুৰিত প্ৰভাৱ পৰে। ইয়াৰ ফলত চুলি দুৰ্বল হৈ গুৰিতে চিঙি যায়। গতিকে উফিক আওকাণ কৰিব নালাগে।
যদি আপুনি মূৰৰ ছালত খজুৱতি বা বিষ অনুভৱ কৰিছে, বা অত্যধিক উফি হৈছে, নিশ্চিতভাৱে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।
এণ্টি-ডেণ্ড্ৰ’ফ চেম্পুত মূৰৰ ছালত ভেঁকুৰৰ সংক্ৰমণ হ্ৰাস কৰাত সহায় কৰিব পৰা কিছুমান উপাদান থাকে। লগতে ছালৰ মৃত কণা আঁতৰাই পেলায়।
অত্যধিক ৰাসায়নিক পদাৰ্থ থকা চেম্পু ব্যৱহাৰ কৰিলেও চুলিৰ ক্ষতি হ’ব পাৰে। গতিকে চুলিৰ কোনো সমস্যা হ’লে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।
পঢ়িবলৈ ক্লিক কৰক
বৃক্ক বিকল হ'লে প্ৰস্ৰাৱত দেখা দিয়ে এনে লক্ষণ