শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
এইবাৰ পূজা মণ্ডপত দানৱ ৰূপত দেখা গ’ল শ্বেহবাজ আৰু ইউনুছক!

এইবাৰ পূজা মণ্ডপত দানৱ ৰূপত দেখা গ’ল শ্বেহবাজ আৰু ইউনুছক!

monjit-dutta
Monjit Dutta | Published: 01 Oct 2025 23:23 PM

এইবাৰ এক পূজা মণ্ডপত দেৱী দুৰ্গাই মহিষাসুৰক নহয়, বধ কৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছক। আনহাতে দেৱী দুৰ্গাই হাতত লৈ আছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ মুণ্ডমালা।

দেশজুৰি উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ। দুৰ্গা পূজাৰ আধ্যাত্মিক পৰিৱেশে স্পৰ্শ কৰিছে সকলোকে। সাধাৰণতে দুৰ্গা পূজা বুলিলেই সকলোৰে মনলৈ আহে মহিষমৰ্দিনী দুৰ্গাৰ প্ৰতিমূৰ্তিৰ ছবি। প্ৰতিটো দুৰ্গা পূজা মণ্ডপতে এনে দৃশ্যই দেখা পোৱা যায়। পিছে এইবাৰ এক পূজা মণ্ডপত দেৱী দুৰ্গাই মহিষাসুৰক নহয়, বধ কৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছক। আনহাতে দেৱী দুৰ্গাই হাতত লৈ আছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ মুণ্ডমালা।

অৰ্থাৎ দুই চুবুৰীয়া দেশৰ ৰাষ্ট্ৰনেতাক পূজা মণ্ডপটোত দানৱ হিচাপে দেখুওৱা হৈছে। কেৱল এয়াই নহয়, আন এক পূজা মণ্ডপত আকৌ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পকো দানৱ ৰূপত দেখিবলৈ পোৱা গৈছে। এই পূজা মণ্ডপকেইটা দেখিবলৈ পোৱা গৈছে পশ্চিম বংগত। এনে ব্যতিক্ৰমী প্ৰতিমূৰ্তিৰ বাবে এই পূজা মণ্ডপ দুটাই দৰ্শনাৰ্থীক যথেষ্ট আকৰ্ষিত কৰিছে।